Type Here to Get Search Results !

ক'লা চাউল"ৰ উপকাৰিতা আৰু 'উপেন্দ্ৰ ৰাইচ'

 অপূৰ্ব নাথ


সমগ্ৰ বিশ্বতে জনপ্ৰিয় এই ক'লা চাউল যথেষ্ট জনপ্ৰিয় হৈ পৰিছে,আন চাউলতকৈ ই পুষ্টিদায়ক বাবেই ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে।   সাধাৰণতে ক’লা চাউল দক্ষিণ-পূৱ এচিয়াৰ এবিধ জনপ্ৰিয় চাউল। ক’লা চাউলৰ গুণাগুণ। ইয়াৰ গৱেষণাই দেখুৱাইছে যে আমাৰ শৰীৰৰ পৰিপুষ্টিৰ বাবে প্রয়োজন হোৱা সকলোবিধ উপাদান ক’লা চাউলত উপলব্ধ । বিশেষকৈ ক’লা চাউলত পোৱা এন্টিঅক্সিডেন্ট আনবোৰ চাউলতকৈ প্রায় ছয় গুণ বেছি।আনহাতে বহুমুত্র কেন্সাৰৰোগী তথা হৃদৰোগীৰ বাবেও ই অতি উত্তম খাদ্য।  ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাই এই চাউলবিধক এক নতুন মাত্রা প্রদান কৰিছে। সম্প্ৰতি ভাৰত চৰকাৰেও এই চাউলৰ ধানৰ উৎপাদনৰ বাবে কেতবোৰ আঁচনি প্রস্তুত কৰিছে।
            অসমৰ মানুহে প্ৰধানকৈ ধানৰ খেতি কৰা দেখা যায়। বিভিন্ন প্ৰকাৰৰ ধানৰ খেতি অসমত হোৱা পৰিলক্ষিত হয়।  তাৰ ভিতৰত ক'লা ধানৰ খেতিও অন্যতম । আমাৰ ৰাজ্যখনৰ উপৰিও আমাৰ দেশৰ বিভিন্ন ৰাজ্যত যেনে:মনিপুৰ,ওড়িষা,ঝাৰখণ্ড আদি ৰাজ্যত এই ধানৰ খেতি কৰা দেখিবলৈ পোৱা যায়। এই ক'লা ধানৰ উৎপত্তি সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মত পোষণ কৰে কিন্তু বুৰঞ্জীৰ পাত লুটিয়াই চালে আমি ক'ব পাৰোঁ যে, চীন দেশতেই পোন প্ৰথমে ক'লা ধানৰ খেতি কৰা হৈছিল। আন ধানবোৰতকৈ এই ক'লা ধানৰ চাউলবোৰ বৰ সুগন্ধি আৰু পুষ্টিকৰ। অতীতত চীন দেশত এই ক'লা ধানৰ চাউলৰ ভাত কেৱল মাত্ৰ সম্ৰাটৰ ৰাজপৰিয়াল আৰু ৰাজকীয় শাসনৰ লগত জড়িত পৰিয়ালৰ লোকসকলেহে খাব পাৰিছিল। সেয়ে চাউলবিধক “Emperor’s Rice” কোৱা হৈছিল। অন্য লোকে এই ধানৰ চাউলৰ ভাত খাবলৈ নোৱাৰিছিল। এয়া সম্ৰাটৰ নিৰ্দেশ আছিল। লাহে লাহে এই ক'লা ধানৰ খেতি অন্য দেশসমূহলৈ আহিল। বিশেষকৈ আমাৰ দেশ ভাৰতবৰ্ষ থাইলেণ্ড দেশতো এই খেতি কৰিবলৈ আৰম্ভ কৰে। আনকি পিছলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ,অষ্ট্ৰেলিয়া, ইউৰোপৰ বহু দেশত লগতে এছিয়াৰ বহু দেশতো এই ক'লা ধানৰ খেতি কৰিবলৈ লয়।

