গীতাঞ্জলি দেৱী
খেল পথাৰখনৰ পৰিৱেশ এতিয়া উত্তেজনাময় ।
বৈ থকা বতাহত আষাঢ় মহীয়া বেলিৰ উত্তাপ ,ঠিক যেন মৰুভূমিৰ দেই নিয়া শুষ্কতা ।
-তালৈ কাৰো ভ্ৰুক্ষেপ নাই ।
এতিয়া খেলাৰ সময় ,
নিয়ম অনিয়ম কৰাৰ সময় ।
সকলোৱে একে কথাকে কয় -
হয়নে, হয়নে কথাটো ?
হয় , হয় ।
ৰঙা ,নীলা, হালধীয়া, সেউজীয়া বিভিন্ন ৰঙৰ জাৰ্চী পিন্ধা অনেক খেলুৱৈয়ে পথাৰৰ আলি চিঙি দৌৰিছে , মাথো দৌৰিছে ।
মূহুূৰ্ততে বাজি উঠা ৰেফাৰিৰ হুইচেলৰ শব্দটোলৈও কাৰো কাণষাৰ নাই ।
তেওঁলোকে ভাৱে , তেওঁলোকে একে কথাকে কয়-
"বহু চৰায়ে মাছ খাই , মাছোৰোকাইহে নাম পায় ।"
হয়নে , হয়নে কথাটো ?
হয় , হয় ।
সকলোৰে পথাৰখন নিজৰ কৰি লোৱাৰ মন ,
নিয়ম- অনিয়মৰ কোনো কথা নাই ,
যেনে-তেনে কৰিব লাগে নিজক পন ।
হাতৰ হেতালি , ভৰিৰ কাৰচাজি ,
"কোনে কি কয় ?
কোনে কি কৰে ?
কাৰ কি যায়-আহে ?"
সকলোৱে একে কথাকে কয় ,
-"হয়নে ,হয়নে কথাটো ?"
হয় , হয় ।
জীৱন জিকিবলে' , জীৱন জিনিবলে' খেলখন খেলা ভাল ।
অভিনয় আৰু সুৰৰ মূৰ্চ্ছণাৰে ভুৱন ভুলোৱা এতিয়া অতীত কাল ।
আটায়ে নিজক পাহৰি
নিজে-নিজে পথাৰখনত জিলিকি থাকিব লাগে সৰ্বতিকাল ।
তেওঁলোকে কিন্তু ভৱা নাই কথাটো ,
" আচলতে তেওঁলোক হ'ব খুজিছে লেতেৰা ।"
দৰ্শকৰ মুখে-মুখে জিলিকিছে ক্ষোভ আৰু হতাশা ।
লৈ আছে জ্বলন্ত প্ৰশ্ন একোটা ।
আটায়ে একেমুখে সুধিলে -
"হয়নে, হয়নে কথাটো ?"
হয় , হয়, হয় ।
বোলো হয়, হয়, হয় ।