Type Here to Get Search Results !

সাঁচিপতীয়া পুথি

অনামিকা বুঢ়াগোহাঁই ফুকন 

তাহানি কালত মহা মহা ঋষিসকলৰ আজন্ম তপস্যালব্ধ জ্ঞান ৰাশিৰ সন্মিলিত হৈ উদ্ভাৱিত হৈ 'বেদ'ৰ সৃষ্টি হৈছিল। বেদৰ অৰ্থ জ্ঞান।আখৰৰ আবিষ্কাৰ হোৱাৰ আগতে হেনো বেদৰ উৎপত্তি হৈছিল।বিভিন্নজন ঋষিয়ে তেওঁ লোকে লাভ কৰা জ্ঞনৰাশি শিষ্যক পৰম্পৰা ক্ৰমে শিকাই যায়।আৰু শিষ্যসকলেও গুৰুৰ পৰা শুনা সেই জ্ঞানৰাশি মুখস্থ কৰি তাৰ তত্ত্ব অনুধাৱন কৰি তেওঁলোকে আকৌ তেওঁ লোকৰ  শিষ্যসকলক শিকায়।শুনি শুনি শিকিব লাগে বাবেই বেদৰ আন এটি নাম 'শ্ৰুতি'।পিছত যেতিয়া আখৰৰ সৃষ্টি হল তেতিয়াহে এইবোৰ লিপিবদ্ধ কৰা হল ।আগৰ দিনত আজিকালিৰ দৰে কাগজ -কলম বনোৱা কাৰখানা নতুবা প্ৰেছ নাছিল। সেয়েহে গছৰ বাকলি,গছৰ পাত আদিত নিজে বনোৱা চিয়াঁহীৰে লিখিব লাগিছিল।গছৰ বাকলিৰ পৰাই সাঁচিপাত তৈয়াৰ কৰা হয়।এই সাঁচিগছক আকৌ অগৰু গছ নামেৰেও জনা যায় ।এই গছবিধৰ পৰা সুগন্ধি 'আতৰ' তৈয়াৰ কৰে।সাঁচিগছৰ পৰা সাঁচিপাত উলিয়াবলৈ হলে প্ৰায় ১৫-১৬ বছৰ বয়সৰ দুহাত বা আঢ়ৈ হাত বেৰৰ গছ বাচি লৈ মাটিৰ পৰা দুহাতমান ওপৰত, তিনি-চাৰি হাতৰ পৰা আঠ-দহ হাত দীঘলকৈ আৰু এবেগেতৰ পৰা ডেৰ হাত -দুহাত বহলকৈ বাকলি এৰুৱা হয়।এই গছবিধ অহিয়া বাবে বাকলি চটা চটে এৰে । বাকলিৰ ভিতৰৰ ফাইলটো বগা আৰু মিহি, বাহিৰৰ ফালটোৰ বৰণ কলগছ পটুৱাৰ ওপৰ ফালটোৰ দৰে। সাঁচি গছৰ পৰা কাটি এৰুৱাই অনা বাকলিবোৰৰ ভিতৰৰ বগা ফালটো বাহিৰৰ মুৱাকৈ দি আৰু বাহিৰৰ সেউজীয়া ফালটো ভিতৰলৈ দি দহ-বাৰ দিন ৰ'দত শুকোৱা হয়।ৰ'দত শুকোৱাৰ পিছত যেতিয়া বাকলিবোৰ শুকায় আৰু নিশকতীয়া হৈ পৰে তেতিয়া বাকলিৰ বাহিৰ,অৰ্থাৎ সেউজীয়া ফালৰ চটা শিলেৰে নতুবা কাঠেৰে ঘঁহি ঘঁহি মিহি কৰি লৈ এৰাতি নিয়ৰত দিয়া হয়।তেনেকৈ নিয়ৰত দিলে বাকলিবোৰ কোমল হয় আৰু বাকলিৰ গাত লাগি থকা নিকৰিবোৰ সৰি পৰে।তাৰ পিছতহে সেইবোৰ পাতৰ আকাৰ অনুসৰি জোখত কাটি উলিয়ায় আৰু এঘন্টামান চেঁচা পানীত তিয়াই থৈ খাৰবিলাক উঠিবলৈ দি চোকা ছুৰীৰে বা দাৰে চাঁচি-চুঁচি মিহি আৰু নিমজ কৰা হয়।মিহি হলে ৰ'দত আকৌ এবাৰ শুকোৱা হয়।সম্পূৰ্ণ শুকালে জাও ইটা বা শিলেৰে ঘঁহি ঘঁহি বাকলিবোৰ তাম, সোনবৰণীয়া পাত যেন কৰি লোৱা হয় আৰু তেতিয়াহে ই লিখাৰ উপযুক্ত হৈ পৰে।এনেকৈ সাঁচি গছৰ বাকলিবিলাক সাঁচিপাতলৈ ৰূপান্তৰিত কৰি হাঁচিপাতত আগৰ দিনত লিখা হৈছিল।