Type Here to Get Search Results !

এটা ৰাতিৰ সতে

 বিশ্বজিৎ নাথ 


        খিৰিকীখন খোলা আছে
গছজোপাত থকা চৰাইজনী  নিমাত
পুৱা ওলাই যোৱা তাইৰ সংগী চৰাইটো
ঘূৰি অহা নাই ।

ডবা আৰু কাঁহৰ শব্দত কঁপি উঠিছে সন্ধিয়াটো
নামঘৰত বৰপিতাৰ নাম-প্ৰসঙ্গ
এক প্ৰশান্তি।

খোলা খিৰিকীখনত নিবদ্ধ  
মোৰ গধুৰ  চকুহাল
টেবুলত হীৰুদাৰ কবিতা
“ইমান অলপতে বিচলিত হ’লে তোমাৰ কিদৰে চলে”।

চুবুৰীটোৰ ঘৰবোৰ ভাগৰুৱা আৰু আন্ধাৰ
মানুহ আছে মাত নাই।

মই জী আছো
পৃথিৱীৰ শেষ বাৰ্তা জনাবৰ বাবে 
মই জটায়ু।

চৰাইজনীৰ মাতত বাহিৰলৈ চালো
জুইৰ দৰে চকামকা এচাঁটি পোহৰ