গীতাঞ্জলি দেৱী
দৈন্যতাৰ চকুত ওলমি থকা হাবিয়াসবোৰ জীয়া মাছৰ দৰেই খল্-খলাই উঠে ।
পিয়াহত মৰিও মৰিব নোখোজা ভোকে উজাই যাই দেও উঠা ঠাইখনেৰে ।
ষ্ট্ৰীট্ লাইটৰ পোহৰত উগাৰি থকাজনে বিচাৰি থাকে ভালৰো ভাল ব্যঞ্জনৰ ৰুচি । চকুবোৰো নাচি থাকে তেওঁলোকৰ ।
এখন হাতৰ মুঠিত এটা আধামৰা দহ টকীয়া নোটৰ বেথা ,
আন এখন হাতৰ পৰা পাখী মেলি উৰিব খোজে এখন মোনা ।
ভিৰৰ বাট কাটি মহ-মাখিয়ে একেলগে সহবাস কৰে দেও উঠা ঠাইখনত আৰু এটা সময়ত নিতাল মাৰি শুই পৰে ।
ঠিক তেতিয়াই , তীব্ৰ অকটা গোন্ধ এটা জঁপিয়াই আহে আন্ধাৰৰ পৰা পোহৰলৈ ।