Type Here to Get Search Results !

সুখৰ অন্য এক সংজ্ঞা

 ভূমিত্ৰা দাস



       মেকুৰীয়ে বাট কাটিলে দুখোজ পিচুৱাই যাব  লাগে বুলি ৰিয়াই শাহুয়েকৰ পৰা শিকিছিলে । বিয়াৰ পিছদিনা ঘৰৰ ওচৰৰে নামঘৰটোলৈ শাহুয়েকে ৰিয়াক লৈ গ'ল, শৰাই এভাগ দিও বুলি । গৈ থাকোতে ৰাস্তাৰে সিহঁতৰ আগেৰে মেকুৰী এটা পাৰ  হৈ গ'ল। শাহুয়েকে  "ৰিয়া , ৰ'বাচোন, দুখোজ পিচুৱাই আহা।" 
"কিয় মা?" ৰিয়াই সুধিলে।
"জানানে ৰিয়া, মেকুৰীয়ে বাট কাটিলে দুখোজ পিচুৱাই আহিব লাগে ।  অমংগল হোৱাৰ পৰা হাত সাৰিব পাৰি । ব'লা এতিয়া।" সেই তেতিয়াৰ পৰাই তাইও কৰোবালৈ গ'লে শাহুয়েকৰ কথা মতে মেকুৰী দেখিলে দুখোজ পিচুৱাই আহে। ৰিয়াই গাভৰু সাজ পিন্ধাৰ পাছতে মাক ঢুকোৱাৰ বাবে তাই বৰ বেছি কথা নাজানে । তাইক শিকাবলৈ ডাঙৰ বৌয়েক হে আছে মহিলাৰ ভিতৰত । তেওঁ পিছে ৰিয়াক চকু পাৰিও দেখিব নোৱাৰে।   দুই ককায়েকৰ মাজত ৰিয়া একমাত্ৰ ভনীয়েক। দেউতাক আছিল যদিও ৰিয়া হায়াৰ ছেকেণ্ডাৰি পাছ কৰা পিছত তেখেতো ঢুকাল ।
   হঠাৎ মেকুৰী এটা তাইৰ আগেৰে পাৰ হৈ যোৱাত তাই পিচুৱাই আহিলত তাইৰ এনেকুৱা ভাব হ'ল তাই যেন কৰোবাত খুন্দা এটা মাৰিলে। হয় তাই কাৰোবাক খুন্দা  মাৰিলে । মূহুৰ্ততে ঘূৰি চাই তাই আচৰিত হ'ল "নীলু তুমি?" নীলু তাইৰ পূৰ্বৰ প্ৰেমিক । বিয়াৰ পাছত প্ৰথমবাৰ তাৰ লগত তাইৰ দেখা দেখি হ'ল তাতো ৰাস্তাত এনেদৰে খুন্দা লগা অৱস্থাত। "অহ....sorry ....আৰে ৰিয়া তুমি?" এক মূহুৰ্তৰ বাবে নীলুৱে পাহৰি গৈছিল তাই যে বিবাহিতা। অৱশ্যে বিবাহিতা বুলি ভাবিবলৈ তাইৰ একো চিন দেখিবলৈও সি পোৱা নাই ; এযোৰ চেলোৱাৰ কাপোৰ, সেওতাৰ সেন্দুৰ কণ তাৰ চকুৱে বিচাৰি নাপালে। পিছ মুহূৰ্ততে যেতিয়া সি ভাবিলে আজিকালি মহিলাসকলে ফোঁট ল'লে সেওতাৰ সেন্দুৰ কণ নলয় আৰু  সেন্দুৰ ল'লে  কপালত ফোঁট নলয় এয়া আধুনিক যুগৰ মহিলাৰ ফেশ্বন। গতিকে ৰিয়া বিবাহিতা। সি ঘৰলৈ আহিয়ে ৰিয়া বিয়া হৈ যোৱা কথাটো জানিছিল বন্ধু এজনৰ মুখৰ পৰা । আজি এনেদৰে লগ পোৱা কথা ভবাই নাছিল সি। ৰিয়াৰো একে অৱস্থা । নীলুক দেখি তাইৰো অতীতৰ পৃষ্ঠাসমূহ জুকিয়াই চাব মন গ'ল। উভতি গ'ল সেই  দিনটোলৈ যিদিনা তাই প্ৰথম লগ পাইছিল নীলু  ; মানে নীলমণি বৰাক। 
