Type Here to Get Search Results !

সুখ বোটলোঁ আহক

 নিবেদিতা ভূঞা ৰাজকুমাৰী


সুখ সুখ বুলি    মানুহ বলিয়া
        নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে    সংসাৰত পায়
           দুখৰ উপৰি দুখ  ৷

        (আনন্দ চন্দ্ৰ আগৰৱালা )


           সুখ নো কি ? বা সুখৰ সংজ্ঞা কি?এই লৈ মানুহৰ মাজত অনেক চিন্তা- ভাৱনা চলি আহিছে যদিও সঠিক সংজ্ঞা আজিও বিচাৰি পোৱা নাই৷ সুখৰ উৎসৰ সন্ধানত মানুহে গোটেই জীৱন পাত পাত কৰিলেও তাৰ উঁহ বিচাৰি নাপায় ৷ সহজভাৱে ক’বলৈ গ’লে সুখ এক স্বৰ্গীয় অনুভূতি৷ ইয়াক ধন-সম্পত্তিৰে কিনিব নোৱাৰি৷ প্ৰকৃতাৰ্থত মানুহৰ মনৰ মাজতে সুখৰ সহবাস বুলিব পাৰি৷সুখক আমি বিভিন্ন দৃষ্টিকোণেৰে চাব পাৰোঁ ৷ যেনে - মানসিক ,শাৰীৰিক , আধ্যাত্মিক ইত্যাদি৷

       মানসিক সুখ বুলিলে আমি এজন ব্যক্তিয়ে নিজৰ জীৱনত লাভ কৰা বা অনুভৱ কৰা মনৰ সন্তুষ্টিৰ কথাকে বুজিম৷কোনো এজন ব্যক্তিয়ে তেওঁৰ ঘৰ-সংসাৰ,সতি-সন্ততি আৰু নিজৰ আশে-পাশে থকা চৌদিশৰ পৰিৱেশৰ পৰা যি প্ৰশান্তি বা আনন্দ লাভ কৰে তাকে এক অৰ্থত সুখ বুলিব পাৰি ৷ সাধাৰণতে , বৰ্তমানসময়ত মানুহৰ মাজত প্ৰবল আত্মকেন্দ্ৰিক মনোভাৱে গা কৰি  উঠিছে৷আগৰ দিনৰ বৃহৎ পৰিয়ালৰ ধাৰণা বৰ্তমান সংকুচিত হৈ ক্ষুদ্ৰ পৰিয়ালৰ মাজত সীমাবদ্ধ হৈ পৰা পৰিলক্ষিত হয় ৷ পিতৃ-মাতৃ আৰু এটা সন্তান ( অতি বেছি কেতিয়াবা দুটা ) এয়াই বৰ্তমানৰ একোটা পৰিয়ালৰ প্ৰতিচ্ছবি৷আনহাতে ব্যস্ততাৰ নিগনি দৌৰিত আমি ইজনে - সিজনক সময় দিব নোৱাৰোঁ৷সন্তানৰ বাবে আমাৰ হাতত সময়ৰ অভাৱ৷ ফলত পৰস্পৰৰ মাজত মানসিক ব্যৱধান ক্ৰমে বাঢ়ি গৈছে৷আজিৰ যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ৷ কৰ্মৰ ক্ষেত্ৰই হওক বা অনান্য ক্ষেত্ৰতে হওক প্ৰতিমুহূৰ্তত আমি কিবা নহয় কিবা এক প্ৰতিযোগিতাৰ সন্মুখীন হওঁ ৷ আপোনজনক দিবলৈ আমাৰ হাতত সময়ৰ নাটনি ৷তেনে পৰিস্থিতিত সন্তানৰ লালন - পালনৰ বাবে অভিভাৱকে সততে আয়া নতুবা ওমলাঘৰৰ আশ্ৰয় লোৱা দেখা যায়৷বহুতো সন্তানে বিদেশত কৰ্মৰত হোৱাত বৃদ্ধ পিতৃ - মাতৃক চাকৰৰ হাতত গতাই বা বৃদ্ধাশ্ৰমত থ’ব লগা পৰিস্থিতি হৈছে৷ গোটেই জীৱন সন্তানৰ ভৱিষ্যতৰ বাবে ধন-সম্পত্তি অৰ্জন কৰি অৱসৰৰ পিছত অভিভাৱকসকল তথা সমাজৰ জ্যেষ্ঠ নাগৰিকসকল তেনেই অকলশৰীয়া হৈ পৰে৷মনৰ দুষাৰ কথা পাতিবলৈ কাষত কোনো নাথাকে৷এইক্ষেত্ৰত যদি পতি-পত্নীৰ মাজৰ কোনো এজনৰ ইতিমধ্যে মৃত্যু হৈছে তেন্তে জীৱিত জনৰ পক্ষে পৰিস্থিতি আৰু অধিক দুঃসহ হৈ পৰে৷

