Type Here to Get Search Results !

বৰশিল

 খাদিমউদ্দিন আহমেদ



বৰশিল বৰশিল কেৱল নহয় এটি শিল 
সমন্বয়ৰ বাৰ্তা আছে লুকায় । 
পাহাৰ ভৈয়ামৰ মিলনৰ এনাজৰী 
গদাধৰ ডালিমীৰ প্ৰেমৰ স্মৃতিৰ চিন ।
দেশৰ স্বাৰ্থত ডালিমীক বিয়া কৰি 
বান্ধিছিল পাহাৰ ভৈয়ামৰ সেতু ।
আবেলি পৰতে বৰশিলতে বহি 
দিখৌ নৈত বৰশী বায় । 
 দেশৰে বতৰা জয়াৰে যান্ত্ৰণা 
পশ্চিমৰ পচুৱাই কাণে কাণে  কয় । 
সিপাৰে ডালিমী দিখৌৰে জুঁৱলিত 
বৰশিলৰ বুকুলৈ চায় । 
আবেলি পৰতে মাতে ৰিঙিয়াই 
যাবৰে হ'লনে নাই ।
জীৱন্ত কাহিনী বুকুতে সাৱতি 
আজিও বৰশিল আছে লুকায । 
ইতিহাসৰ পাতত মাথো বৰশিল আছে 
খবৰ ৰাখোতা কোনো যে নাই । 
প্ৰকৃতিৰ মোহময়ী পাহাৰ ভৈয়ামৰ মিলন ভূমি 
অসমৰ গৌৰৱ স্থলি । 
গদাধৰ ডালিমীৰ প্ৰেমৰ কাহিনী 
বৰশিলে উচুপি উচুপি কয় । 
আহিবনে গদাধৰ ডালিমীক কাষত লৈ 
হাততে বৰশী ল'ই