    ৰাতিপুৱা ৬ বজাত নিজৰ চাইকেল খন লৈ ৰিয়া টিউচনলৈ যায় । সেইদিনা ও তাই চাইকেল চলাই সিহঁতৰ ঘৰৰ সন্মুখৰ আধা পকী আধা কেঁচা ৰাস্তাটোৰে গৈ গৈ ঠিক টিউচন মাষ্টাৰৰ ঘৰ পাবহি তেনেতে ঘটিল নহয় অঘটন । তাই কি কৰে কি নকৰে উপায় নাপায় ইফালে-সিফালে চাই পঠিয়ালে কোনোবা ওচৰত আছে নেকি!! নাই কোনো নাই। আঘোণৰ ৰাতিপুৱা কোনেনো ৬ বজাতে বিছনা এৰিব!! বহুপৰ চাই থাকোঁতে তাই দেখিলে কোনোবা এজন আহি আছে। হয়  তাই ঠিকেই দেখিছে। ৰাস্তাৰে নীলমণি খোজ কাঢ়ি আহি তাইৰ কাষ পোৱাৰ লগে লগে তাই কৈ উঠিল 
"বেয়া নাপায় যদি মোক এটা হেল্প কৰি দিব পাৰিব নেকি?" 
"কি বা হেল্প লাগে তোমাক " । 
  ৰিয়া ক্লাছ নাইনত পঢ়া । দেখিবলৈ তেনেই সৰু ছোৱালী নিচিনা । সেয়ে  হায়াৰ ছেকেণ্ডাৰি পঢ়ি থকা নীলমণিয়ে   তাইক প্ৰথম চিনাকিতে তুমি বুলি মাতিলে । 
  "আপুনি মোৰ চাইকেলৰ চেইনডাল লগাই দিব পাৰিব নেকি? মই টিউচনলৈ যাব আহিছো  । সৌ কেকুৰীটো দেখিছে নহয় তাৰ পৰা অকমান বাট গৈ চাৰৰ ঘৰ । এইকণ বাটতে চেইনডাল পৰিব লাগে নে?" 
"হ'ব দিয়া ইমান চিন্তা কৰিব নালাগে মই তোমাক হেল্প কৰি দিব পাৰিম। " বুলি কৈ নীলমণি ৰিয়াৰ চাইকেলৰ চেইনডাল তুলি দিলে। তাই নীলমণিক ধন্যবাদ দি যাবলৈ ওলাল তেনেতে  "ৰ'বাচোন তোমাৰ নামটো কৈ যাবা নেকি? আৰু ঘৰ? নীলমণিৰ প্ৰশ্নৰ উত্তৰ দি তাই লৰালৰিকৈ চাইকেল চলাই টিউচন মাষ্টৰৰ  ঘৰমুৱা হ'ল। নীলমণি থৰ হৈ তাইলৈ বহুপৰ চাই থাকিল । নাচাবনো কিয় ৰিয়াজনী তেনেই মৰমলগা;   চালে চাই থাকিব মন যায় । 
   নীলমণি ৰিয়াহঁতৰ গাঁৱলৈ কিছুদিন থাকিব আহিছে পেহীয়েকৰ ঘৰত । ৰিয়াৰ সৈতে একেলগে পঢ়া সুজাতাৰ মোমায়েকৰ ল'ৰা সি।  সিদিনা ৰিয়াৰ চেইনডাল ঠিক কৰি দি গৈ ভনীয়েক সুজাতাক ৰাস্তাত কেনেদৰে লগ পালে ৰিয়াক সি সকলো বিৱৰি ক'লে । সুজাতাই সুবিধা বুজি ককায়েক নীলমণিক কামুৰিব আৰম্ভ কৰিলে " বাহ দাদা  তুমি মানে চিনেমাৰ হিৰো হৈ গ'লা । চিনেমাত হিৰোয়িনে কিবা অসুবিধাত পৰিলে আনফালৰ পৰা সাউৎকৈ হিৰোৰ পদাৰ্পণ হয় যে তুমি ও মানে আজি ...... পিছে দেখিবলৈ কেনেকুৱা লাগিছে তাইক তোমাৰ? মন আছে যদি কৈ দিব পাৰা মোক ; মই কামফেৰা আগুৱাই নিব পাৰিম "   "ধেৎ এইজনী " বুলি সি ভনীয়েক সুজাতাৰ মূৰতে এখুন্দা মাৰি তাইৰ ওচৰৰ পৰা আঁতৰি  গ'ল ।  সি সেই মূহুৰ্তলৈকে জনা নাছিল সুজাতা আৰু ৰিয়া একেলগে একেখন স্কুলতে পঢ়ে বুলি ।  সুজাতাইও ককায়েক নীলমণিক চাৰপ্ৰাইজ দিব বুলি কথাটো কোৱা নাই। 