সাঁচিপাতত আখৰ লিখাৰ বাবে ব্যৱহৃত সজুলিসমূহ আছিল কাপ(হেন্দেল কলম),মহি(চিয়াঁহী),মহী চুঙা(দোৱাত)কটনি,আকমাৰি আৰু বিন্ধনা আদি। কাপ তৈয়াৰ কৰিছিল লেকেচীয়া বাঁহ বা চেকনিৰ নতুবা খাগৰি‌ অথবা ঢেকীয়াৰ গা-গছৰ পৰা।মহি অৰ্থাৎ চিঞাহী তৈয়াৰ কৰিছিল কেঁহৰাজ বনৰ ৰস চৰুৰ চাই বা বৰা চাউলৰ ছাই,গৰুৰ মূত,শিলিখা গছৰ ছাল,জাম গছৰ ছাল আদিক একেলগে লৈ জুইৰে সিজাই মাটিৰ চৰু এটাত ভৰাই নিয়ৰত থৈ দিব লাগে। চৰুটোৰ পৰা নিগৰি ওলোৱা ক'লা ৰঙৰ পনীয়া খিনিয়েই হ'ল অসমীয়া মহী অৰ্থাৎ চিঞাহী। এনেকৈ তৈয়াৰ কৰা চিঞাহীৰ আখৰবোৰ বহুশ বছৰলৈকে জিলিকি থাকে, আৰু ম্লান নপৰে।সা‍ঁচি পাতত লিখা ৰীতি আৰু প্ৰচলন সকলোতকৈ পুৰণি। সাঁচিপাতত লিখা পদ্ধতিটো খ্ৰীষ্টীয় সপ্তম শতিকাৰো আগৰে পৰা আছিল বুলিব পাৰি।কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই কটকী হ‌ংস বেগৰ হতুৱাই সেই সময়ত যিবোৰ উপঢৌকন উত্তৰ ভাৰতৰ চক্ৰৱৰ্তী ৰজাই পঠাইছিল তাৰ ভিতৰত বিভিন্ন মূল্যৱান সামগ্ৰিৰ লগতে সাঁচিপতীয়া পুথিও আছিল অন্যতম।আকৌ ছয়শ বছৰীয়া আহোম ৰজাদিনীয়া শাসন কালতো সাঁচিপাতে এক বিশেষ স্থান অধিকাৰ কৰিছিল।তেতিয়াৰ দিনত ৰজাঘৰীয়া চিঠি-পত্ৰ,বিচাৰৰ ৰায়,বিচাৰৰ তথ্য পাতি, মাটিৰ হিচাপ-পত্ৰ,জন্ম-পত্ৰিকা আদি সমগ্ৰ লেখা-মেলা সাঁচিপাততেই নিৰ্ভৰ কৰি চলিছিল।ঊনবিংশ শতিকাৰ মাজভাগলৈ বুৰঞ্জী, ধৰ্মগ্ৰ্ন্থ,মন্ত্ৰপুঠি আদি সাঁচিপতীয়া পুথি মানে প্ৰাচীন আৰু প্ৰামাণিক গ্ৰন্থ বুলি বা লেখা বুলি বিশ্বাস কৰিছিল।মানুহে নিজৰ কাপোৰ-কানিতকৈও সাঁচিপতীয়া পুথি আদৰ-যত্নকৈ ৰাখিছিল। হেঙুল হাইতাল বোলোৱা পুথিবোৰ লেখকে লিখোতে চাৰিওফালে আধা ইঞ্চিমানকৈ এৰি দিছিল।কেতিয়াবা আকৌ এই কাৰখিনিত লতা, পাত আদি অংকন কৰি লেখাখিনি মাজত ৰাখিছিল, তেনেবোৰ পুথিক 'লতা কটা 'পুথি বুলিছিল।সাঁচিপতীয়া পুথিৰ পাতবোৰৰ মাজেৰে এটা বিন্ধাও থাকে, সেইটোক'নাভী'বোলে।কিছুমানত আকৌ নাভী নিদিয়াকৈ এডাল বটিয়াৰে বন্ধা থাকে।সাঁচিপাতৰ আখৰবোৰ ছপা আখৰৰ দৰে ।এখন পুথিত হাজাৰ-বাৰশ পাত লিখিলেও এটা আখৰো সৰু-ডাঙৰ, উঠা-নমা নহয়।সাঁচিপতীয়া পুথিৰ আৰম্ভণি আৰু শেষৰ ফালে, অৰ্থাৎ ওপৰ আৰু তলত দুখন মিহি বাকলি(তক্তা)দি কাপোৰেৰে মেৰিয়াই থোৱাৰ নিয়ম।আজিও বিশ্বত অসমৰ সাঁচিপতীয়া পুথিয়ে পুৰণি ইতিহাস বুকুত কঢ়িয়াই গৌৰৱ-ধ্বজা উৰুৱাই আছে।