Type Here to Get Search Results !

শেলুৱৈধৰা বেঙুনীয়া জীৱন

 সঞ্জীৱ কুমাৰ বাইলুং


                (তেইশ )


আজি কেইদিনমানৰ পৰা পিংগলক ৰোমাণ্টিক মুডত থকা যেন লাগিছে । নাথাকিবনো কিয় ? ইপ্সিতাই ফোনত ক'লে বোলে পিংগলৰ নিচিনা ল'ৰাবোৰ তাই বৰ ভাল পাই । পৰোক্ষভাৱে তাই এইটোও জনালে যে মানুহৰ জীৱন সুখে সমৃদ্ধিশালী  হ'ব লৈ বহুত টকা পইচা , সুউচ্চ অট্টালিকাৰ আৱশ্যক নাই । লাগে মাথোন আন্তৰিকতা আৰু এখন বহল হৃদয় । মানুহে মানুহক চিনি পাব লাগে বুজি পাব লাগে । অন্তৰত ভক্তি ভাৱ থাকিব লাগে । আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ।
         পিংগলে ইপ্সিতাৰ কথা শুনি অতি ৰোমাঞ্চ হৈ পৰিল । মন মগজুত ল'ৰালিতে ভাল পোৱা ইপ্সিতা জনীৰ লগত বৰ্তমানৰ ইপ্সিতাৰ কথাৰ মিল থাকিলেও ল'ৰালিৰ ভালপোৱা সম্পূৰ্ণ সুকীয়া কথা । সেই ভালপোৱাত কোনো বিনিময় নাই । সেয়া নিস্বাৰ্থ পবিত্ৰ ভালপোৱা । আজিৰ ইপ্সিতাই তাক  ভালপাওঁ বুলি কৈছে তাত কিবা স্বাৰ্থ থাকিব পাৰে নেকি? যদিহে তাই তাক  ক'ব----" পিংগল মই তোমাক ভাল পাওঁ । " যদি ওলোতাই সিও কয় -- " ইপ্সিতা তোমাকো মই  ভাল পাওঁ"  বুলি । আকৌ যদি পিছ মুহূৰ্ততে তাই তাক  ক'ব ---"মই তোমাক ভাল হে পাওঁ মইতো তোমাৰ প্ৰেমত পৰা নাই ।"  তেতিয়া তাৰ অৱস্থা কি হ'ব ?  সিটো এতিয়া সৰু ল'ৰা নহয়  তাৰ  হৃদয়খন কাৰোবাক চুৰমাৰ কৰিবলৈ দিব  ? তাৰো এটা যৌৱন আছে ।  তাইও এতিয়া সৰু ছোৱালী নহয় যে তাই তাৰ জীৱনক লৈ হেতালি খেলিব । যি হয় হ'ব তাইৰ লগত যেতিয়া তাৰ বন্ধুত্ব গঢ়ি উঠিছেই তাইক  সি প্ৰত্যক্ষ ভাৱেই কব ---- " I love you Ipsita. " । যদিহে তাই তাক কব --  "I amn't "   সি  তেতিয়া বেয়া নাপাব কাৰণ Face to Face  প্ৰত্যুত্তৰ পাইছে যাৰ বাবে সিহঁতৰ  শত্ৰুতা নাথাকিব বৰঞ্চ সিহঁত দুয়ো একেলগে কাম কৰিবলৈ দুগুণে উত্সাহ পাব । কিন্তু মনৰ মাজত ভুল বুজাবুজি থাকিলে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু আপচোচ ও ৰৈ যাব পাৰে লগতে কাম কৰাতো মজা নাথাকিব পাৰে  । সিহঁতে  আগবাঢ়িব খুজিছে মহান উদ্দেশ্য হাতত লৈ সমাজৰ হকে কাম কৰিবৰ বাবে  । প্ৰেম ভালপোৱা সমাজত কৈ ডাঙৰ নহয় কিন্তু সমাজ গঢ়িবলৈ ও প্ৰেমৰ আৱশ্যকতা আছে । যিয়েই জীৱন কৰি তুলিব পাৰে VIOLET - The colour of Life বেঙুনীয়া জীৱন |

