কবিঃ- জুৰি বৰ গোহাঁই দিহিঙ্গীয়া ,আলোকপাতঃ-- সুৰভি বৰ পাত্ৰ গোহাঁই
কবি জুৰি বৰ গোহাঁই দিহিঙ্গীয়াৰ "ডঁৰিয়লিৰ জিলিকা বালি" প্ৰথম খন কাব্য সংকলন । ইতিহাসে গৰকা শিৱসাগৰ জিলাৰ মেছাগড় গোহাঁই গাঁৱৰ জীয়াৰী জুৰি বৰ গোহাঁইয়ে সৰুৰেপৰা গল্প, উপন্যাস, কবিতা আদি পঢ়ি ভাল পাইছিল । কবিয়ে তেওঁৰ জীৱনৰ বাটত পোৱা অভিজ্ঞতাবোৰ অনুভৱৰ বাগিছাত সজাই তুলিছে কাব্যিকতাৰ যোগেদি । তাৰ পৰিপেক্ষিততেই সৃষ্টি হৈছে তেখেতৰ প্ৰথমখন কাব্য সংকলন "ডঁৰিয়লিত জিলিকা বালি" ।
যোৰহাটৰ অগ্ৰণী প্ৰকাশন দিগ্ দৰ্শন প্ৰকাশনে প্ৰস্তুত কৰি উলিয়াইছে কাব্য সংকলন খন । মুঠ বাষষ্ঠিটা
কবিতাৰে সমৃদ্ধ কাব্য সংকলন খনৰ বেটুপাত অংকণ কৰিছে চিত্ৰ শিল্পী জুলি বৰুৱাই । কাব্য সংকলন খন
কবিৰ আৰাধ্য পিতৃ প্ৰয়াত যজ্ঞেশ্বৰ বৰ গোহাঁইদেৱৰ শ্ৰীচৰণত উৰ্চগা কৰিছে ।
কাব্য সংকলন খনৰ প্ৰতিটো কবিতাই ভিন্ন স্বাদেৰে পাঠকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি মোৰ বিশ্বাস । অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বাস্তৱ অনুভূতিয়ে কবিৰ অনুভৱৰ সাগৰত ভুমুকি মৰা ঢৌৰ সমষ্টিবোৰক কাব্যিক ৰূপ দিবলৈ কবিয়ে চেষ্টা কৰিছে।
প্ৰকৃতি, প্ৰেম, বিৰহ, চৰাই আৰু বিশেষকৈ ঋতুৰাণী শৰতক লৈ তেখেতে কেইবাটাও কবিতা লিখিছে কাব্য সংকলন খনত ।
কবিতাৰ বিষয়বস্তু, উপস্থাপন শৈলী সৰল আৰু নিভাঁজ। প্ৰতিটো কবিতাতে মননশীল শব্দমালাই প্ৰাণ পাই উঠিছে, বাস্তৱৰ পৃথিৱীত বুটলি অনা অভিজ্ঞতা । বিৱৰ্তনৰ সমাজত দেখা দিয়া সমস্যাবোৰক লৈয়ো কবিয়ে সজাই তুলিছে অনুভৱৰ কৰণি । প্ৰিয় কবিৰ কবিতাই মানৱসমাজলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ।
কাব্য সংকলন খনৰ "শেষ নোহোৱা যাত্ৰা" নামৰ কবিতাটোৰ জৰিয়তে কবিয়ে জীৱন যাত্ৰাৰ বিষয়ে ক'বলৈ প্ৰয়াস কৰিছে । মানুহৰ জীৱন যাত্ৰা সিমান মসৃণ নহয়। সুখ - দুখ, ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি জীৱনৰ
একাবেঁকা বাটেৰে অতিক্ৰম কৰিব লগীয়া হয়, লক্ষ্যস্থানত উপনীত হ'বলৈ । কেতিয়াবা তীব্ৰ গতিৰে, কেতিয়াবা লেহেমীয়া গতিত । মনে বিচাৰিলেই হাততে সুগন্ধি ফুলৰ সুবাস ল'ব নোৱাৰি । কবিৰ ভাষাতেই সেই কথা স্পষ্টকৈ প্ৰকাশ পাইছে ।
