Type Here to Get Search Results !

অসমৰ ঐতিহাসিক মৈদাম

 সদানন্দ শইকীয়া


  আহোম ৰাজপৰিয়ালৰ লোক আৰু উচ্চ ৰাজ বিষয়াসকলৰ মৃতদেহ সৎকাৰ কৰা প্ৰথাই হৈছে মৈদাম ৷ এজন মানুহ মৃত্যুৰ পিছত সুন্দৰকৈ ধুৱাই এটা কাঠেৰে নিৰ্মিত আটকধুনীয়া পেৰাৰ ভিতৰত ৰখা হয়৷ কাঠেৰে নিৰ্মিত এই বিশেষধৰণৰ পেৰাটোক ৰুংডাং বুলি কোৱা হয় ৷ এই ৰুংডাং পোতা ঠাইখিনিত এটা ঘৰ নিৰ্মাণ কৰা হয় আৰু ইয়াক ৰুংডাং কাৰেং নামে জনা যায়৷ মৃতকে জীৱিতকালত নিত্যব্যৱহাৰ্য্য সামগ্ৰীসমূহ যেনে শৰাই, কটাৰী, চালপীৰা, হেংদাং, পান-তামোল, চুনৰ টেমা আদি এই ৰুংডাং কাৰেঙৰ ভিতৰত ৰাখিছিল৷ তেওঁলোকৰ মনত বিশ্বাস আছিল যে মৃতকে মৃত্যুৰ পিছতো এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰে৷ ৰুংডাং কাৰেঙৰ গোটেই অংশ সামৰি মাটিৰ এক উচ্চ দৌল সজা হৈছিল৷ দৌলৰ একেবাৰে ওপৰ অংশক চাও বুলি কোৱা হয়৷
   শিৱসাগৰৰ চৰাইদেউত আহোম যুগৰ প্ৰায় ১৫০ ৰো অধিক মৈদাম আছে৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনত মৈদাম সমুহক ৰাষ্ট্ৰীয় সংৰক্ষিত কৃতিচিহ্ন হিচাপে ঘোষণা কৰে আৰু ইয়াৰে প্ৰায় ৩০ খন মৈদাম সংৰক্ষণৰ দায়িত্ব পুৰাতত্ত্ব বিভাগে গ্ৰহণ কৰে৷ পুৰাতত্ত্ব বিভাগে এই মৈদাম সমুহৰ বিষয়ে অধিক জনাৰ উদ্দেশ্য খনন কাৰ্য আৰম্ভ কৰে৷ ঐতিহাসিক আহোম সম্প্ৰদায়ৰ এই মৈদাম সমুহৰ ভিতৰত মানুহৰ লাওখোলা, হাতীৰ দাত, সোণৰ আ-অলংকাৰ, শৰাই, তামোলপাণৰ বটা আদি পোৱা যায় যদিও পুৰাতত্ত্ব বিভাগে এই সম্পদ সমুহ কোনো সংগ্ৰাহলয়ত সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলে৷ মীৰজুমলাৰ অসম আক্ৰমণ আৰু ইংৰাজ সকলৰ শাসনকালৰ সময়ত মোগল আৰু ইংৰাজে বহুতো সোণৰূপ, আ-অলংকাৰ লুটি লৈ যায়৷ যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাট যুদ্ধৰ মুল সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে৷
  এই মৈদাম সমুহ নিৰ্মাণ কৰোতে বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন৷ গুড় ৬৫৩০ টা, মাটিমাহ ৬৫৩ ঢোল, শণ ৬৫৩ ঢোল, শামুক চুন ৮০৪০ ঢোল, চুণশিল ১৫৩৪০ ঢোল, লঠিয়া শিল ৭২৭৭৪ টা, পাটশিল ৯০০টা আৰু ইটা ১২২৫৪৬০ টা ৷ ইয়াৰ উপৰিও কৰাল আদিও ব্যৱহাৰ কৰা হয়৷