Type Here to Get Search Results !

আহোম সকলৰ দ্বিতীয় ৰাজধানী ঐতিহ্যমণ্ডিত চৰগুৱা ৰ অতীতৰ পম খেদি

 দীপজ্যোতি বৰ গোহাঞি মাদুৰি



সময়ৰ লেখেৰে ১৩১৮ শক থাউখুনচেং  বুলি আহোমৰ ল’ৰা এটাই লুইতৰ সিপাৰে গৰু কিনিবলৈ গৈ চুডাং কোঁৱৰক দেখি গৰু কিনি উলটি আহি পুলীন =পুথাও বৰ ডাঙৰীয়াৰ ল’ৰা এটা লগ পাই আহিছো বুলি ডা ডাঙৰীয়া সকলক জনালেহি ৷ডাঙৰীয়া সকলে আলচ কৰি চুডাং ক অনাই চিনিব পাৰি আমাৰ ৰজাৰ গোষ্ঠী হেন জানি ৰাজা পাতি ললে ;লাকলি তাওচেও শকত হিন্দুমতে শক ১৩১৯ পাচে ৰজাদেৱে ঢলা নদীয়ে উজাই আহি চৰগুৱাত  নগৰ কৰি থাকিল ""দেওধাই অসম বুৰঞ্জী ---সম্পাদনা সুৰ্যকুমাৰ ভুঞাঁ৷পৰবৰ্তী সময়ত এইতথ্য খিনিকে লক্ষ্মীনাথ তামুলীয়ে সম্পাদনা কৰা "অসম বুৰঞ্জীত এইদৰে আছে "তাও চুলাই কোঁৱৰে ডাঙৰীয়া সকলক খাটী ৰজা হবলৈ নাপাই  মনত বৰ অসন্তোষ কৰি মুকং অৰ্থাৎ নৰা দেশলৈ গুছি গ’ল ;কিছু কাল তাত থাকি ;চুৰানফা নৰা ৰজাক জনালে ;অসম দেশত তোমাৰ বংশ নাইকীয়া ;পাত্ৰ মন্ত্ৰীয়েহে  ৰাজ্য চলাই আছে এই কথা তাও চুলাই কোঁৱৰে নৰা ৰজাক জনাবলৈ যাওঁতে নগৰৰ ওচৰৰ মানুহে হাবুঙিয়া বামুণৰ ঘৰত গৰু সলাবলৈ গৈ সেই বামুণৰ  ল’ৰাৰ লগত লৰা এটা দেখি  ভাল বংশৰ গাত লক্ষ্যণ দেখি  ওচৰ চুবুৰীয়াই ইটো সিটো মানুহক সুধিবলৈ ধৰাত সেই মানুহৰ পৰা  সুধি পুছিআহি ডাঙৰীয়া সকলক জনালেহি যে ;ডাঙৰীয়া সকলে বৰ আদৰৰে ঘোঁৰা ;হাতী ;দোলা  ও আৰোৱান সইতে অনেক লা লিগিৰাৰে আনিবলৈ মানুহ পঠালে ;পঠোৱা মানুহ বামুণৰ ঘৰ পাই কোঁৱৰজনক জানিবলৈ ধৰাত কোঁৱৰ জনে বোলে  বোপাই আই ককাই ভাই আমাৰ সকলোবোৰ  মোৰ লগত নগলে মই অকলশৰীয়া হৈ নাযাও ;বুলি কো্ঁৱৰটিয়ে কোৱাত আনিবলৈ যোৱা মানুহবোৰ পুনৰ দিহিং পাৰ হৈ আহি ডাঙৰীয়া সকলক জনালত ডাঙৰীয়া সকলে বোলে বামুণ ঘৰে ঘৰোৱালকে একেবাৰে তাৰ পৰা উঠি আহক এনে আজ্ঞা কোৱাত সেইঘৰ  বামুণৰ  হাৱুঙ্গত এটি নথকাকৈ তুলি আনি ডাঙৰীয়া সকলৰ আগত সপৰিবাৰে সাক্ষাত কৰোবাত সেই কোঁৱৰটিকে চুডাংফা নাম দি ১৩২০ শকত ইংৰাজী ১৩৯৮ চনত ডাঙৰীয়া সকলে স্বৰ্গদেউ বুলি ঘোষণা কৰিলে পাছে চুডাংফা স্বৰ্গদেউৱে বুঢ়ী দিহিংৰ ওচৰৰ চৰগুৱাত নগৰ কৰি শিঙ্গৰি পাটঘৰত উঠি পাটকাই কিছু ওচৰকৈ নিজৰ দেশৰ মাটিত নগৰ ও বাহৰ কৰোৱাই ;খাৰ বাৰুদ বহুত গোলা ;ও অস্ত্ৰ শস্ত্ৰ প্ৰস্তুত কৰোৱাই ভঁৰালত  ভৰাই ৰণ কৰিব