    এদিন সুজাতাই নীলমণি সিহঁতৰ ঘৰত থকা সময়ত ৰিয়াক স্কুলৰ পৰাই তাইৰ ঘৰলৈ লৈ আহিলে। দুয়ো সুজাতাৰ ৰুমতে কথা পাতি পাতি এটা সময়ত সুজাতা পাকঘৰলৈ গ'ল। সেই খিনি সময়তেই চল কৰি সুজাতাই কিবা এটা আনিব দি নীলমণিক তাইৰ ৰুমলৈ পঠালে । 

   "আৰে তুমি! মই ঠিক ধৰিব পাৰিছো নে? তুমি ৰিয়া নহয় জানো; সিদিনা যে চাই....." সি আধা কথা কওঁতে তাই মাত দিলে " হয় হয় মই ৰিয়া। কিন্তু আপুনি ইয়াত যে? সুজাতা কি হয় আপোনাৰ? মই আগতেটো আপোনাক ইয়াত কোনোদিন দেখা নাই ।"  " হে হৰি ইমান গাল প্ৰশ্ন একেলগে সুধি দিলে মই কেনেকৈ উত্তৰ দিও একেলগে?" নীলমণি কৈ পেলাই তাইৰ পিনে চাই হাঁহি এটা মাৰি দিলে  আৰু লাহে লাহে সকলো ক'লে তাইৰ আগত। দুয়ো কিছু সময় কথা পতাৰ পিছত সুজাতাই   "উহু উহু কি হৈছে এইবোৰ এনেদৰে এজনী ছোৱালীৰ লগত ডেকা ল'ৰা ই কথা পাতি আছা যে"?  " ৰ তোক চাও এইজনীক" বুলি তাইৰ কাণ এখনত তাৰ হাতেৰে যোৰেৰে মোহাৰি দিওঁতে তাই উ মা চিঞৰি দিলে আৰু মাকে আহি "অই কি হৈছে তহঁতৰ " বুলি দুয়োকে খং কৰি কৈ থাকোতে দেখিলে ৰিয়া আছে সুজাতাৰ ৰুমতে । "ৰিয়া! কেতিয়া আহিলা?"
 "হ'ল কিছু সময় মাহীদেউ"। 
 "দেখিছানে ইহঁতক সি আহিবৰ পৰাই তাই তাক শান্তি নিদিয়ে কিবা নহয় কিবা কথাত লাগিয়ে থাকে । মোৰ এতিয়া দুই ম'হৰ যুঁযত বিৰিণাৰ মৰণ হৈছেও। বহা তোমালোকে মই চাহ বাকো গৈ তোমালোকলৈ "। 

এন্ধাৰ হোৱাৰ আগতে ৰিয়াক নীলমণি আৰু সুজাতাই আগবঢ়াই থলে। 
এদিন দুদিনকৈ কেবাদিনো লগ পালে ৰিয়াক নীলমণিয়ে । বহুতো কথা পাতিলে দুয়ো । এদিন তাৰ সুজাতাহঁতৰ পৰা যাব হ'ল । যোৱাৰ আগদিনাখন সি ৰিয়াক লগ ধৰিলে অকলে এক নিৰ্জন ঠাইত ।  সেইদিনা তাইৰো মন বেয়া। এইকেইদিন ঘনাই লগ পাই থকা নীলমণিক তাই মনে মনে কিবা এটা আকৰ্ষণ অনুভৱ কৰিছিল । কওঁ কওঁ বুলি ক'বলৈ বহু কথা ৰৈ গ'ল। 
"ৰিয়া কি ভাবি আছা? মই  যি ভাবি আছো তুমিও সেয়াই ভাবি আছা নে?" 
