কল্পতৰু চৌধুৰী,
মৰিবিলত জলকুঁৱৰীৰ
বিলাপ নেদেখা এখন ছৱি ।
হৃদয় পখালি
চলাথ কৰো মৰাকলঙৰ পাৰ আজুককাৰ লাওখোলাত দেখো ভূচিত্ৰাৱলী ।
জয়াল ৰাতি
বুকুত বহি আছে সাঁচ
বৌদ্ধিক জ্ঞান ফুলি থকা সৰিয়হ খন্দাজানৰ পাৰ ।
মৰিশালী গুচি
ৰ'দঘাই চোতাল হ'ল
কাকিনী তামোল ।
মানুহৰ অ'তপালিত কেঁচাখাইতি যখিনী পলাল ।
নৈখনেও জানে
মথাউৰিৰ নামতেই আগ্ৰাসন
চলিছে আয়তন কমিছে
ইচ্ছাৰ বিৰুদ্ধে ।
তমসা ৰাতি
মায়াৰ বান্ধোনৰে চৰণ পখালো আইৰ ভগৱতীৰ শপত ।
ঈশ্বৰৰ আৰ্শীবাদ
অমৃতৰ সন্তান ইহকাল পৰকাল জ্ঞান বিজ্ঞানত সমকাল ।
ক্ৰমে ক্ৰমে
সলনী হৈছে জীৱন শৈলী
বিশ্বায়নৰ প্ৰভাৱ ।
ৰ'দালিৰ বাসনাত
জাগি উঠে মোৰ সমগ্ৰ
প্ৰতিবাদী সত্বাত আত্মদৰ্শন
হৃদয়ৰ মহা বৈভৱ ।।