মালবিকা শৰ্মা, ভূৱনেশ্বৰ
পাগঘৰত গানৰ গুনগুননি শুনি আচৰিত হ’লো। দেখিলো একান্ত মনেৰে নিজৰ কাম কৰি কৰি ভাৰতীয়ে গান গাইআছে। প্ৰথমবাৰৰ বাবে তাইক এইদৰে গান গোৱা শুনি হঠাতে মোৰো মনটো খুব ভাল লাগি গ’ল।
যোৱা দেৰ বছৰৰ পৰা তাই মোৰ ঘৰৰ কামত সহায় কৰি আহিছে। পাতল, মৰমলগা কম বয়সীয়া ছোৱালীজনীক সৰুতেইমাকে বিয়া পাতি দিয়াত এজনী ছোৱালীৰ মাকো হ’ল। তাইক যি কামেই কৰিব নিদিও কিয় ধুনীয়াকৈ কৰে,একো আপত্তিনাই।পিছে তাৰ মাজতে হঠাতকৈ তিনি চাৰি দিনৰ বাবে কাম কৰিবলৈ নহাকৈ থাকে।প্ৰথম প্ৰথম এই স্বভাৱটোৰ বাবে তাইৰওপৰত মই বৰ বিৰক্ত হৈছিলো। পিছলৈ জানিব পাৰিলো তাইৰ গিৰিয়েকটো মস্ত মদাহী মদ খাই আহি প্ৰায়েই ঘৰত অশান্তিকৰি থাকে। কেতিয়াবা তাইৰ ওপৰত হেনো হাতো তোলে।হয়তো সেই বাবেই মাজে মাজে তাই নহাকৈ থাকে। সিদিনা কথাটোজানিব পাৰি তাইলৈ বৰ দুখ লাগিছিল। তাইৰ অৱস্থাটো অনুভৱ কৰিব পাৰি মই তাইক জোৰকৈ খোৱাই পঠিয়াবলৈ আৰম্ভকৰিছিলো।
আজি দুমাহমান আগৰ কথা। ভাৰতীয়ে আহি পিচ দিনাখনৰ বাবে চুটি বিচাৰিলে, সম্পৰ্কীয় নন্দেকৰ বিয়া। মোৰ সন্মতিলৈ সিদিনাখন অকনমান ফূৰ্তিৰে কামবোৰ কৰি সোনকালে ঘৰলৈ গ’ল। পিছে ভাগ্যৰ লেখা কোনে সলাব। পিছদিনাৰাতিপুৱাই নন্দেকৰ বিয়াৰ পৰিবৰ্তে ভাৰতীৰ গিৰিয়েকৰ মৃত্যু সংবাদ হে পালো। মদ খাই খাই লিভাৰ বেয়া কৰা গিৰিয়েকৰমাজৰাতিৰ পৰা গা বেছি বেয়া হোৱাত হস্পিটেলত নিয়াৰ পথত মৃত্যু হয়। ভাৰতী আৰু কনমানি জীয়েকজনীৰ কথা ভাৱিমনটো বিচলিত হৈছিল। গিৰিয়েকৰ ক্ৰিয়া-কৰ্মত দৰকাৰ হব বুলি কিছু টকা তাইৰ ওচৰলৈ পঠোৱাৰ ব্যবস্থা কৰিছিলো।
এমাহৰ পিছত ভাৰতী আকৌ কামলৈ আহিছিল। খালি কপালখনৰে মুখখন কিছু শুকান দেখা গৈছিল। কিছুদিনসেমেকা মনেৰে থাকিলেও লাহে লাহে আগৰ দৰে সহজ হৈ আহিল। সাংসাৰিক অশান্তিবোৰৰ পৰা মুক্তি পায়েই হয়তো তাইৰমনটো ফৰকাল হৈ আহিবলৈ ধৰিছে। সেয়ে আজি তাইৰ মুখত গানৰ গুনগননি শুনি মোৰো মনটো ভাল লাগিল।তাইকউৎসাহ জনাই কলো- বাহ, ইমান ধুনীয়াকৈ গান গাব পাৰ তই, আজিৰ পৰা সদাই গাব লাগিব