"মানে" চোৰ কৰি ধৰা পৰা মানুহৰ দৰে তাই নীলমণিলৈ সুধিলে । 
"অ ৰিয়া মই তোমাক ভাল পাই পেলাইছো। তুমিও মোক নিশ্চয় ভাল পোৱা ? কোৱা ৰিয়া তুমি মোক ভালপোৱা বুলি ।"
   "কি কম আপুনি  চোন মোৰ মনৰ কথা বুজি পাইছেই। "
"সঁচা নে ৰিয়া? 
"সঁচা মইও আপোনাক ভাল পাও"  । 
"ঠিক আছে তেতিয়া হ'লে এতিয়াৰ পৰা তুমি মোক আপুনি নহয় তুমি বুলি মাতিবা।"
"মোৰ যে লাজ লাগিব আপোনাক তুমি বুলি মাতিবলৈ"  । 
"চাওঁ কিহৰ লাজ? " বুলি নীলমণি ৰিয়াৰ হাত দুখনত ধৰি তাৰ নিচেই কাষলৈ আনিলে। 
"ইচ এৰি দিয়ক না কোনোবাই দেখিব"।
"নাই নিদিও যেতিয়ালৈকে তুমি মোক তুমি বুলি নামাতা।"
"হ'ব দিয়া এতিয়া এৰি দিয়া ঘৰলৈ যাব লাগে অকমান পলম হ'লে ঘৰত চিন্তা কৰিব।" সেইদিনা লগ পোৱাৰ পাছত সিহঁতে বহুদিন লগ পোৱা নাছিল যদিও মাজে সময়ে সি সুজাতাৰ ঘৰলৈ আহি হ'লেও তাইক  লগ কৰিছিল । এটা সময়ত সিহঁতৰ সম্পৰ্ক এনেকুৱা হ'ল ইজনে সিজনক এৰি চলিব নোৱাৰে । সেয়ে নীলমণি সুজাতাৰ ফোনত ফোন কৰি ৰিয়াৰ সৈতে কথা পাতে। ৰিয়াৰ নিজাকৈ ফোন নাছিল।  এদিন ৰিয়া আৰু সুজাতা কলেজ পালে  । ডাঙৰ ককায়েকে কলেজ পাওঁতে ম'বাইল এটা দিব ওলাইছিলে কিন্তু ডাঙৰ বৌয়েকে দিব নিদিলে। কলেজত পঢ়ি থকা সময়তো নীলমণি সুজাতাহঁতৰ ঘৰত গ'লে ৰিয়াক লগ কৰে। ৰিয়াৰ লগত সম্পৰ্কটো গঢ়ি উঠাৰ পিছত সি প্ৰায় সঘনাই সুজাতাৰ ঘৰত গৈ থকা হ'ল। প্ৰথম অৱস্থাত পেহীয়েকে একো ভু পোৱা নাছিলে পিছত সুজাতাৰ পৰা  সকলো জানিও নীলমণি ক বাধা দিয়া নাছিল কাৰণ ৰিয়া খুব ভাল ছোৱালী। পঢ়া শুনাত বৰ চোকা লগতে কাম বন নিখুঁতকৈ কৰিব পাৰে।

  "হেল্লো মৰিবলৈ ঠাই নাপালে আৰু" ৰিয়া আৰু নীলমণি মাজ ৰাস্তাত ইজনে সিজনক চাই থকা অৱস্থাত কোনোবা পথিক এজনে এনেদৰে কোৱাতহে ৰিয়া অতীতৰ পৰা বৰ্তমানলৈ উভতি আহিল ।  নীলমণি তাইক মাত এষাৰো ভালদৰে নিদিয়াকৈ যাব ওলাল।  "কি হ'ল নীলু দেখিও নেদেখাৰ দৰে অচিনাকি মানুহৰ দৰে যাব ওলাইছা যে? এবাৰো নুসুধিলা যে মই কেনে আছো বুলি?"
