ৱাহিদা তাজ
ধোঁৱা ধোঁৱা চৌপাশে এতিয়া ধোঁৱা
ধোঁৱাই কৈ যায় আমাৰ জীৱন আধৰুৱা
মাটি পানী ভেটিৰ হ'তে হেৰাই মোৰ চিহ্ন
ঔষধ অন্ন বস্ত বাসস্থানত
দুচকুত চানি ধৰে ধোঁৱাই
ধোঁৱাৰ পিছে পিছে দৌৰি
মোৰ শুৱনি গাঁওখনি এৰি
দেখা পাওঁ
মাটি পানীৰ কাষত এচমকা
কেঁচা ৰঙা তেজ
ভয় লগা তেজ
চকুৰ লোতক চানি ধৰে
আর্তনাদ নীল ৰঙী আকাশ খনি ছাই ৰঙী হৈ
চৌপাশে সোৱঁৰণী বোৰ আনে
মোৰ বহল বুকুৰ পৰাই সেউজ পথিৱীৰ ধবংসলীলা
ই কোনো নতুন চিঠি নহয়
ই-যে ইতিহাসৰো ইতিহাস.