পৰাকৈ পালি পৰীয়া সৈতে ৰণুৱা মানুহ নিয়ম নিবদ্ধ কৈ ৰাখি আচল নগৰলৈ আহি কিছু বছৰ ৰাজত্ব কৰি ন বছৰ ৰাজত্ব কৰাৰ পাছত ১৩২৯ শকত স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰ স্বৰ্গী হয় ৷এই চৰগুৱা ৰাজধানীৰ পৰাই মুঠ সাতজন  চাওফাই ১৫ ০ বছৰ কাল ম্যু-ড-ডুন =চুন -খাম (আহোম  ৰাজ ৰাজ্য )শাসন কৰিছিল ৷সেই চাওফা কেইজন হ’ল ===চুডাংফা ১৩৮৯ ৰপৰা ১৪০৭ খ্ৰীষ্টাব্দ লৈ ;চুজাংফা ১৪০৭ ৰপৰা ১৪২২ খ্ৰীষ্টাব্দ ;চুফকফা ১৪২২ৰপৰা ১৪৩৯ ;চুচেংফা ১৪৩৯ ৰপৰা ১৪৮৮ ;চুহানফা ১৪৯৩ ;চূপিনফা ১৪৯৩ ৰ পৰা ১৪৯৭ :আৰু চুহুংম্যং ১৪৯৭ ৰ পৰা ১৫৩৯ খ্ৰীষ্টাব্দলৈ ৷এই কেইজন চাওফাৰ ভিতৰত দিহিঙীয়া ফৈদৰ চুপিমফা স্বৰ্গদেউৰ প্ৰথম পুত্ৰ চুহুম্যুং দিহিঙ্গীয়া ৰজাই আছিল প্ৰধান ৷আহোম প্ৰশাসনে চৰগুবা ৰাজধানীক কেন্দ্ৰ কৰিয়েই ৰাজনৈতিক ভাৱে অগ্ৰসৰ হবলৈ সক্ষম হৈছিল ৷এইখন ৰাজধানীত সাতঘৰীয়া আহোম প্ৰশাসন ক্ৰমান্বয়ে শ- শ -হাজাৰ হাজাৰ ঘৰলৈ প্ৰসাৰিত হৈ ম্যুং -ডুন -চুন --চুন খাম বৰলুইত দিহিঙৰ পাৰৰ সমন্বয়ৰ দীঘৰ সাকোৰে বগাই জীপাল হৈ আহোমীয়া সমাজ ব্যৱস্থাৰে অগ্ৰসৰ হৈ সামাজিক অৰ্থনৈতিক দিশত আগুৱাই যাবলৈ সক্ষম হৈছিল এইখন চৰগুৱা ৰাজধানীৰ পৰাই ৷ সেই সময়ত আহোম প্ৰশাসন আছিল তুলনা মুলক ভাৱে লুইত উপত্যকাৰ পুৰণি বাসিন্দা সকলতকৈ বহু দিশত  উন্নত ৷তাই শ্যান সকলৰ পৰম্পৰাগত পানীধান খেতি ধাতু শিল্প;বস্ত্ৰ শিল্প ;আদিৰে আহোম প্ৰশাসন সমৃদ্ধ আছিল ৷এই কলা কৌশল আৰু পদ্ধতি  সমুহ লুইত উপত্যকাৰ সাৰুৱা মাটি বাস্তবিক ৰূপত প্ৰয়োগ আৰু প্ৰসাৰৰ বাবে যে অতি সুন্দৰ আৰু উপযুক্ত আছিল সেই কথা আহোম প্ৰশাসনে ভালকৈ উপলদ্ধি কৰিব পাৰিছিল ৷যাৰ বাবে বিশেষকৈ সৰহ সংখ্যক উৎপাদন ক্ষম আহোম সকলৰ পানীধানৰ খেতি বা শালী ধানৰ খেতিৰ পদ্ধতিয়ে মৰাণ ;মটক ;বৰাহী; চুতীয়া কছাৰী ৰাজ্যৰ সাধাৰণ প্ৰজাক দ্বিধাহীনভাৱে আহোমৰ প্ৰজাহবলৈ অতি আগ্ৰহী কৰি তুলিছিল ৷কাৰণ তেওঁলোকে আগতে বাম ঠাইত কৰা ধানৰ খেতিৰ উৎপাদন আছিল পিটনি ভাঙি দ মাটিত কৰা শালি ধানৰ উৎপাদন তুলনামুলকভাৱে  আছিল সৰহীয়া ৷বাম ঠাইত কৰা ধানৰ খেতিৰে বছৰটো জুৰা মাৰিব নোৱাৰা  প্ৰজাই বছৰ জুৰা পেট ভাত যোগাৰ কৰিব  পৰাত আহোমৰ প্ৰতি অতি সহজে নিজৰ আনুগত্য স্বীকাৰ কৰি লৈছিল ৷আহোম প্ৰশাসনে সেই সময়ত সেই সুযোগ গ্ৰহণ কৰি নদী উপত্যকা