"কি সুধিম? সুধিবলগা কিবা জানো আছে? অহ অভিনন্দন দিব পাৰো তোমাৰ বিয়াৰ । তোমাৰ সুখৰ সংসাৰখনলৈ শুভেচ্ছা থাকিল । মই যাওঁ ইয়াত লোকৰ পত্নীৰ সৈতে কথা পাতি থকা মোৰ কোনো ইচ্ছা নাই আৰু তুমি ভদ্ৰ মহিলা যদি হোৱা তেন্তে সোনকালে আঁতৰি যোৱাই ভাল। আৰু চৰিত্ৰহীন হোৱা যদি আন কাৰোবাৰ ওচৰত যোৱা মোৰ লগত সেইবোৰ নকৰিবা।" 

"নীলু তুমি! তুমি মোক ইমান বেয়াকৈ ক'ব পাৰিছা? এবাৰটো মোৰ কথা জানি লোৱা। এদিন এই ৰিয়াৰ প্ৰেমত পাগল হৈ গৈছিলা আৰু আজি??"

"নক'বা তুমি প্ৰেমৰ কথা। প্ৰেম শব্দটো তোমাৰ মুখত শোভা নাপায় ৰিয়া । অ ৰিয়া 
 মই তোমাক হে ঘৃণ কৰোঁ । তোমাৰ আৰু মোৰ মাজত থকা সেই  প্ৰেমক নহয়   । সেই প্ৰেম আজিও মোৰ হৃদয়ত সজীৱ হৈ আছে   । আজিলৈকে কাকো  মচি দিব দিয়া নাই । মোৰ বাবে প্ৰেম পূজা হয় ; তোমাৰ  দৰে প্ৰতাৰণা নহয়। গুড বাই"।
সি তাৰ পৰা আঁতৰি গ'ল আৰু তাইও বেজাৰ মনেৰে কলেজ পালে। 
ঘৰলৈ আহিও তাইৰ মনটো ভাল লাগি থকা নাছিল । তাই বাৰে বাৰে নিজকে নিজে প্ৰশ্ন কৰিছিল "কিয় মোৰ জীৱনটো এনে কৰিলা ; কিয় মই বাৰে বাৰে দুখ পাব লগা হৈছে ? মই কি পাপ কৰিছিলোঁ? দুদিনমান ভালদৰে জীয়াই থাকিব শিকোতে আকৌ অতীতক মোৰ সন্মুখত আনিলা কিয় কিয়?" 
কোঠাৰ ভিতৰতে তাই বহুত কান্দিলে। সন্ধিয়া পঢ়া টেবুলত গৈও পঢ়িব মন যোৱা নাছিল তাইৰ। শাহুয়েকে চাহ খাব মাতিব আহি দেখিলে ৰিয়াৰ দুচকু চলচলিয়া হৈ আছে। "কি হৈছে ৰিয়া তুমি কান্দিছা কিয়, কলেজত কোনোবাই কিবা ক'লে নেকি?  কোৱা মাজনী তুমি কিয় এনেকৈ আছা?" 
"নাই মা এনেই ।" ৰিয়াৰ কথাত শাহুয়েকে তাইৰ মূৰত হাত ফুৰাই পুনৰ সুধিলে "কোৱা ৰিয়া কি হৈছে তোমাৰ? তুমি কান্দিলে মোৰ বুকুখন বৰ বিষায় ও মাজনী। কাৰণ তোমাক দুখ দিয়া ব্যক্তিৰ ভিতৰত মই নিজেও। বহুত দুখৰ মাজত সোমাই দিলো তোমাক।"
"নাই নাই মা আপুনি মোক একো দুখ দিয়া নাই। আপুনি মোৰ হৃদয়ৰ মণিকূটত বন্ধ হৈ থকা আশাবোৰ জীয়াই তুলিলে মোৰ আশাবোৰ পূৰণ কৰালে আৰু নো কি লাগে! মা মোৰ পঢ়িবলৈ বৰ আশা আছিল। ডাঙৰ বৌৰ বাবে সেই আশা মচি পেলাব লগা হৈছিল; আৰু আপুনি মোৰ সেই আশা পূৰণ কৰিলে  !!" 