               বহু গৱেষকৰৰ ৰাসায়নিক বিশ্লেষণত ধৰা পৰিছে যে বগা চাউলতকৈ ক'লা চাউল অতি পুষ্টিদায়ক আৰু অতি সুগন্ধিযুক্তও । গৱেষকৰ মতে ক'লা চাউলত কাৰ্বহাইড্ৰেটৰ বাহিৰেও ৮.৫ শতাংশ প্ৰ'টিন ৩.৫ মিলিগ্ৰাম শতাংশ আয়ৰন, ৪.১০ মিলিগ্ৰাম শতাংশ ফাইবাৰ পোৱা যায়। ক'লা চাউলত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট উপলব্ধ। তদুপৰি ভিটামিন-ই ,মেগনেছিয়াম, কেলছিয়াম আৰু জিংক পোৱা যায়। ভিটামিন-ই য়ে চকুৰ দৃষ্টি ভালে ৰখাৰ উপৰিও দেহৰ ছাল নিমজ কৰি ৰাখে। ক'লা চাউলত থকা এন্টিঅক্সিডেন্টে হৃদবাহিকা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে। তদুপৰি বিভিন্ন গৱেষকৰ গৱেষণাত ধৰা পৰিছে যে ক'লা চাউলৰ ভাত খালে মানুহৰ আয়ুসকাল বৃদ্ধি হয়। ক'লা চাউলত থকা উচ্চ পৰ্য্যায়ৰ ফাইবাৰে পাচন প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে সহায় কৰে আৰু পেট চফা কৰি ৰাখে। ইয়াৰ উপৰিও ক'লা চাউলে মানুহক মেদবহুলতাৰ পৰা ৰক্ষা কৰে অৰ্থাৎ দেহৰ ওজন হ্ৰাস কৰে। বিভিন্ন ৰোগ নিৰাময় কৰে এই ক'লা ধানৰ চাউলে । বহু বিশেষজ্ঞৰ মতে ডায়েবেটিচ ৰোগীৰ বাবেও ই অতি উত্তম খাদ্য। ক'লা চাউলত থকা উচ্চ পৰ্য্যায়ৰ পুষ্টিদ্ৰব্যসমূহে সিৰাৰ গাঠিত হোৱা এথাৰ'সক্লেৰ'টিক প্লেক গঠনত বাধা দিয়ে।ক'লা ধানৰ চাউলৰ ভাত খালে সিৰাত চৰ্বি জমা হব নোৱাৰে। যাৰবাবে হাৰ্টএটেক ,ষ্ট্ৰোক আদিৰ পৰা বহু পৰিমাণে ৰক্ষা পাব পাৰি। দেহত জমা হোৱা বিভিন্ন অপ্ৰয়োজনীয় বোৰ অথবা দেহত সৃষ্টি হোৱা নানান ধৰনৰ বিষাক্ত পদাৰ্থ বোৰ ক'লা চাউলে নাইকিয়া কৰে আৰু লিভাৰ পৰিষ্কাৰ কৰি ৰাখে।

#উপেন্দ্ৰ ৰাইচ#

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আমগুৰিপাৰা গাঁৱৰ প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভা।উপেন্দ্ৰ ৰাভাই কেইবাবছৰৰ পৰাই এই ক'লা ধানৰ উৎপাদনত ব্যস্ত আছে,জনামতে পঞ্চাশজন সদস্যৰে গঢ়ি তোলা সমবায় সমিতি এখনে ৰাভাৰ নেতৃত্বত কেইবাশ বিঘা মাটিত এই ধানবিধৰ খেতি কৰি যথেষ্ট লাভবান হৈছে। দিল্লীকে ধৰি দেশৰ বিভিন্ন চহৰ তথা ইউৰোপৰ বিভিন্ন দেশৰ বিপণন মলত ‘উপেন্দ্ৰ ৰাইচ’ নামেৰে উপেন্দ্ৰ ৰাভা এই চাউলবিধে যথেষ্ট সমাদৰ লাভ কৰিছে।বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত ‘উপেন্দ্ৰ ৰাইচ’ক দিয়া হয় যথাযোগ্য মৰ্য্যদা।আনকি তেওঁৰ এই সফলতাত বিভিন্ন অনুষ্ঠানৰ পৰা তেওঁলৈ বটাও আগবঢ়োৱা হৈছে,সেইসমূহৰ ভিতৰত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ বঁটা আৰু  উদ্ভাৱনীমূলক কৃষক বঁটা অন্যতম।ৰাভাৰ এই উপেন্দ্ৰ ৰাইচৰ উৎপাদনৰ সফলতাৰ নেপথ্যত  দুধনৈ কৃষি বিজ্ঞান  কেন্দ্ৰৰ অৱদান অনস্বীকাৰ্য