"কবিতা - - (- শেষ নোহোৱা যাত্ৰা, পৃষ্ঠা নং ১৭)।" সুখ দুখৰ চকুলো মচি, /বিৰামহীন
যাত্ৰা /, হাজাৰ বাধা নেওচি, /আগুৱাই গৈ থাকে মন, /
কেতিয়াবা সৰ্পিল গতি, /কেতিয়াবা ৰণুৱা ঘোঁৰাৰ চেঁকুৰ
/কেতিয়াবা সুবিধাৰ অপেক্ষাত থকা /, চুই দিয়া কেৰেলুৱা।
ঠিক তেনেদৰে "(বসন্ত আহিছে " পৃষ্ঠা নং ৩৯) কবিতাটিত কবিয়ে বসন্ত ঋতুৰ প্ৰকৃতিৰ পৰিবৰ্তন তথা ফলে-ফুলে জাতিষ্কাৰ হৈ উঠা ধুনীয়া ধৰণীৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা বৰ্ণনা কৰিছে । "দুবৰিয়ে ববছাৰ কাণে কাণে /, সুহুৰি মাৰি মৰহা আৱৰণ গুচাই/, ন-সাজে সেউজী হৈ /আহ্বান জনালে/ লগৰী হ'বলৈ ।"
বসন্তৰ পৰশ পাই নাহৰ, কপৌ, কেতেকী, খৰিকাজাঁই, তগৰ, গোলাপে যেন মিচিকিয়া হাঁহিৰে সম্ভাষণ জনায়।
প্ৰস্ফুটিত ফুলৰ পাহিয়ে পাহিয়ে মতলীয়া অলিয়ে মৌ চুহে আনন্দত আত্মহাৰা হৈ। প্ৰকৃতিৰ সেউজীয়া ৰূপত মুগ্ধ হৈ অন্যান্য বিহগৰ লগতে কুলিটিয়ে কুউ কুউ কৈ মৌ সনা মাতেৰে সকলোৰে মন প্ৰাণ জুৰ কৰে । মুঠতে বসন্তৰ আগমনে বনৰ বিহগ, অৰণ্য , ফল, ফুল সকলোৱে উদ্ভাসিত হৈ উঠে। প্ৰকৃতিৰ লগতে জীৱশ্ৰেষ্ঠ মানৱেও ন-প্ৰেৰণাৰে জীৱন যাত্ৰাত অগ্ৰসৰ হয় ।
এইদৰেই কবিয়ে তেওঁৰ অনুভৱৰ দলিছাত সিঁচি দিছে শব্দৰ মুকুতা । তেখেতৰ কাব্য সংকলন খনৰ শেষৰফালে
শৰতৰ শিৰোনামেৰে কেইবাটাও কবিতা প্ৰকাশ কৰিছে। তাৰে দুটামান ভাল লগা স্তৱক পাঠকৰ জ্ঞাতাৰ্থে তুলি দিলোঁ ।
(শৰতৰ অনুভৱ, পৃষ্ঠা নং ৫৮)।এদিন আহিবা/
আহিনৰ আবেলি পৰত /চিন্তা নকৰিবা/শাওণৰ বোকাময়
পথ এতিয়া নোপোৱা। কবিয়ে অনুভৱৰ মাজেৰে শৰতৰ আবেলি প্ৰিয়জনক আমন্ত্ৰণ জনাইছে, নিমজ তথা মসৃণ
বাটেদি শৰতত এপাক মাৰিবলৈ কৈছে। কিয়নো শাওণৰ ক্লেদময় বাটপথ শৰতত পোৱা নাযায় ।
কবিয়ে আকৌ কৈছে , "ভাল লাগে তলসৰা শেৱালি /
আলফুলে দুবৰিক সাৱটি /চোতালৰ ধূলিত/ পাতি লৈ
মিতিৰালি ।
সচাঁকৈয়ে, কবি জুৰি বৰ গোহাঁইৰ কাব্য সংকলনখনৰ কবিতাবোৰ হৃদয়ংগম কৰি বহুত ভাল লাগিল।
এইয়া মোৰ ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ । অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰিলো। অনাগত দিনত কবিৰ কাপেৰে নৱ সৃষ্টিৰে অনুভৱৰ পথাৰ জীপাল কৰক ।তাকেই কামনা কৰি সামৰণি মাৰিলো ।
================
ReplyForward |