Type Here to Get Search Results !

দূৰণি

 পল্লৱ বৰুৱা


দূৰণি মানেইতো
নহয় পাহৰণি
দূৰণিয়ে যদি
দিয়ে কাৰোবাক
বুকুৰ পোৰণি
দূৰণি হয় কাৰোবাৰ বাবে
নতুন দিনৰ আৰম্ভণি....

দূৰণিয়ে কোঙা কৰা
হৃদয়ৰ তুলাচনীত
কেতিয়াবা যদি 
সৰাপাতৰ কঁপনি
কেতিয়াবা সেয়া হৈ পৰে
কেৱল বিষাদৰ সোৱৰণী...

কাৰণ.....
দূৰণি মানেইতো
নহয় পাহৰণি
দূৰণি মাথোঁ
এক দীঘলীয়া
যাত্ৰাৰ বিননি...!!