Type Here to Get Search Results !

নেফাৰ মিনুটাঙৰ সেই মৰ্মান্তিক ঘটনাটোৰ কথাৰে..

 ধীৰেন শইকীয়া


মিনুটাং নেফাৰ মিছিমি পাহাৰৰ এক দুৰ্গম অঞ্চলত অৱস্থিত এখন সুন্দৰ আৰু খেতি বাতিৰে নদন বদন গাওঁ আছিল। পিছে ১৯৪৮চনত গাওঁখন হঠাৎ এটা ৰাতিৰ ভিতৰতে ধুলিসাৎ হৈ প্ৰকৃতিৰ বুকুত বিলীন হৈ গৈছিল। তাৰ কাহিনীৰেই আজিৰ এই লেখাটো.....
১৯৪৮ চনত চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ  (তেতিয়া নেফা বুলিছিল)মিনুটাঙত ঘটা এক মৰ্মান্তিক ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। ঘটনাটো ঘটিছিল লোহিত উপত্যকাৰ মিছিমি পাহাৰৰ এক দুৰ্গম অঞ্চলত,বৰ্তমান ঠাইখন তিৰাপ জিলাত।১৯৪৮ চনৰ ৭ চেপ্তেম্বৰত সংঘটিত এই ভয়ানক ভূমিস্খলনৰ ঘটনাত নিমিষতে ৬৫০০ ফুট (২০০০মিটাৰ) উচ্চতাৰ প্ৰায় ৩০০ একৰ মাটি জুৰি থকা ইতিহাসপ্ৰসিদ্ধ গাঁও মিনুটাং চিৰদিনৰ বাবে নিচিহ্ন হৈ পৰিছিল। উক্ত হৃদয় বিদাৰক ঘটনাত সেই সময়ৰ লোহিত উপত্যকাৰ সহঃ ৰাজনীতিক বিষয়া মি: কেম্পবেলকে(লোহিত উপত্যকাৰ সহ ৰাজনীতিক বিষয়া মি: কেম্পবেল মিনুটাং গাঁৱৰ কিছু বাদ- বিবাদৰ মীমাংসাৰ বাবে কিছুদিন ধৰি তাত আছিল)ধৰি প্ৰায় ৪০০ জন নিৰিহ গাঁওবাসী সেইদিনা কোনো শুংসুত্ৰ নোহোৱাকৈ শিল-বালিৰ গধুৰ ধ্বংসস্তুপত বিলীন হৈ পৰিছিল। তথ্যমতে, অসমৰ গবৰ্ণৰ মি: এন. কে. ৰুস্তমজীয়ে এই কথাটো জনাইছিল ভাৰত চৰকাৰক। ঘটনাৰ পিছদিনা অসমৰ লোহিত উপত্যকাৰ হায়ুনলিয়ং আউটপোষ্টত থকা লোকসকলে দৌৰি দৌৰি আহি প্ৰশাসনৰ লোকক খবৰ দিলেহি মিনুটাং গাৱটুৱে নাই আছে(অৰ্থাৎ মিনুটাং গাওখন নাই) বুলি।হায়ুনলিয়ং পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াজনে লগে লগে খবৰটো জনালে শদিয়াৰ সহঃ ৰাজনৈতিক বিষয়াৰ কাৰ্যালয়লৈ।ইফালে সিফালৰ পৰা জনালে লোহিত উপত্যকাৰ সহঃ ৰাজনীতিক বিষয়া  মি: কেম্পবেলকে ধৰি কেইবাজনো লোক মিনুটাঙলৈ যোৱাৰ কথাটো। খবৰটো পাই উদ্ধাৰ কাৰ্যৰ বাবে প্ৰস্তুত হওতে ১৪ চেপ্তেম্বৰ হ'লেই। অৰ্থাৎ ঘটনাৰ এসপ্তাহ পিছত শদিয়াৰ ৰাজনীতিক বিষয়া লক্ষেশ্বৰ শৰ্মাই ততাতৈয়াকৈ মিনুটাঙত উদ্ধাৰ আৰু সাহাৰ্য্যৰ বাবে যাবলৈ কোৱাত সেইসময়ত তেজুত(নেফাৰ ট্ৰাইবেল ৱৰ্কছ ডিপাৰ্টমেন্টৰ উপ মহকুমাধিপতি হিচাপে কৰ্মৰত নেফাৰ সহ মহকুমাধিপতি সুবোধ তালুকদাৰে এই  ভয়ানক ভূমিস্খলনৰ পিছত উদ্ধাৰ কাৰ্যৰ বাবে মহৰি বি. এন. গগৈ, ১৫ জন চেন্ট্ৰল লেবাৰ ক’ৰৰ বনুৱা আৰু কেইজনমান মিছিমি ভাৰ কঢ়িওৱা লোকেৰে বহু কষ্টেৰে সেই দুৰ্গম ঘটনাস্থলীলৈ ৰাওনা হৈছিল। মাটি খন্দা সঁজুলি কোৰ,কুঠাৰ, দা, কৰট আদি সজুলি  লৈ ওলাই যোৱা দলটো দুৰ্গম পাহাৰ পৰ্বত বগাই বগাই ১৮ চেপ্তেম্বৰৰ দিনা ভূমিস্খলন এলেকা পৰিদৰ্শন কৰিছিলগৈ। উল্লেখ্য যে, গাওঁ খনৰ থিয় পাহাৰটোৰ ওপৰত কাব্ৰাটুয়ে নামৰ এটা ঐতিহাসিক হ্ৰদ আছিল।কেইবাদিনো একেৰাহে কলহৰ কানে ঢলা বৰষুণৰ পিছত কাব্ৰাটুয়ে হ্ৰদটো পানীৰে পাৰলৈকে চপচপীয়া হৈ পৰিছিল। তদুপৰি সেইদিনা পুৱাৰে পৰা কেইবাটাও ভূমিকম্পও হৈ আছিল। এইবোৰৰ ফলত হ্ৰদ টোৰ তলিত সাংঘাটিকধৰণে কিছুমান ফাঁট মেলিবলৈ আৰম্ভ কৰিছিল,ইফালে হ্ৰদটোৰ পৰা উফৰি অহা  পানীৰ সোঁতে পৰ্বতীয়া অঞ্চলটোৰ পৰা শিল,মাটি, বালি, গছগছনি উটুৱাই আনি নিমিষতে ভয়ানক হৃদয় বিদাৰক দুৰ্ঘটনাটো সংঘটিত কৰিছিল, তীব্ৰ গতিৰে ৬৫০০ ফুট  উচ্চতাৰ পৰা বাগৰি অহা পানী আৰু ভূমিস্খলনে নিমিষতে প্ৰায় চাৰিশ লোকক জীৱন্তে সলিল সমাধি ঘটাইছিল সেইদিনা।

(সুবোধ তালুকদাৰৰ গ্ৰন্থ 'মিনুটাং ট্ৰেজেদি'ৰ ৰঞ্জনা দত্তই কৰা অনুবাদৰ তথ্যৰ আধাৰত