লক্ষ্মীৰাম নাথ
কজলা ৰং সনা নিশা
ভাহি আহে এটি সুৰ
অমীয়া !
নাচনী চৰাইৰ পাখিত ধৰি
উৰি যায় মন
উৰণীয়া !
উৰুৱাই ৰাখিছা যে
তোমাৰ প্ৰেম ৰঙী
নিচান !
কিয় ইমান গভীৰ
তোমাৰ ওঠৰ ভাষা ?
মৌনতাৰ সুৰেৰে বান্ধিছা
কলিজাৰ জোৱাৰ৷
তুলা পৰি ভাঙি
থানবান হ’ব খোজে
নিশাৰ নীৰৱতা ৷
বুকু ভেদি বৈ যাব খোজে
এটি হুমুনিয়াহ ৷
তথাপিও
মৌনতাই তোমাৰ ওঠৰ ভাষা
উৰিবলৈ এৰি আজি
মোৰ হেপাহৰ নাচনী পখিলা !
চটফটাইছে মোৰ
মুঠিয়া কলিজা
বিৰহৰ বিমূৰ্ত নিশা