Type Here to Get Search Results !

কাব্য সংকলনঃ হৃদয়ৰ বাৰ্তা

 আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া 


সুলেখিকা, কবি শ্ৰদ্ধেয়া  দীপালী শইকীয়া গগৈৰ" হৃদয়ৰ  বাৰ্তা  তেখেতৰ তৃতীয় খন কাব্য সংকলন  । আউনাআটীৰ হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা  তথা প্ৰবীণ কবিগৰাকীয়ে  অসমৰ আগশাৰীৰ আলোচনী সাতসৰী  গৰিয়সীৰ  উপৰিও বিভিন্ন বাতৰিকাকতৰ  পুৰণা লেখিকা । তেখেতে  জিলাভিত্তিক কৃৰ্তী শিক্ষকৰ বঁটা, ড০ আম্বেদকাৰ বঁটা, কাব্যকুঞ্জ বঁটা আদি কৰি তেখেতে  বিভিন্ন অনুষ্ঠানৰ  পৰা তেখেতৰ লিখনিৰ জৰিয়তে সন্মান বুটলিবলৈ সক্ষম হৈছে ।
    দিগ্ দৰ্শন প্ৰকাশনে প্ৰস্তুত কৰি উলিওৱা কবি দীপালী শইকীয়া গগৈৰ কাব্য সংকলন খনত মুঠ  তিনিকুৰিৰো অধিক কবিতাৰে সমৃদ্ধ । বেটুপাত অলংকৰণ  চিত্ৰশিল্পী জুলি  বৰুৱাৰ । কাব্য সংকলন খন তেখেতৰ শ্ৰদ্ধাৰ ককায়েক জ্যোতি প্ৰসাদ শইকীয়া আৰু বৌয়েক মীৰা শইকীয়াৰ হাতত অৰ্পণ  কৰিছে  । তেখেতৰ কবিতাত আধ্যাত্মিক চিন্তা, প্ৰেম, বিৰহ, জীৱনবোধ, মানৱতা, প্ৰকৃতি, সমাজ আদি প্ৰায়বোৰ বিষয়ৰ  কবিতাৰ প্ৰয়োভৰ দেখা পোৱা যায় কাব্য সংকলন খনত ।
  সহজ সৰল ভাষাশৈলী, প্ৰতিটো কবিতা উপস্থাপন, কাব্যিক অলংকাৰৰ সুপ্ৰয়োগ মন কৰিবলগীয়া । কবিৰ নিপুণ হাতৰ পৰশত অনুভৱৰ কাপেৰে বৈ আহিছে কাব্যিক নিজৰা । যিয়ে পাঠকৰ মন পৰশি যাবলৈ সক্ষম হৈছে । প্ৰতিটো কবিতা পাঠকৰ বোধগম্য হোৱাকৈ সজাই তুলিছে কাব্যিক চিত্ৰপট  ।জীৱনবোধৰ ওপৰত লিখা কেইবাটাও  কবিতাৰ উপৰিও আধ্যাত্মিক চিন্তাৰে সমৃদ্ধ  কবিতাবোৰে  পাঠকৰ মনত গভীৰ ভাৱে ৰেখাপাত
কৰিব পাৰে । কবিয়ে কবিতাত  মৌলিক সৃষ্টিৰ মৰ্য্যদা বিৰাজমান  ।
    কবি দীপালী শইকীয়া গগৈৰ  "হৃদয়ৰ বাৰ্তা" কাব্য সংকলন খনৰ  প্ৰথম কবিতা, "কৃষ্ণ ভক্তি যুগে যুগে" (পৃষ্ঠা নং  ৭) কবিতাটোত  শ্ৰীকৃষ্ণৰ মহাত্ম প্ৰকাশৰ লগতে  শাৰদীয় স্নিগ্ধ নিশা  ৰাসোৎসৱৰ লগতে বজ্ৰধামত কৃষ্ণই  কৰা লীলা আৰু  মহাত্মৰ বিষয়ে উল্লেখ কৰিছে । 
যুগে যুগে  মানৱ সমাজে ভগৱান কৃষ্ণৰ নাম শ্ৰৱণ, কীৰ্তন  কৰি হৃদয়ত পৰম শান্তি লভিব পাৰে, সেই কথা তেখেতে  অতি সুন্দৰকৈ সৰল তথা প্ৰাঞ্জল  ভাষাৰে বৰ্ণনা কৰিছে। 
"হৰিনাম শ্ৰৱণ কীৰ্তনত হিয়ামন/পুলকিত হোৱাৰ আবেশ 
ৰঞ্জিত /ধ্বনিময়, ছন্দময় জীৱন প্ৰবাহ /পৰমাকাংক্ষিত
প্ৰতিদিন প্ৰতিক্ষণ /মুক্তাক্ষৰা  মধুৰ লগন । 
  নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী শংকৰদেৱে তেখেতৰ সৃষ্টিৰাজীৰ মাজেৰে ভগৱান কৃষ্ণৰ  শিশুলীলাৰ পৰা  আৰম্ভ কৰি  তেখেতৰ বিভিন্ন কৰ্মৰাজীৰ বিষয়ে উল্লেখ কৰিছে । সেই কথা কবিয়ে তেওঁৰ কাব্যিকতাৰ যোগেদি  প্ৰকাশ কৰিছে । বৰগীত, নাট, ভাওনা আদিৰ জৰিয়তে 
কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে  সকলো মানুহকে একতাৰ ডোলেৰে বান্ধি সংস্কৃতিৰ এনাজৰীডাল সুদৃঢ় কৰিছিল । সেই কথাও কবিয়ে কবিতাৰ যোগেদি স্পষ্টকৈ প্ৰকাশ কৰিছে  । 
"আমাৰ শংকৰ পুৰুষে খোল তাল/ম়দংগৰ সৃষ্টিয়ে নাট
ভাওনা প্ৰদৰ্শনেৰে/ঐক্যৰ এনাজৰী ডাল কটকটীয়া 
কৰাৰ /নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিলে ।" 
     সুন্দৰ শব্দ চয়ন আৰু ব্যঞ্জনাময় ভাষাৰে ৰচনা কৰা প্ৰিয় কবিৰ "কাঞ্চনমতী" (পৃষ্ঠা নং ২২) নামৰ কবিতাটিত কবিয়ে ফুলৰ দৰে লহপহকৈ বাঢ়ি অহা কাঞ্চনমতী নামৰ মোহময়ী দুহিতা গৰাকী কেনেকৈ মানৱৰূপী দানৱৰ হাতত ধৰ্ষিতা হৈ জীয়াতু ভূগিব লগা হ'ল, সেই হৃদয়স্পৰ্শী
প্ৰতিচ্ছবিখন পৰিস্ফুট কৰি তুলিছে  কবিতাটিৰ  যোগেদি। এচাম দানৱৰ  হাতত যুগে যুগে নাৰীয়ে বঞ্চনাৰ বলি হৈ  দূৰ্বিসহ  জীৱন অতিবাহিত কৰিবলগীয়া  হৈছে, সেইকথা কাঞ্চনমতীৰ জৰিয়তে সমাজলৈ  এটা জলন্ত সমস্যাৰ  বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। কাঞ্চনমতীৰ হাজাৰ অনুনয় বিনয়কো নৰাধমহঁতে  কটাক্ষ নকৰি  দেহৰ অংগ প্ৰতংগ ফালি চিৰি মষিমূৰ কৰি জীৱন বন্তি  নুমুৱাই পেলাবলৈ কুন্ঠাবোধ নকৰিলে। 
বাস্তৱ জীৱনত দেখি থকা ঘটনাবোৰৰ পৰিপেক্ষিতত  কবিৰ কাপেৰে নিগৰি আহিছে ক্ষোভ আৰু ঘৃণা । তাকে কবিয়ে প্ৰকাশ কৰিছে কাব্যিক অনুভৱেৰে  । 
"তাইৰ  সৌন্দৰ্য্যই লগালে/ খলক নন্দন পুৰত / কণমানি 
কলিজা খন/ আঁজুৰি আঁজুৰি তাইক কৰিলে /বাকৰূদ্ধ 
চেতনাৰহিত জড় /কেনেকৈ জীয়াই থাকিব /অমানুহৰে
ভৰপুৰ এই মুলুকত  ।" 
    এইদৰেই চালে আমি কবি দীপালী শইকীয়া গগৈৰ  কবিতাত  বিচাৰি পাওঁ সময়োপযোগী, বাস্তৱৰ প্ৰতিফলন ঘটা কবিতা । প্ৰতিটো কবিতাই ভিন্ন স্বাদেৰে পাঠকৰ সমাজলৈ   বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে । সুন্দৰ চিত্ৰকল্প, ছন্দৰ সাৱলীলতা, শব্দ চয়ন কথনভংগীয়ে প্ৰিয় কবিৰ কবিতাবোৰ আবেদনময় আৰু ৰসঘন কৰি তুলিছে । প্ৰেমানুভূতিৰে ৰঞ্জিত কবিতাৰ যোগেদি কবিয়ে পাঠকৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছে । কাব্যিক অলংকাৰ ব্যৱহাৰৰ ক্ষেত্ৰটো কবি সদা সচেতন ।  মোৰ ক্ষুদ্ৰ অনুভৱেৰে দীপালী শইকীয়া গগৈ বাইদেউৰ সুন্দৰ কবিতা পুথিখন পঢ়ি কি পালো তাকে প্ৰকাশ কৰিলো । অদূৰ ভবিষ্যতে প্ৰিয় কবিৰ সুনিপুণ হাতৰ পৰশত নিগৰি আহক নিত্য নতুন কাব্যিক অনুভৱৰ  নিজৰা  ।  কৃষ্টিৰ পথাৰ নৱ সৃষ্টিৰে জীপাল হওক, এইয়াই আমাৰ শুভকামনা । 
   শেষত প্ৰিয় কবিৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি  অজানিতে ৰৈ যোৱা ভুলৰ ক্ষমা বিচাৰিলো ।