       শ্ৰীযুত বৰুৱাৰ পত্নীৰ সাতবছৰৰ পূৰ্বে মৃত্যু হৈছে৷তেওঁ চৰকাৰৰ উচ্চপদস্থ বিষয়া আছিল ৷ চাকৰিৰ পৰা অৱসৰ লোৱা দুবছৰ হ’ল ৷ ল’ৰা-ছোৱালীহাল বিদেশত কৰ্মৰত আৰু তাতে বিয়া-বাৰু কৰাইছে ৷বছৰত এবাৰ কি দুবাৰ মান স্বদেশলৈ আহি দেউতাকৰ খবৰ লৈ যায়৷ বৰ্তমান তেওঁ উচ্চ ৰক্তচাপ,ডায়েবেটিছ, হাপানী আদি কেইবাটাও ৰোগত আক্ৰান্ত৷গতিকে চোৱাচিতাৰ বাবে ঘৰুৱা নাৰ্চ এগৰাকী অনবৰতে তেওঁৰ কাষত থাকে৷ জীৱনৰ শেষ বয়সত তেওঁ তেনেই অকলশৰীয়া৷ শ্ৰীমতী হাজৰিকা অজস্ৰ সম্পত্তিৰ গৰাকী কিন্তু ড্ৰাগছ আসক্ত একমাত্ৰ পুত্ৰক বচাব নোৱাৰিলে ৷বৰ্তমান তেওঁ মানসিক হতাশগ্ৰস্তাত ভুগি চাৰিবেৰৰ মাজত নিজকে আৱদ্ধ কৰি ৰাখিছে ৷ আনহাতে , শ্ৰীযুতা শইকীয়াই এক দুৰ্ঘটনাত স্বামী আৰু পুত্ৰক হেৰুৱাই অকলশৰীয়া হৈ পৰিল ৷ সৰুপুত্ৰ দিনটোৰ বাবে কৰ্মক্ষেত্ৰলৈ ওলাই যায় ৷ কিছুদিন তেখেত শাৰীৰিক আৰু মানসিক ভাবে ভাগি পৰিছিল যদিও লাহে লাহে লেখা - মেলা আৰু কিতাপৰ মাজত অধিক সময় অতিবাহিত কৰিবলৈ ল’লে৷এদিন ভাগিনীয়েকে তেওঁক ছ’ছিয়েল মিডিয়াৰ সৈতে পৰিচয় কৰাই দিলে৷ ছ’ছিয়েল মিডিয়াৰ জৰিয়তে চিনাকি হোৱা বন্ধু-বান্ধৱী আৰু জ্যেষ্ঠ - কনিষ্ঠ সকলৰ সংস্পৰ্শত,আদৰ- মৰমত  তেওঁ অন্য এখন জগতত প্ৰৱেশ কৰিলে৷ ফেইচবুক গ্ৰুপসমূহত লিখা তেওঁৰ কবিতা,গল্প ,উপন্যাসে কম দিনৰ ভিতৰতে বিপুল সমাদৰ লাভ কৰিবলৈ ধৰিলে৷প্ৰবল মেধাশক্তিৰ অধিকাৰী এইগৰাকী পঞ্চাশোৰ্ধৰ নাৰীয়ে বিবাহৰ পিছত  আধৰুৱা হৈ ৰোৱা সপোনবোৰ বৰ্তমান বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে একমাত্ৰ ধৈৰ্য আৰু মানসিক দৃঢ়তাৰ বলত৷অলপতে তেখেতৰ দুখনকৈ কবিতাপুথি প্ৰকাশ হৈ ওলাইছে৷সঙ্গীততো তেওঁ বিশাৰদ লাভ কৰিছে ৷ এনে ধৰণে সৰু সৰু সুখ বুটলি তেওঁ মানসিক আনন্দ লাভ কৰিছে ৷ বৰ্তমান তেওঁ শাৰীৰিকভাৱে বহুখিনি সুস্থ৷ বিয়াৰ তিনিমাহৰ পিছত স্বামীক হেৰুৱা স্মৃতাই স্বামীৰ নামত পদপথৰ অনাথ শিশুৰ বাবে আশ্ৰম এখন নিৰ্মাণ কৰি কেইবাটাও শিশুক ইতিমধ্যে আশ্ৰয় দিছে৷ শিশুবোৰৰ নিষ্পাপ হাঁহি- ধেমালি চাই চাই সিহঁতৰ মাজতে  সুখ বিচাৰি পাইছে৷ বিমলা আৰু তাইৰ গিৰিয়েকে চাহ বাগানত কাম কৰে৷সিহঁতৰ নিজৰ চাৰিটাকৈ ল’ৰা- ছোৱালী৷ হাজিৰা কৰি পোৱা সামান্য টকা কেইটাৰে বৃহৎ পৰিয়ালটোৰ পেট নভৰে তাতে আকৌ দলংৰ তলত কোনোবাই পাপ লুকুৱাবলৈ চেষ্টা কৰা দেৱশিশু এটাৰ দায়িত্ব স্ব- ইচ্ছাৰে কান্ধ পাতি লৈছে৷ বিমলাৰ মতে আগতে ছটা পেটৰ বাবে যোগাৰ কৰিব লাগিছিল,এতিয়া সাতটাৰ বাবে৷ এই কাম সিহঁতে ভগৱানৰ আশীৰ্বাদ হিচাপে লৈছে আৰু হাজাৰ দুখ- কষ্টৰ মাজতো অন্য এক সুখানুভূতি লাভ কৰিছে৷ বহুলোকে আধ্যাত্মিক চিন্তা-চৰ্চা,দান- দক্ষিণা আদিৰ জৰিয়তে মনৰ প্ৰশান্তি তথা সুখ বুটলিবলৈ চেষ্টা কৰে৷
      
