Type Here to Get Search Results !

ক্ষতিপূৰণ

    দিতীমণি দত্ত 


   তীব্ৰ বেগেৰে অহা স্কৰপিয় গাড়ীখনে টাৰ্ণিংটোতে সন্তুলন হেৰুৱাই পথৰ দাঁতিত চৰি থকা  ছাগলীটো মহতিয়াই পকীবেৰখনত এটা খুন্দা মাৰি ৰৈ গ'ল। গাড়ীৰ ব্ৰেক আৰু ছাগলীটোৰ চিঞৰ মিলি সৃষ্টি হোৱা বিকট শব্দটোত  অলপ আঁতৰত থকা ঘৰটোৰ পৰা মহীকান্ত আৰু তাৰ ঘৈনীয়েক দৌৰি আহিল।তেজে লুতুৰি পুতুৰি  হোৱা ছাগলীটো সিহঁতৰ চকুৰ আগতে চটফটাই চঠফটাই নিথৰ হ'ল। মহীকান্তৰ ঘৈনীয়েকে আইঐ বিয়ৈ কৈ ছাগলীটোৰ ফালে উধাতু খাই ল'ৰ মাৰিলে।  "অ ,তহঁতৰ ছাগলী তাৰমানে? ৰাস্তাত ছাগলী কিয় এৰ' ? তহঁতৰ ছাগলীটোৰ বাবেই মোৰ ইমান দামী নতুন গাড়ীখনত দাগ লাগিল। কোনে ভৰিব এতিয়া  ইয়াৰ খৰছ  ? মোক খৰছ লাগিব নহ'লে মই সুদাই নেৰোঁ কাকো। " অশ্লীল শব্দ মিহলি হৈ অহা লেবালেব মাতকেইটাৰ লগতে ভেকেটা ভেকেট গোন্ধ এটা মহীকান্তৰ ফালে চোঁচা মাৰি আহিল। কোনোবাই লাঠি এডালেৰে মৰিয়াই মৰিয়াই ডালপাত ভাঙি বিধ্বস্ত কৰা গছ এজোপা যেন হোৱা মহীকান্তই  চকুকেইটা গাড়ীচলোৱা মানুহজনৰ ফালে ঘূৰাই দিলে। হালি জালি গাড়ীখনতে ভেজাদি  ৰৈ থকা মানুহজনলৈ মহীকান্তই চাই ভাবিলে, -  কাৰ যহত কোনে নিয়ে পানী,কাৰণ ভাগিন মৰিলে কাৰ হয় হানি। তাৰ মন মগজত এইমাত্ৰ ধুমুহা, শিল বৰষুণত বিধ্বস্ত হোৱা সপোন এটা লেবেজান হৈ ঢলি পৰিছে। একমাত্ৰ পুতেকৰ জটিল অপাৰেশ্যনটোৰ খৰছৰ বাবে  থোৱা শেষ ভৰষাটো হেৰুৱাই মহীকান্তৰ ঘৈনীয়েক বাউলী হৈছে। দোৰোল খোৱা জিভাৰে মানুহজনে থৰক বৰককৈ আহি মহীকান্তক গতিয়াই পুনৰ চিঞৰিলে ক্ষতিপূৰণ বিচাৰি। টকাৰ লোভত অন্ধ আৰু বিবেকশূন্য হোৱা মানুহজনলৈ আচৰিত ধৰনে মহীকান্তৰ সেইসময়ত খং ক্ষোভৰ সলনি পুতৌহে উপজিলে, এৰা কেৰেলুৱাৰ এটা ঠেং ভগাৰ দুখ আমাৰ দৰে কেলপনীয়া জীৱই কি বুজিব ! মহীকান্তই লাহে লাহে গৈ মৃত ছাগলীটোকে স্কৰপিয়খনত তুলি দিলে আৰু মুখেৰে এটাও শব্দ নোকোৱাকৈ  কান্দি কান্দি গছৰ পাত সৰাবলৈ ধৰা ঘৈনীয়েকক লৈ ঘৰলৈ উভতিল। গাড়ীৰ মানুহজনে তেতিয়াও কিবাকিবি চিঞৰি আছিল।আকাশলৈ চাই নিজক নিজে প্ৰবোধ দিয়াৰ চলেৰে মহীকান্তই ঘৈনীয়েকক ক'লে-  "গোম সাপৰ কণী ভঙাতকৈ ভগৱানকে সকলো সপি দিয়া ভাল অ পোনাৰ মাক তই জানো নেজান,  চহকীৰ নাওঁ বামেৰেও যায়, দুখীয়াৰ নাওঁ পানীৰেও নাযায়।আমাৰ দৰে মানুহৰ ভগৱন্তই একমাত্ৰ সাৰথি।

         ******************