Type Here to Get Search Results !

সুমনৰ প্ৰাথমিক শিক্ষা (সঁচা ঘটনাৰ আলমত)

অপৰ্ণা শৰ্মা



 থানু পণ্ডিত চোতাললৈ সোমাই অহা দেখিয়েই সুমন দৌৰ মাৰি ঘৰৰ ভিতৰ সোমাল আৰু কাপোৰ-কানি খুলি নাঙঠ  হৈ একেবাৰে ৰান্ধনিশাল পালে ।এতিয়া আৰু তাক তাৰ পৰা কোনেও উলিয়াই আনিব নোৱাৰে। কাৰণ গা ধুই পৰিস্কাৰ কাপোৰ পিন্ধি কেবল ৰান্ধনীহে তাত প্ৰবেশ কৰিব পাৰে ; বাকী ডাঙৰবোৰৰ প্ৰবেশ নিষেধ।থানু পণ্ডিতে সুমনক লগতে পঢ়াশালিলৈ নিবলৈ আহিছিল, অগত্যা নিনিয়াকৈয়ে উভতি গল।

      কিছুদিন আগতে দেউতাকে সুমনক গাওঁৰ মূৰত থকা প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিছিল। কেইদিনমান যোৱাৰ পিচত সি বিদ্যালয়লৈ যাবলৈ মন নকৰা হল।সি তাত দেখিলেযে পণ্ডিতে পঢ়া নোৱাৰিলে কণ কণ ছাত্ৰবোৰক বৰকৈ কোবাইছিল, আৰু ভয়তে ছাত্ৰবোৰ বেঞ্চৰ তলত সোমাই পৰিছিল।সেই দৃশ্যই সুমনৰ মন-মগজুত পঢ়াৰ সলনি ভয়ৰহে সঞ্চাৰ কৰিছিল।ইপিনে সুমনৰ দেউতাকো কৰ্মসূত্ৰে বাহিৰত থাকি মাজে মাজেহে ঘৰলৈ আহিছিল।ঘৰত মাত্ৰ কণমান ভায়েকটোৰ সৈতে মাক, সি আৰু ৰখীয়া বুঢ়ীজনী আছিল।গতিকে সি মন গলেহে নাইবা মাকৰ ধমকিতহে বিদ্যালয়লৈ যায় বাকী সময়ত তাৰ নিচিনা বিদ্যালয়লৈ যাব নুখুজা লৰাৰ লগত কাষৰে পথাৰখনত থকা ডাঠকৈ হালি পৰা ইকৰা-খাগৰিৰ ওপৰত বগাই ফুৰে। এদিন আকৌ বিদ্যালয়ত কিবা কথাত খং উঠি গোসাঁই উপাধিৰ পণ্ডিতজনক ' মোমায়েৰাক চিনি পোৱা নাই ? ' বুলি কৈ গো গোৱাই বিদ্যালয়ৰ পৰা গুছি আহিল। তাৰ পিচত গোসাঁই পণ্ডিতে সুমনক ৰাষ্টাত দেখা পালেই 'মাতুল (মামা)' বুলি মাতা হল।এইদৰেই সুমনৰ পঢ়া চলি থাকোতে এজন যেনিবা মৰমীয়াল পণ্ডিত নতুনকৈ বিদ্যালয় খনলৈ আহিল। সুমনেও নিয়মিত বিদ্যালয়লৈ যাব ধৰিলে।সেইবাৰ কিন্তু সুমন দ্বিতীয় শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ উত্তীৰ্ণ নহল।
        এই সময়তেই হঠাৎ সুমনৰ মাকৰ মৃত্যু হল।মনৰ দুখতে দেউতাকে ঘৰ, মাটি-বাৰী সকলো এৰি সুমন আৰু ভায়েকক লৈ বেলেগ এখন সুচল ঠাইলৈ গৈ নতুনকৈ জীবন আৰম্ভ কৰে।জন্মৰ গাওঁখন এৰি আহিব লগা হোৱাত সুমনৰ খুব দুখ লাগিছিল।বাৰিষা প্ৰায়ে বানপানী হোৱা গাওঁখনত ঘৰৰ লগুৱা বকুল খুড়াৰ লগত নাওত উঠি দোকানলৈ যোৱা,পথাৰৰ খেতি চাবলৈ যোৱা,ঘৰৰ চোতালতে ৰাইজৰ ফাকুৱাৰ উৎসব,সমনীয়াৰ লগত খেলি কটোৱা সময়বোৰ মনত পেলাই গোটেই ৰাষ্টা চকু পানী টুকি আহিছিল।
        নতুন ঠাইৰ প্ৰাথমিক বিদ্যালয়ত দেউতাকে সুমনক পুনৰ দ্বিতীয় শ্ৰেণীত নাম লগাই দিলে।প্ৰথম দিনাখনেই বিদ্যালয়ৰ প্ৰধান পণ্ডিত কাশীনাথৰ (কাশীনাথ দাস) মৰমীয়াল ব্যবহাৰে সুমনক মুগ্ধ  কৰিছিল।কাশীনাথেও যেন নতুনকৈ অহা শান্ত-শিষ্ট লৰা সুমনক বুজি উঠিছিল আৰু তাৰ প্ৰতি তেওঁৰ অন্তৰত মৰমৰ উদ্ৰেক হৈছিল ।লাহে লাহে সুমনৰ পঢ়াৰ প্ৰতি ভয় নোহোৱা হল।সেইবাৰ শ্ৰেণীত প্ৰথম হৈ সুমনে ডবল প্ৰমোচন পালে আৰু একেবাৰে চতুৰ্থ শ্ৰেণী পালে।প্ৰধান পণ্ডিতৰ মৰম-যত্নত সুমনে সেই বিদ্যালয়ৰ পৰা বৃত্তি পৰীক্ষা দি বৃত্তিও পালে।
      কিন্তু দুৰ্ভাগ্যই সুমনৰ পিচ এৰা নাছিল ।সপ্তম শ্ৰেণী পাওতেই দেউতাকৰো কেইদিনমানৰ জ্বৰত মৃত্যু হয়।পিতৃ-মাতৃহীন সুমন ভায়েকৰ সৈতে সম্পৰ্কীয় আইতাক আৰু জেঠায়েকৰ মৰমৰ তত্বাবধানত  থাকিল।অত্যন্ত আৰ্থিক অনাটনত থাকিলেও সুমনে পঢ়া -শুনা ঠিক  ৰাখি শ্ৰেণীত সদায় প্ৰথম হৈয়েই আছিল।উচ্চ বিদ্যালয়ৰ হোষ্টেলৰ খৰচ সেই সময়ত থকা জমিদাৰ পৰিয়ালে বহন কৰিছিল।এইদৰে নানা কষ্টৰ মাজেৰেই সময়ত সুমনে কলিকতা  বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।লগতে ৰাজ্য আৰু জিলা ভিত্তিক আৰু দুটা পদক পাই ঠাই খনৰ নাম উজলাই তোলে। তাৰ পৰাই সুমনৰ শিক্ষাৰ পথত উত্তৰণ ঘটি থাকিল ওপৰলৈ আৰু ওপৰলৈ...।