"কিন্তু তুমি কান্দিছা কিয়? মই মোৰ ল'ৰাৰ লগত তোমাৰ বিয়া পাতি নিজকে বহুত দোষী দোষী লাগিছে । ভবাই নাছিলোঁ সি তোমাক এনেকৈ বিয়াৰ এসপ্তাহ পাছতেই এৰি যাব! তাতো এজনী বিধৱা নাৰীৰ প্ৰেমৰ বাবে। মই বহুত ভুল কৰিলোঁ। ভাবিছিলোঁ সি তোমাৰ মৰমৰ বান্ধোনত পৰি  সেই বিধৱাজনীক পাহৰি যাব; কিন্তু ভবা কথা নহয় ওলাটাহে হ'ল। সি তোমাক মৰম কৰিবলৈ সুবিধাই দিলে বা ক'ত? মোক ক্ষমা কৰি দিয়া ৰিয়া মই বহুত দোষী ।" শাহুয়েকে ও হুকহুকাই কান্দিবলৈ ধৰিলে । শাহুয়েকেৰ চকুপানী ৰিয়াই সহিব নোৱাৰি সকলো অতীতৰ কথা কৈ দিলে লগতে আজি কলেজলৈ যাওঁতে নীলুক লগ পোৱা কথাটোও কৈ দিলে। 
ৰিয়াৰ লগতে নিজৰো চকুপানী মচি ৰিয়াক নিজৰ দুবাহুৰ মাজত লৈ ক'বলৈ  ধৰিলে "তুমি একো দোষ কৰা নাই । কোনোৱে তোমাক বিনা দোষত দোষী সজাব নোৱাৰে ৰিয়া । মই আছো তোমাৰ লগত। এদিন তোমাৰো সুদিন আহিব। সেইদিনা তুমি সুখৰ অন্য এক সংজ্ঞা বিচাৰি পাবা। আহা এতিয়া চাহ খাই পঢ়িবলৈ লোৱা। ভালদৰে পঢ়ি মোৰ ৰিয়াজনী ডাঙৰ মানুহ হ'ব লাগিব নহয়; আহা আহা।"
শাহুয়েকৰ কথাত তাই কিছু সান্ত্বনা পালে যদিও কেনেকৈ নো পাহৰে সেই দিন টো যিদিনা প্ৰথম নীলুক লগ পাইছিলে, কেনেকৈ পাহৰে সেই দিন টো যিদিনা তাই সেই নিৰ্জন ঠাইত নীলুৰ বুকুৰ উম লৈছিল;  কেনেকৈ পাহৰে মাক আৰু দেউতাকক হেৰুৱা দিনটো ; কেনেকৈ পাহৰে ডাঙৰ বৌয়েক আৰু সৰু ককায়েকে তাইৰ ওপৰত কৰা অত্যাচাৰবোৰ। সেই অত্যাচাৰ সহিব নোৱাৰি নিজৰ মনৰ ইচ্ছাৰ বিপৰীতে গৈ গুৱাহাটীৰ এজন সকলোৰে পৰিচিত উকিল জয়ন্ত বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল। সেয়ে তাইৰ জীৱনত আৰু এক নতুন কলা অধ্যায়ৰ আৰম্ভ হ'ল। বিয়াৰ প্ৰথম নিশা কইনা সাজত তাই দৰা জয়ন্তৰ অপেক্ষা কৰি থকা সময়ত তেওঁ আহি পোৱাত লৰালৰি তাই উৰণি লৈ সেৱা জনাব ওলাওঁতে  "ৰ'বা  কি কৰিছা তুমি মোৰ লগত এইবোৰ নকৰিবা । তোমাক মা ই পচন্দ কৰি ইয়ালৈ আনিছে গতিকে মাৰ লগতে সেইবোৰ কৰি থাকাগৈ " বুলি কৈ তেওঁ আনটো ৰুমত গৈ শুলে । বিয়াৰ আগত কোনোদিনে ৰিয়াক দৰাই চাব নগ'ল মাকেহে চাই পচন্দ কৰিলে। ডাঙৰ ককায়েকৰ চিনাকি মানুহ এজনে ঠিক কৰি দিছিল সিহঁতৰ বিয়া । ককায়েকক নীলমণিৰ কথা তাই কৈছিল কিন্তু তাই বা ডাঙৰ ককায়েক কোনোৱে নীলমণিক বিচাৰি নাপালে; সুজাতাহঁতেও দেউতাকৰ বদলি হোৱা  বাবে আন ঠাইলৈ গুচি গৈছিল । উপায়হীন হৈ ৰিয়া জয়ন্তৰ লগত বিয়াত বহিল। 

