Type Here to Get Search Results !

হৃদয়

 জয়ন্ত ৰাজবংশী


 
  

নিলাম নোহোৱালৈ
হৃদয়ৰ পোৱা নাযায়
সঠিক ঠিকনা
যি দৰে
আপোনাৰ আৰু মোৰ
মাজত থকা ব্যৱধান দূৰ নোহোৱালৈ
পোৱা নাযায় আপোন হোৱাৰ গোন্ধ ।

মানুহৰ মাজত
আজি হৃদয় শূণ্য গান
এই গানৰ মাজত
শগুণৰ পাখিত উশাহ
উশাহ লোৱাৰ সময়ত
নাথাকে অনুভৱ
উশাহৰ বাবেই যে আমাৰ পৃথিৱী
যি পৃথিৱীৰ থাকে
হৃদয়ৰ সুকীয়া মান
উশাহ বন্ধ হʼলেই
হৃদয়ৰ ৰঙ ছাঁই ৰঙী ।

হৃদয়ৰ বাবে
আপোনাৰ আৰু মোৰ প্ৰেম
প্ৰেমৰ বাবে হʼলে
হৃদয় চিনি লোৱাহে নহয় সহজ
যি দৰে সহজ
সুখী হোৱাৰ অভিনয়ৰে
অসুখী হৃদয় কঢ়িয়াই ফুৰা ।

হৃদয়ৰ নিলাম
যেতিয়াই তেতিয়াই অʼ
মাথোন
হৃদয়ৰ ৰঙ বুজা মানুহৰ হে অভাৱ
যি অভাৱ
উশাহ থকালৈ নিজৰ ভিতৰতে
বাহিৰলৈ অভাৱ উলিয়াই দিলেই
শিয়ালৰ হোৱা
যি হোৱাত নাই
মানুহৰ উশাহ
প্ৰেমৰ ঘৰ
যি ঘৰত হৃদয় সুৰক্ষিত ।।