Type Here to Get Search Results !

ফেচবুক'ত বৌদ্ধিক চৰ্চা


 জুলী চাবুকধৰা 


                বৰ্তমান যুগত সৰ্বজন বিদিত যোগাযোগৰ মাধ্যম হিচাপে সামাজিক মাধ্যম শীৰ্ষত আছে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যমবিধ হৈছে 'ফেচবুক'। এই মাধ্যম ব্যৱহাৰ কৰা লোকসকলৰ ভিতৰত ভিন্ন  মানসিকতাৰ লোক আছে। কোনোৱে নিজৰ ব্যক্তিগত জীৱনৰ ৰং বিৰঙৰ আলোক চিত্ৰৰে ফেচবুকৰ পৃষ্ঠা শুৱনি কৰে আৰু কোনোৱে ফেচবুকৰ জৰিয়তে বৌদ্ধিক জগতখন শুৱনি কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে।
                সামাজিক মাধ্যমত বৌদ্ধিক চিন্তা চৰ্চাৰ বাবে যি সকলে কোনো সুযোগ হেৰুৱাব নিবিচাৰে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ সেইসকল লোক যিসকলে সামাজিক মাধ্যমত প্ৰজ্ঞাৰ সন্ধানত পিটপিটাই ফুৰে। বিভিন্ন কাৰণত আজিৰ মানুহৰ জীৱন ব্যস্ততাৰে পৰিপূৰ্ণ। ইচ্ছা কৰিলেও এখন কিতাপ মেলি পঢ়ি থাকিব পৰাকৈ সময় আৰু পৰিবেশ পৰিস্থিতিৰ অভাৱ অনুভৱ হয়। কিন্তু ইয়াৰ বিপৰীতে অজস্ৰ ব্যস্ততাৰ মাজতো মোবাইলটো চাবলৈ সময় সকলোৰে থাকে। বৌদ্ধিক চৰ্চাৰ এখন সুকীয়া মঞ্চ সামিজিক মাধ্যমত গঢ়ি উঠাৰ বাবে কিতাপ এখন বা গল্প বা উপন্যাস এখন পঢ়াৰ সুখকণ আমি হাততে লাভ কৰিছোঁ। নিজৰ কৰ্মব্যস্ততাৰ মাজতো থাপ মাৰি বিভিন্ন তথ্য 'ফেচবুক'ৰ পৰাই আমি পাবলৈ সক্ষম হৈছোঁ।

                প্ৰতিটো বিষয়ৰে ভাল বেয়া দুয়োটা দিশ থাকে। সামাজিক মাধ্যমৰো দুয়াটা দিশ থকাটো স্বাভাৱিক। কিন্তু নেতিবাচক দিশটোক গুৰুত্ব দিয়াতকৈ ইয়াৰ ইতিবাচক দিশটো লৈ আগবাঢ়ি যোৱাৰ মানসিকতা গ্ৰহণ কৰাতোহে যুক্তিসংগত। সামাজিক মাধ্যম হিচাপে 'ফেচবুক'ৰ উচিত ব্যৱহাৰ কৰি কেৱল ভালখিনি বুটলি ল'ব পাৰিলে সমাজত বহু ক্ষেত্ৰত  সচেতনতা আৰু জীৱন উদযাপন কৰাৰ সঠিক দিশৰো সম্ভেদ পোৱা যায়।