বিয়াৰ মাত্ৰ এসপ্তাহ মান পিছতে জয়ন্ত ই তাইক চিৰদিনৰ বাবে এৰি গুচি যায় তেওঁ ভালপোৱা বিধৱাজনীৰ সৈতে সংসাৰ কৰিবলৈ । 
 ৰিয়াৰ  কি কৰো কি নকৰো অৱস্থা হ'ল। তাইও জয়ন্ত যোৱাৰ পাছত তাৰ পৰা গুচি আহিবলৈ ডাঙৰ ককায়েকক মাতি পঠিয়ালে। 
 ককায়েকে  তাইক নিবলৈ আহি শাহুয়েকৰ লগত কথা পাতিল। ৰিয়াই একো জনা নাছিল তেওঁলোকে কি কথা পাতিছে। তাই হাতত কাপোৰৰ বেগখন লৈ শাহুয়েকক সেৱা জনাই "মা মই ককাইদেউৰ লগত যাব ওলাইছো।"
"ৰিয়া তুমি যাব নোৱাৰা মই তোমাক যাব নিদিও।"
কিন্তু কিয় মা? মই ইয়াত থাকি এতিয়া কি কৰিম ?"
"কৰিবলগীয়া বহুত কাম আছে; কিন্তু তোমাৰ নহয় মোৰ। বিয়াৰ আগত তোমাৰ ককায়েৰাক কথা দি থোৱা আছে তোমাক বিয়াৰ পিছতো পঢ়িবলৈ দিম ডাঙৰ মানুহ কৰিম মই তোমাক সুখ দিব নোৱাৰিলেও আকৌ দুখৰ মাজত ঠেলি দিব নোৱাৰিম। তোমাৰ ককায়েৰাই তোমাৰ ঘৰৰ কথা সকলো কৈছে। এতিয়া তুমি মোৰ বোৱাৰী নহয় মোৰ ছোৱালী হয়। মই তোমাৰ জীৱনত যি ভুল কৰিলোঁ সেয়া শুধৰণি কৰাৰ এটি সুযোগ দিয়া ৰিয়া। তোমাৰ জীৱনটো নতুনকৈ গঢ় দিম তুমি না নকৰিবা মই তোমাক হাতযোৰ কৰিছো।"
"মা, আপুনি কি কৰিছে এয়া "। তাই শাহুয়েকৰ দুহাত সাবটি ধৰিলে। ককায়েকেও তাইক বুজাই বঢ়াই শাহুয়েকৰ লগতে থৈ গুচি গ'ল। 
ৰিয়াৰ ডাঙৰ ককায়েক সেই যি গ'ল আৰু কেতিয়াও ভনীয়েকক চাবলৈ নাহিল। তেওঁ ৰিয়াৰ এই দুখৰ লগতে সৰু ভায়েক আৰু পত্নীৰ কথা সমাজত বু-বা ওলাত সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিলে। 
এতিয়া ৰিয়াৰ আপোন বুলিবলৈ একমাত্ৰ শাহুয়েক জনী । তাইক নিজৰ ছোৱালীৰ দৰেই  মৰমেৰে আকোৱালি ল'লে। ঘৰত একো কাম কৰিব নিদিয়ে । কেৱল পঢ়িবলৈ দিলে। একোৰে অভাৱ অনুভৱ কৰিব নিদিয়ে । লাহে লাহে তাই সকলো দুখ পাহৰি নতুন জীৱন আৰম্ভ কৰিলে ।
কিন্তু সময়ে তাইক পুনৰ নীলমণিৰ মুখামুখি হ'বলৈ দি কিহৰ ইংগিত দিলে তাই একোৱেই বুজিব পৰা নাই । 
বি এ, শেষ চেমিষ্টাৰৰ শেষৰ পৰীক্ষাৰ দিনা তাই কলেজৰ পৰা ওলাইছে হে তেতিয়াই তাইৰ সন্মুখত নীলমণি। 
"ৰিয়া মোৰ তোমাৰ লগত কথা আছে।"
