Type Here to Get Search Results !

এগৰাকী সফল ৰাজনেতাৰ কথাৰে

 জুলহাছ আলী আহমেদ  


সম্পাদকলৈ চিঠি

এটা বৰ্ণিল যুগৰ অৱসান, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান।


         গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
ঊনবিংশ শতিকাৰ প্ৰথমজন শক্তিশালী নেতাৰূপে সুপ্ৰতিষ্ঠিত অসম প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ খবৰে দেশবাসীৰ লগতে মোকো বাৰুকৈয়ে ব্যথিত, শোকাহত মৰ্মাহত কৰিছে। অজস্র ৰাজনৈতিক নেতাক জন্ম দি আজি পঞ্চভূতত বিলীন হোৱা অসমৰ বৰ্ষীয়ান ৰাজনেতা তৰুণ গগৈক মৃত্যুশয্যাত শায়িত অৱস্থাত দেখি চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। এসময়ৰ মহাপ্ৰতাপী নেতা, অসম কংগ্ৰেছৰ পিতামহস্বৰূপ প্ৰবীণ ৰাজনীতিজ্ঞ শ্ৰদ্ধাৰ তৰুণ গগৈৰ বিষয়ে এই মুহূৰ্তত কি লিখিম? লেখাৰ ভাষা বিচাৰি পোৱা নাই। অসম কংগ্ৰেছৰ দুৰ্গতিৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দি দলটোক চৰকাৰ গঠন কৰাৰ অৱস্থালৈ অনা জেষ্ঠ ৰাজনীতিবিদ তৰুণ গগৈয়ে অস্হিৰ, অশান্ত তথা ঋণত পোত যোৱা ৰাজ্যৰ শাসনভাৰ চম্ভালিয়েই আইন শৃংখলা পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ লগতে নিয়াৰিকৈ ৰাজ্য পৰিচালনা কৰিবলৈ সক্ষম হৈছিল। এনেকুৱা এজন সুনামধন্য, হাঁহিমুখীয়া জনপ্ৰতিনিধি অসমত দ্বিতীয়জন পাবলৈ নাই। ৰাজ্যৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, জেষ্ঠ আইনজ্ঞ তৰুণ গগৈৰ বিষয়ে যিমানেই লিখিম সিমানেই কম হব। প্ৰায় সকলো গুণেৰে সমৃদ্ধ প্ৰজ্ঞাময়ী এইগৰাকী ৰাজনেতাৰ আছিল— ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ধৰ্মীয়, স্থাপত্য, ভাস্কৰ্য আদি সকলো ধৰণৰ জ্ঞান। যাৰ অনুকৰণ কৰি আজি অনেকেই নেতা হবলৈ পাইছে। তেওঁৰ বিয়োগত গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো শোকৰ ছাঁ পৰিছে। ৰাজনৈতিক জগতখনলৈ মহা শুন্যতা সৃষ্টি কৰি পঞ্চভূতত বিলীন হোৱা তৰুণ গগৈৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।—
জুলহাছ আলী আহমেদ