Type Here to Get Search Results !

বন্ধুত্ব

 ধীৰেন কুমাৰ বৰঠাকুৰ



বন্ধুত্ব, অনন্য মিঠা অনুভৱ
যাৰ উমাল সান্নিধ্য
মৌ-তকৈও মিঠা |
যাৰ কোনো ধৰ্ম নাই, বৰ্ণ নাই, ভাষা নাই, বয়স নায়,
মাথো এক অদৃশ্য সূত্ৰ
যি মেৰাই-মেৰাই গাথে
সুগন্ধি মালা |
অদৃশ্য বন্ধনৰ প্ৰশান্তিৰ গাঁথা |
ইতিহাসৰ পাতে-পাতে
অলেখ বন্ধুৰ স্বৰ্গীয় খেলা 
যাৰ বলত পাহাৰ বগাই 
সাগৰ সাতোৰাৰ সাহস গোটায় |
সজ বন্ধুত্বই বিপদত 
আশা-ভৰষা, মৰম- বিশ্বাস দি সাবটে
পিচল বাটত প্ৰেৰণাৰ 
খোপনি দিয়ে |
কুটিল বন্ধুৰ মিঠা চুমাতকৈ
প্ৰকৃত বন্ধুৰ শাৰিৰীক অত্যাচাৰৰ মূল্য অধিক |
জীৱনৰ একাঁ-বেকা আলিয়েদি বাট বোলোতে 
অনিশ্চাস্বত্তেও বহু
বন্ধুত্বক মামৰে ধৰে |
চকুৰ আঁতৰ হলেও স্মৃতিয়ে মন ভৰি থাকে |
দুখত দুখী, সুখত সুখী 
বন্ধুত্বই হৃদয় জুৰাই, 
সমৃদ্ধিৰ পাৰ ওপচায়