                           (চৌব্বিশ )
পিংগল হঁতে আয়োজন কৰিবলৈ লোৱা সন্মিলন খনৰ দিন ইতিমধ্যে ধাৰ্য্য কৰা হৈ গৈছে । এপ্ৰিল মাহৰ পাঁচ তাৰিখে অনুষ্ঠিত হ'ব । ইতিমধ্যে social media ৰ যোগেদি সকলোকে জ্ঞাত কৰিছে । প্ৰথমখন সন্মিলনত হ'ব লগা আলোচ্য বিষয় ইতিমধ্যে আলোচনাৰ মাজেদি গ্ৰাহ্য কৰা হৈছে । বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো সমাজ ব্যৱস্থা সুপৰিকল্পিত হৈ উঠা নাই | বিভিন্ন সমস্যাৰ মাজত জৰ্জৰিত । আৰ্থিক ভাৱে কিছু লোক স্বচ্ছল কিন্তু মানসিক ভাৱে দুৰ্বল । শিক্ষিত হাৰ বাঢ়িছে কিন্তু কাৰ্যকৰী বা প্ৰায়োগিক শিক্ষা লাভ কৰাত বিফল হৈছে । সত্যনাথ বৰা ডাঙৰীয়াই কোৱাৰ দৰে বৰ্তমানেও আমাৰ শিক্ষা কামৰ শিক্ষা হৈ উঠা নাই । Life and learning অত্যন্ত প্ৰয়োজনীয় ।  কেইটামান বছৰৰ পাছত দেশত এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব । শিক্ষিত নিবনুৱাৰ সংখ্যাই এক জটিল পৰিস্থিতিৰ সূচনা কৰিব । পিতৃ মাতৃৰ উপাৰ্জনৰ অৰ্থৰে পৰিয়াল চলাবলৈ যোৱা সকলৰ মাজত গৃহ কন্দলৰ সৃষ্টি হ'ব  ইত্যাদি ইত্যাদি বহুতো কথাই আছে । কিন্তু নিৰাময়ৰ বাবে নভবাতোৱেই ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হৈছে । মনোবৈজ্ঞানিক দৃষ্টিৰে সকলো বস্তু চালি জাৰি চাই সমস্যা সমাধানৰ বাবে কিছুমান অতিকৈ লাগতিয়াল কথা প্ৰথমখন সন্মিলনত আলোচনা কৰা হ'ব । সভালৈ বিশিষ্ট মনোবিজ্ঞানী এছ .এম  সভাপণ্ডিত,  দাৰ্শনিক পণ্ডিত পি. কে মনোজ, ধৰ্মীয় সাধু বি. কে শ্যামল, সত্ৰাধিকাৰ প্ৰভু নাৰায়ণনকে আদি কৰি কেইবাজনো সমল ব্যক্তিয়ে সন্মিলনত যোগদান কৰিব । সন্মিলনত প্ৰায় এহেজাৰ মান প্ৰতিনিধি উপস্থিত থাকিব । পিংগল আৰু ইপ্সিতাৰ লগত মানবেন্দ্ৰ আৰু  অভিমন্যুৱে পূৰ্ণ সহযোগিতা আগবঢ়াব । অভি+মন্যু=অভিমন্যু নতুন নাম । যদিও শিক্ষাগত অৰ্হতা সিহঁত দুয়োটাৰে কম বুদ্ধিত কিন্তু বৃহস্পতি । তাতে বহু শিক্ষিতত কৈ সিহঁতৰ ব্যবহাৰিক জ্ঞান, কাৰ্যকৰী শিক্ষাৰ গুণ বহুত উৰ্ধত । জ্ঞান আৰু শিক্ষা দুয়োটা বেলেগ বস্তু । কাৰোবাৰ শিক্ষা বহুত হ'ব পাৰে কিন্তু জ্ঞান কম । ইহঁতৰ শিক্ষা কম কিন্তু জ্ঞানৰ তুলনা নাই । ব্যৱহাৰিক জ্ঞান সৰুতে আয়ত্ব কৰি থৈছে । কাৰণ তেতিয়াৰ সমাজৰ জ্ঞানবান ব্যক্তিৰ লগত সিহঁতৰ সংস্পৰ্শ সৰ্বাধিক আছিল । উচ্চ শিক্ষা লোৱাৰ মন আছিল যদিও পৰিস্থিতিৰ সন্মুখীন হৈ জীৱন হৈ পৰিল দুৰ্বিসহ । জীৱন যে দুয়োটাই ঘূৰাই পাইছে তাত ভগৱানৰ এশ শতাংশ কৃপা আছে । সেয়েহে চন্দ্ৰকুমাৰ আগৰৱালা দেৱে কৈছিল মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ .........জয় জয় মানৱ দেব ........ক্ৰমশ :