"তুমি ! তুমি মোৰ লগত কি কথা পাতিবা সেইদিনা সকলো কৈছাই।" ৰিয়াৰ খং অভিমানে কোৱা কথাখিনি নীলমণি নুবুজা নহয় । "please ৰিয়া মোক এটা সুবিধা দিয়া। মই সকলো গম পাইছো । দুদিনমান আগত তোমাৰ শাহুমাক আকস্মিক ভাবে লগ পালো। প্ৰথমে মই একো জনা নাছিলো যদিও পিছত তেওঁৰ পৰাই জানিব পাৰিলো তেওঁ মোকে বিচাৰি আহিছিল । সিদিনা তেওঁ মোক তোমাৰ বিষয়ে সকলো ক'লে। sorry ৰিয়া তুমি মোক ক্ষমা কৰি দিয়া। আমি আকৌ এবাৰ লগ হ'ব নোৱাৰো নে? তুমি মান্তি হ'লে মই তোমাক  বিয়া পাতিব খোজো ৰিয়া। এতিয়াও সময় আছে আমি দুয়ো একলগ হোৱাৰ।"
"নাই নীলু মই সেইবোৰ ভাবিব নোৱাৰো।" 
"কিয় ৰিয়া? তুমি মোক ক্ষমা কৰি দিয়া নাই?? নে পাহৰি গ'লা আমাৰ সেই প্ৰেম; সপোন আৰু আশাবোৰ!"
" মই মোৰ প্ৰতিটো ইচ্ছা আশাক হৃদয়তে জ্বলাই জ্বলাই শেষ কৰি দিছো কাহানিবাই। এতিয়া মোৰ কোনো ইচ্ছা ও নাই আশা ও নাই । পাবলৈ ও নাই হেৰুৱাবলৈ ও নাই নীলু। তুমি যোৱাগৈ । "
"ঠিক আছে মই যাওঁ কিন্তু তোমালৈ সদায় ৰৈ থাকিম"।

ৰিয়াৰ জীৱনটো কৰ পৰা কি গতি কৰিব ধৰিছে সেয়া তাইৰ বাবে এক নুবুজা সাঁথৰ।  
ঘৰ আহি নীলমণিৰ কথা  শাহুয়েকক তাই ক'বলৈ নৌপাওতে শাহুয়েকে তাইক নীলমণিক লগ পোৱা কথা ক'লে লগতে আৰু এইটোও ক'লে তাই যেন নীলমণিৰ লগত পুনৰ বিয়া হয়। নিজৰ ল'ৰা জয়ন্ত ঘৰ এৰি যোৱাৰ পিছতে তাইৰ সেওতাৰ সেন্দুৰ শাহুয়েকে নিজ হাতে মচি দিছিলে আৰু এদিন পুনৰ নিজৰ ছোৱালীৰ দৰেই বিয়া দিব বুলি প্ৰতিজ্ঞা কৰিছিল। শাহুয়েকৰ সকলো সম্পত্তি ৰিয়াৰ নামত লেখি থৈছে । 
তাইক বাৰে বাৰে নীলমণি লগত বিয়াত বহিবলৈ কৈ শাহুয়েকে  ভাগৰি পৰিল। "ৰিয়া মই নাথাকিলে তোমাৰ কি হ'ব ভাবিলে দুখ হয় । মই ভালে কুশলে থাকোতে বিয়াখন পাতি দিব পাৰিলে মই শান্তি পাম মাজনী । তোমাক মোৰ শপত ।" শাহুয়েকে দিয়া শপতৰ বাবে তাই নীলমণিৰ সৈতে বিয়াত বহিবলৈ মান্তি হ'ল। 
দুয়োটা পৰিয়ালৰ মানুহৰ মাজত অহা যোৱা আৰু বিয়াৰ কথা আগবাঢ়িল । এদিন দুয়োৰে বিয়া খুব ধুমধামেৰে হৈ গ'ল।
বিয়াৰ এবছৰ পাৰ হোৱাৰ পিছতে ৰিয়া আৰু নীলমণিৰ জীৱনত এটি কণমানি ল'ৰা সন্তান আহিল। 
   ৰিয়াই শাহুয়েকে এদিন কোৱা ধৰণে সুখৰ অন্য  এক সংজ্ঞা বিচাৰি পালে ।