Type Here to Get Search Results !

আকাশ

 মঞ্জু ঘৰফলীয়া বড়া 




জান জুৰিৰ গভীৰতাত
আকাশৰ বিশালতা
হেৰাই যায় নদীত
হেৰাই যায় সমুদ্ৰত
সমাধি হয় ঠিকনাবোৰ
প্ৰতাৰণা নকৰাকৈ ঠিকনাবোৰৰ৷
গভীৰতাৰ পৰা হৃদয় আকাশলৈ
প্ৰকাশি সুগন্ধি
হে আকাশ
তুমি বাস্তৱ ৷
জিলিকি থাকা
আমাৰ বুকুৰ
কোঁহেকোঁহে
প্ৰগতিৰ তেজৰঙা
এচমকা বিশাল
আকাশ হৈ ৷