Type Here to Get Search Results !

গৌৰীপুৰীয়া গাভৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ লোক সংগীতত প্রেম-বিৰহ

 অজয় বৰুৱা 


    গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী, লোকগীতৰ ৰূপকুঁৱৰী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে পঞ্চাছৰ দশকত গৌৰীপুৰ ৰাজপৰিয়ালৰ দুহিতা আছিল। সংস্কৃতিৰ সৈতে আভিজাত্যৰ অৱধাৰিত যি সম্পৰ্ক সেয়া প্ৰতিমা বৰুৱা পাণ্ডেৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহয়। সৰুৰ পৰাই ব্যতিক্ৰমী চৰিত্রৰ এই অসম-নন্দিনী গৰাকীয়ে লোক-সংগীতৰ প্ৰতি যি আকৃষ্ট হ'ল পিছলৈ তেওঁৰ প্ৰতিটো গীত ,প্ৰতিটো সুৰ, পৰম্পৰাগত ঐতিহ্যৰ শব্দ সম্ভাৰ,নৈতিক স্থিতি গোৱালপৰীয়া তথা ৰাজবংশী সংস্কৃতিত একাত্ম হৈ পৰিল।সংগীত হৃদয় ভৰি থাকিল। সংগীত প্ৰাণ হৈ পৰিল।তেওঁৰ সাধনা, চৰ্চা, প্ৰসাৰত প্ৰতিষ্ঠিত হ'ল এই লোক -পৰম্পৰা।পশ্চিম অসমৰ লোকসংগীত, লোককৃষ্টি নির্ভীকভাৱে সর্বকালৰ বাবে বিশ্বদৰবাৰত প্ৰতিষ্ঠা থৈ গ'ল, আপুৰুগীয়া সম্পদ হিচাবে থৈ গ'ল। এক নতুন মাত্ৰা দি গ'ল। তে‌ওঁৰ এই গীতবোৰ উত্তৰ বংগ, বিহাৰ  ভূটান, নেপাল, বাংলাদেশ  আদিত ভাওয়াইয়া গান হিচাপে পৰিচিত যদিও অসম অসমীয়াৰ বাবে এয়া হৃদৰ গান, প্রাণৰ গান।যিবোৰ গীতৰ মাজত আছে আমাৰ সুখ-দুখ, আবেগ-‌অনুভূতি, আশা-‌আকাংক্ষা প্ৰকৃতি , মাটিৰ গোন্ধ  জীৱন ধাৰণৰ কথা। 