        বৰ্তমানৰ সমগ্ৰ বিশ্ব কৰোনা ভাইৰাছ (COVID19) ৰ গ্ৰাসত ৷ কৰোনা মহামাৰী ফলত জনজীৱন বিধ্বস্ত হৈ পৰিছে৷মানুহৰ মনত হতাশা , অনিশ্চয়তা,আত্মহত্যা আদি প্ৰৱণতাই গা কৰি উঠিছে৷ এনে বিপদশংকুল সময়ত মানসিক ভাৰাসাম্য ৰক্ষা কৰি দেহ-মনৰ সুস্থিৰতা বৰ্তাই ৰাখিব বাবে মানুহে বিভিন্ন উপায় অৱলম্বন কৰিছে৷কোনোবাই যদি ফল-মূল,শাক-পাচলিৰ বাগান পাতিছে  কোনোবাই সাহিত্য- সঙ্গীত-নৃত্য আদিৰ চৰ্চা কৰি সুখানুভূতি ল’বলৈ সক্ষম হৈছে ৷ কোনোবাই আকৌ দুখীয়াসকলৰ মাজত খাদ্য-বস্ত্ৰ আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ (ৰাজনৈতিক দল-সংগঠনৰ কথা কোৱা হোৱা নাই) কৰি আত্মসন্তুষ্টি লৈছে৷আত্মসন্তুষ্টিও এক প্ৰকাৰৰ মানসিক সুখ বুলিব পাৰি৷

     শৰীৰ আৰু মন একেটা মুদ্ৰাৰ দুটা পিঠি৷ সেয়ে মানসিক সুখৰ লগতে শাৰীৰিক সুখৰ কথা জড়িত হৈ থাকে৷কাৰণ “ সুস্থ দেহতহে সুস্থ মনৰ বাস” ৷ গতিকে শৰীৰ নিৰোগী হৈ থাকিলেহে এটা সুন্দৰ মনৰ অধিকাৰী হ’ব পাৰি আৰু সুস্থ চিন্তা-চৰ্চাৰ যোগেদি মানুহৰ সুখৰ প্ৰাপ্তি হয়৷

     “সুখ দুখৰ মনেই কাৰণ
           মনক কৰিবা থিত ;
    ভাগ্যত লভিবা পৰম সন্তোষ
         সাধিবা লোকৰ হিত৷ ”

           ( আনন্দচন্দ্ৰ আগৰৱালা)

        সুখ এনেকুৱা বস্তু নহয় যে কোনোবাই আপোনাৰ বাবে সাঁচি থৈছে আৰু আপুনি নিজৰ প্ৰয়োজনমতে সুখৰ মঞ্জুষাটি মেলি পান কৰি তৃপ্ত হ’ব৷ আচলতে সুখ বিচাৰি আমি হাবাথুৰি খাব নালাগে ৷ সুখ আমাৰ আশে-পাশেই থাকে ৷ বুটলিব জানিলে সুখ নামৰ ফল বিধৰ সোৱাদ সকলোৱে ল’ব পাৰে ৷ ইয়াত ধনী-দুখীয়া, ক’লা-বগা, উচ্চ- নীচৰ কথা নাহে৷ সুখৰ কোনো ধৰ্ম নাই৷সুখৰ কোনো জাতি নাই ৷সুখ আমাৰ আত্মাৰে সৈতে সংপৃক্ত এক স্বৰ্গীৰ অনুভূতি৷ সৰু সৰু কথাতে সুখৰ সন্ধান কৰিব পৰাতোও জীৱন জীয়াৰ কলা বুলিব পাৰি৷কোনোৱে সুখ বুটলে আৰ্তজনৰ মুখত হাঁহি বিৰিঙাই,কোনোৱে বিনন্দীয়া প্ৰকৃতিৰ বুকুত বিচৰণ কৰি,কোনোৱে আকৌ সৃষ্টিশীল পৃথিৱীত বিচৰণ কৰি৷সুখৰ পৰিভাষা বুজিব পৰা জনেই জীৱনৰ মাদকতা উপলব্ধি কৰিব পাৰে৷তেন্তে আহকচোন ! পৰ্বতত কাছ কণী বিচৰা লেখীয়াকৈ সুখ বিচাৰি আপুৰুগীয়া সময়বোৰ নষ্ট নকৰি সৰু সৰু কথাবোৰতে সুখক জুমি চাওঁ৷