চৰগুৱাত বৰ নগৰ পাতি এই সকল নতুন প্ৰজাক সংস্হাপন দি চৰাইদেউ ৰাজধানীৰ শালি ধানৰ পথাৰ এঙেৰা ;গছিকলা ;আৰু বৰাখোৱা পথাৰৰ দৰেই চৰগুৱাৰ আশে- পাশে পালেঙী ;ধোন্দৰমুখ ;এৰালতলী ;পুৰা চুমনী ;কছাৰীপথাৰ ;বগলী পথাৰ ;গৰীয়া পথাৰ ;ভীমপৰা  পথাৰ ;লাহনৰ পথাৰ আদি হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতিৰ পথাৰত আহোম  ৰাজ্য ম্যু =ডুন -চুন -খামক শস্য  মৎস্যৰে ভৰা এখন স্বাধীন জাকত জিলিকা ৰাজ্যৰ বুনিয়াদ গঢ়ি তুলিছিল ৷চাওফা চুডাংফাৰ পৰা চুহুংমুংৰ দিনলৈকে প্ৰশাসনত থাকি বীৰত্বপুৰ্ণ কৰ্মৰে সহযোগ আগবঢ়োৱা বুঢ়া গোহাঁই ডাঙৰীয়া কেইজন ==চাও থাইথুম বুঢ়া গোহাঁই ;খেনলুঙ্গ বুঢ়া গোহাঁই ;ফনলুঙ্গ খামপেঙ্গ বুঢ়া গোহাঁই ;ত্যাও চাঙ্গৰাই বুঢ়া গোহাঁই ;লাঙ্গিধুপুৰা বুঢ়া গোাহাই ;চৰ গুৱাৰ বীৰ বৰ গো গোহাঁই সকল ; ত্যাতনবিঙ্গ বৰ গোহাঁই ;নাংচুম  বৰ গোহাঁই ;না্ঙ্গনিম বৰ গোহাঁই ;ত্যাও কাংবানৰেক বৰ গোহাঁই; নঙ্গাৰাম বৰ গোহাঁই ফ্ৰাচেংমুং বৰ গোহাঁই ;তনখাম বৰ গোহা্ঁই ;আৰু চৰগুৱাৰ প্ৰথম জন বীৰ বৰ পাত্ৰ বৰ গোহাঁই ==কনচেঙ্গ বৰ পাত্ৰ গোহাঁই ৷মুলাগাভৰু বা থাও -মৌ ব্লক চেন বা নাং -চং -ছেন খাম (ফ্ৰাচেঙ্গ মুং বৰ গোহাঁইৰ পত্নী )ৰাজধানী চৰগুৱাৰ বৰ নগৰৰ বিখ্যাত বীৰাঙ্গনা যি গৰাকী নাৰীয়ে নাৰী সৈন্য দল গঠন কৰি তুৰ্বকৰ লগত যুদ্ধত জঁপিয়াই প্ৰাণ আহুতি  দিছিল যাৰ কালজয়ী মৃত্যুৰ বাতৰিয়ে আহোমসৈন্যৰ  মলক দুগুণ উৎসাহেৰে উৎসাহিত কৰি কচোবাৰ যুদ্ধত জয়ী হৈ ম্যু-ডুন -চুন খামৰ পশ্চিম সীমা কৰতোৱা পৰ্যন্ত বিস্তাৰিত হৈছিল ৷ৰাজধানী চৰগুৱা বৰনগৰ আছিল বৰ অসমৰ প্ৰথম ভেটি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰীয়াৰ প্ৰথম সোপান ৷সময়ৰ কোৱাল সোঁতত  ফুল  কটা চ’তি মাৰলিত বেতেৰে বন্ধা বাঁহ কাঠৰ ৰাজহাউলি উঁৱলি গ’ল যদিও সাত জন ৰজা ৰাণীৰ লগতে অনেক জন ডা -ডাঙৰীয়াৰ বীৰ বীৰাঙ্গনাৰ শাৰী শাৰীকৈ থকা মৈদাম সমুহৰ ভিতৰত চুডাংফাৰ সুউচ্চ মৈদাম কাষতে আছে এটি পুখুৰীৰ  অবশিষ্ট মাথো যি এতিয়াৰ অতীতৰ ৰাজধানী চৰগুৱাৰ পৰিচয় মাথো ৰাজধানী চৰগুৱাই যেন এতিয়া বাৰিষাত হেজাৰ জোপা এজাৰ ফুলাই মনত বেজাৰ কৰে এতিয়া যেন কুহুম নথকা কণীৰ দৰে এলাগী হৈ নিজৰ হেৰুৱা অতীতক সোঁৱৰী (কৃতজ্ঞতাৰে ঐতিহ্যমণ্ডিত  ৰাজধানী চৰগুৱাৰ বিশিষ্ট লেখক পুৰ্ণ গগৈ ৰ ওচৰত )