     প্ৰতিমা বৰুৱা পাণ্ডে গোৱা লোকসংগীতসমূহ সাতোটা ভাগত বিভক্ত কৰিব পাৰি৷ দেহতত্ব, বিৰহ, প্ৰেম, মাহুত, ম‌আকাল, কালা আৰু মুছলমান। সমগ্ৰ পৃথিৱীৰ লোকজীৱন বোৰ নিজৰ নিজৰ অঞ্চলৰ নানা লোকগীত বা নানা গীত-মাত মাজত সোমাই থাকে। এইল লোকগীতবোৰ লোকজীৱনৰ নিখুঁত  দাপোণ।য'ত থাকে সমাজৰ ভাবানুভূতি, চিন্তা-কল্পনা, সুকুমাৰ কলাবোৰ, ৰুচি, শিল্প  জ্ঞান আদি।বহুমুখী প্ৰতিভাৰ এই শিল্পী গৰাকীয়ে সেই সময়ৰ ৰক্ষণশীল সমাজৰ প্ৰতিবন্ধকতা নেওচি হৃদয়ৰ পৰা সৰ্বোচ্চ উজাৰি যি গীত গাই গ'ল বা এতিয়া সংৰক্ষণ হৈ আছে সেয়া শুনিলে শ্ৰোতাৰ হৃদয়, মন-প্রাণ ভৰি উঠে। কমতাপুৰৰ লোকসংস্কৃতি প্ৰতি আগ্ৰহ, অনীহা থকা প্ৰতিজন ব্যক্তিকে নিজৰ সাধনা, পৰিশ্রমেৰে প্ৰতিমা বৰুৱা পাণ্ডেই হৃদয়ত স্পন্দিত কৰি গ'ল, দৃষ্টি আকৰ্ষণ কৰি থৈ গ'ল এই লোকগীত, সংস্কৃতি, সংগীত। তে‌ওঁ এটি ধাৰা, এটি নতুন মাত্ৰা প্ৰদান কৰি গ'ল এই গীতবোৰ গোৱালপৰীয়া লোকগীত বুলি। 
       ৰাজবংশী ভাষাত প্ৰেমক বিষয় হিচাপে লৈ ৰচিত গীতসমূহেই হ'ল প্রেমমূলক লোক সংগীত। এই গীতসমূহত প্রেমৰ সৰ্বস্ব দিশ নিখুঁতভাৱে পৰিদৃশ্যমান হয়। মিলন, বিচ্ছেদে পৰিপূর্ণ গীতবোৰৰ অন্ত:নিহীত কথাটো হ'ল সঁচা প্রেম। দুটি প্রেমাস্পদ হৃদয়ৰ জীৱন গঁথা। 
"প্রেম জানে না ৰসিক কালাচান
ও মোৰ ঝুৰিয়া থাকে মন
কত দিনে বন্ধু সংগে 
হবে দৰিশন বন্ধুৰে 
ও বন্ধু ৰে,,,,।"
    স্বামীৰ ভায়েকৰ লগত নবৌয়েকৰ যি প্রথম সেয়া ৰাজবং‌শী লোকগীতৰ এক অন্যতম দিশ‌।
"ও মোৰ ভাবেৰ দেওৰা
তোক দেখং দেওৰা নিজৰ মানুসেৰ মতন
বিয়াৰ ৰাতি দিছেন ছোৱা
হায়, ৰে হায় সেদিন হাতে দেওৰা
ছাড়িছেন মায়া, ও মোৰ ভাবেৰ দেওৰা,,,,।"
    নাৰীয়ে এজন পুৰুষৰ পৰাই নিৰাপত্তা আৰু প্রেম দুয়োটাই সঠিক ভাৱে বিচাৰে। নেপালেই মৰম, স্নেহৰ খেলিমেলি, আদান-প্রদান হয়। আৰু তেতিয়া প্রেম- বিৰহ সহ্যাতীত  হৈ পৰে। এই বিষয় বস্তুলৈয়ে ৰচনা হৈছে অসংখ্য লোকগীত। যিবোৰ প্ৰতিমা বৰুৱা পাণ্ডে কণ্ঠত প্ৰাণ পাই উঠিছে। 
"ও বন্ধু কাজল ভোমোৰা ৰে
কোন দিন আসিবেন বন্ধু 
কয়া যান কয়া যান ৰে
যদি বন্ধু যাবাৰ চান
ঘাৰেৰ গামছা থুয়া যান ৰে,,।" সেইদৰে 
"কন্যা ছাড়িয়া নাযান ও
কন্যা বুকে শেল দিয়া
হাঠিয়া যাইতে কমৰ ঢোলে 
হায়ৰে কাঙ্কিণী গাছেৰ গুৱা।। "
প্ৰেমত বিৰহ চিৰ সত্য।ই কেতিয়া ৰঙীন হৈ নাথাকে। দুখ-বেদনা, সংঘৰ্ষ, কাঁইটেৰে পৰিপূর্ণ।বিদেশী প্রেমিক কিছুদিন ঘৰলৈ যাব ওলালেও প্রেমিকাৰ হৃদয় কৰে, মন বিষাদগ্রস্ত হয়। স্মৃতি সজতনে সাচি ৰাখি প্রেমাস্পন্দৰ সংগ সুখ লভে। সেয়ে প্রেমিকৰ গামোচা, আঙঠি বাঁহী সজতনে ৰাখি থয়। 
"ও প্ৰাণ কুকিলা ৰে
যখন কুকিলা মুই আঙিনা সামটং
তোৰ কুকিলেৰ আই মুই কান্দে শোনং
হাতেৰে বাৰুণ মাটিত থুয়া বসিয়া ভাবং
ও প্ৰাণ কুকিলা ৰে,,। "
প্রেম-বিৰহ যিবোৰ লোকগীত ৰাজবংশী সকলৰ আছে সেয়া অতুলনীয়, নিখুঁত। প্ৰেমে নামানে জাতি-কূল, উচ্চ -নীচ, ধনী-দুখীয়া। বিবাহিত ব্যক্তিৰ বিবাহোত্তোম প্রেম বেছি ৰোমাঞ্চকৰ।ৰাজবংশী লোকগীতত মুক্ত প্রেমৰ প্ৰকাশ সততে দেখা যায়।
"বন্ধুৰ ৱাৰীতে গাছে ঢোলে, 
আৰে হেস্ কা টানে পীৰিত কসে
মাঘ মাসেৰ শীতে। 
যাৰে বন্ধু যা, 
জ্বলেয়া গেইলে মনেৰ আগুন
নিবেয়া গেইলে না। "
     ইয়াত কোনো ঐশ্বৰিক প্রেমমূলক গীত নাই। বিৰহ-বেদনা, দুখ-শোক, ব্যর্থতাপূর্ণ গীতেৰেই পৰিপূর্ণ। 
"ও তোমাৰ গেইলে কি আসিবেন 
মোৰ মাহুত বন্ধু ৰে ?
খাটা খুটো মাহুতৰে তোৰ
গালে চাপ দাৰি। 
সত্য কৰিয়া কন ৰে মাহুত 
কোন দেশেতে বাড়ী ৰে? "
সেইদৰে
"ওকি আবোহে
এহেন  বয়সে বিয়া নাহ‌ইল মোৰে
গাভুৰ বয়স মোৰ গত হয়া যায়
আশা পৰশীৰ বিয়া হয় মাসে মাসে
মোৰ কোন দু:খে বিয়া নাহয় কপালেৰ দোষে,,,। "
   গোৱালপৰীয়া লোকগীতত ব্যৰ্থ প্রেমৰ যাতনা, অপূর্ণতা, নোপোৱাৰ বেদনাৰে ভৰি আছে। বিৰহৰ এনে বাস্তৱ চিত্ৰ অংকন কৰিব পৰাটো এক কলা। আৰু সুৰেৰে প্ৰাণ দিব পৰাটো এক সাধনা। লোকসংগীতৰ এই জগতগনত প্ৰতিমা বৰুৱা পাণ্ডে এগৰাকী সফল সাধক। যাৰ বাবে এক সুকীয়া স্থানো দখল কৰিবলৈ সক্ষম হৈছে। এই গৰাকী সুৰৰ সাধকে ৰাজবংশী সকলক অত্যন্ত সাৱলীলভাৱে নিজৰ সংস্কৃতি আৰু পৰিচিতিৰে গৌৰৱান্বিত কৰি থৈ গ'ল।