জীৱনৰ ৰংবোৰে
কেতিয়াবাই মেলানি মাগিলে
আহিব জানো আকৌ ঘূৰি
ৰংবোৰ ৰঙীণ হৈ
সপোনবোৰ দিঠক হৈ-----
দুখবোৰ কেৱল জাপি গৈছোঁ
ঠাহ খাই পৰিছে
দুখেৰে মোৰ হৃদয়
মাজনিশা যেতিয়া ফেচাঁই কুৰুলিয়াই
টুপ টুপ চকুলো মোৰ
নিৰৱে সৰে তেতিয়াই
অব্যক্ত বেদনাত নিশাবোৰ দিন হয়
হাঁহি বোৰ চকুলো হয়
উহঃ নোৱাৰো সহিব
ইমান যান্ত্ৰনা ।
মিঠা গোলাপৰ কাঁইটীয়া ডালবোৰে
বৰকৈ বিন্ধিছে
বাট চাই ৰৈ আছো
সেই দিনটোলৈ ,
যিদিনা এচমকা কলিয়া ডাৱৰে
মোৰ জীৱনৰ সাতোৰঙী ৰংবোৰক
মোৰ সতে বিদায় দিব।