মালবিকা শৰ্মা, ভূৱনেশ্বৰ
মন আৰু শৰীৰ, দুয়ো দুয়োৰে লগত নিবিড়ভাৱে জড়িত।শৰীৰৰ পৰা মনক বা মনৰ পৰা শৰীৰক পৃথক কৰিব নোৱাৰি।মন আৰু শৰীৰ দুয়ো দুয়োৰে পৰিপূৰক বুলি কব পাৰি। দেহৰ ক্ৰিয়া-কলাপে যিদৰে মনৰ চিন্তা-ভাৱনা আৰুঅনুভূতিবোৰক প্ৰভাৱিত কৰে থিক তেনেদৰে,মনৰ চিন্তাধাৰা আৰু অনুভূতিয়েও দেহৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়।
সেইদৰে, মানসিক স্বাস্থ্যৰ লগত শাৰীৰিক স্বাস্থ্যৰ এক গভীৰ সম্পৰ্ক আছে। শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যয়োআমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ই আমাৰ জীৱনত মানসিক তথা আৱেগিক দিশৰ লগতেসামাজিক উন্নতিৰ দিশটোও আগুৰি আছে। আমাৰ চিন্তাধাৰা, অনুভৱ তথা উপস্থাপনত মানসিক স্বাস্থ্যই বিশেষভাৱেসহায় কৰে।
মানসিক স্বাস্থ্যই শৈশৱ কালৰ পৰা প্ৰাপ্তবয়স্ক লৈকে প্ৰতিটো পৰ্যায়তে আমাৰ দৈনন্দিন জীৱনযাত্ৰাক নিয়ন্ত্ৰন কৰে। মনৰসুস্থতা এজন ব্যক্তিৰ বিভিন্ন কাৰ্য্য তথা ক্ৰিয়া কলাপৰ মাজেৰে প্ৰতিফলিত হয়। বিভিন্ন ধৰনৰ ধনাত্মক আৱেগ, অনুভৱতথা নেতিবাচক আৱেগক নিয়ন্ত্ৰন কৰিব পৰাটোৱেই হৈছে সুস্থ মানসিক স্বাস্থ্যৰ লক্ষণ। সামাজিকভাৱে সকলোৰে লগতভাল সম্পৰ্ক ৰাখিব পৰাটোও ধনাত্মক চিন্তাধাৰাৰ এক উদাহৰণ।
আনহাতে, নেতিবাচক চিন্তা তথা মানসিক চাপে যেতিয়া জীৱনযাত্ৰাৰ ওপৰত প্ৰভাৱ পেলায় তেতিয়া আমাৰ মানসিকস্বাস্থ্যৰ অৱনতি ঘটে আৰু লাহে লাহে ই আমাৰ শৰীৰকো অসুস্থ কৰি তোলে। নিৰাপত্তহীনতা আৰু অকলশৰীয়া ভাৱেওমানুহক মানসিকভাৱে অসুস্থ কৰে।
বৰ্তমানৰ আধুনিক সমাজখনত, সকলোৰে জীৱনত এক ব্যাপক পৰিবৰ্তনে দেখা দিছে। মানুহবোৰৰ জীৱন-যাত্ৰা অতিব্যস্ত আৰু যান্ত্ৰিক হৈ পৰিছে। প্ৰযুক্তিবিদ্যাৰ পূৰ্ণ প্ৰয়োগ আৰু দ্ৰুত জীৱনধাৰাই সমাজখন উন্নত কৰি আনিলেও শৰীৰআৰু মনৰ ভাৰসাম্যতা বহুত সময়ত হেৰুৱাই পেলোৱা দেখা গৈছে।শৰীৰৰ যত্ন লবলৈ তথা মনৰ আৱেগ-অনুভূতিবোৰকসুন্দৰ ভাৱে প্ৰকাশ কৰিবলৈ আৰু মনে বিচৰা কামবোৰ কৰিবলৈ সময় নোহোৱা হৈছে। অপুষ্টিকৰ খাদ্য আৰু অস্বাস্থ্যকৰজীৱনধাৰাই শাৰীৰিক আৰু মানসিক বিভিন্ন প্ৰকাৰ ৰোগৰ সৃষ্টি কৰিছে। ডাইবেটিচ, অবিচিতি তথা নিৰিশাজনিত বিভিন্নৰোগে মানুহক জুৰুলা কৰি তুলিছে। এনে সময়ত শৰীৰৰ লগতে মনকো সুস্থ -সবল কৰি ৰখাটো বিশেষ প্ৰয়োজন হৈপৰিছে।
দৈনন্দিন জীৱনত মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে আমি কিছু পদক্ষেপ ল’ব পাৰো। সৰু-সুৰা ব্যায়াম, স্বাস্থ্যকৰ আহাৰআৰু উপযুক্ত পৰিমানৰ বিশ্ৰামে আমাৰ দেহৰ লগতে মনকো সুস্থ কৰিবলৈ সহায় কৰে। ইয়াৰ লগতে প্ৰয়োজন বোধ কৰিলেনিসংকোচে পৰমৰ্শদাতাৰো সাহায্য লোৱাটো অতি আৱশ্যক।
কাৰোবাৰ পৰা সাহায্য বিচৰা মানে আমি দুৰ্বল হোৱাটো নুবুজায়। ই আমাক আৰু বেছি শক্তিশালী তথা সক্ষম কৰিতোলে।যিহেতু আমি আমাৰ নিজৰ পৰিস্থিতি আৰু সীমাবদ্ধতাৰ বিষয়ে ভালদৰে জানো সেয়ে এই বিষয়ে জ্ঞান থকাএজনৰ সাহায্য ল’লে তেওঁ সথিক পৰামৰ্শ দিব পাৰে।
ৰাচেল উইলচনে কৈছিল “If we start being honest about our pain, our anger, and our shortcomings instead of pretending they don’t exist, then maybe we’ll leave the world a better place than we found it.” অৰ্থাৎ আমিযদি আমাৰ দুখ-কষ্ট, ক্ৰোধ আৰু দোষ-ত্ৰুতিবোৰ লুকুৱাই নথৈ সহজভাৱে গ্ৰহণ কৰি আনৰ লগত সকলো কথা ভগাইল’বলৈ আৰম্ভ কৰো তেতিয়া হ’লে এই পৃথিৱীখন আৰু বেছি সুন্দৰ হৈ উঠিব।মনৰ ভিতৰৰ অশান্তি তথা অসুবিধাবোৰগোপনে ৰাখি মানসিকভাৱে অসুস্থ হোৱাতকৈ বিশ্বাসভাজন কোনো ব্যক্তিৰ ওচৰত প্ৰকাশ কৰিলে মনটো পাতল হোৱাৰলগতে আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান বিচাৰিবলৈ সহজ হয়।
নিজৰ জীৱনত প্ৰত্যেকজন মানুহৰে কিছু ধৰা-বন্ধা কাম থাকে। তথাপিও তাৰ মাজতে নিজৰ বাবে কিছু সময় ৰাহি কৰিবলাগে। যি কোনো ধৰণৰ সৰু-সুৰা কাম, য’ত আমাৰ ৰুচি বা আগ্ৰহ আছে, সেইবোৰ গোটেই দিনটোত এবাৰকৈ হ’লেওকৰিব লাগে। এনে ধৰনে পোৱা আত্মতৃপ্তিয়ে মানসিক ভাৱে সুস্থ হৈ থাকিবলৈ প্ৰেৰনা যোগায়।