Type Here to Get Search Results !

ঐতিহাসিক আবৰ্ত্তত নাজিৰা তৃতীয় খণ্ড

 দীপজ্যোতি বৰ গোহাঞি মাদুৰি


কেৱল মাত্ৰ নাজিৰা চহৰ অঞ্চলতেই  যে বুৰঞ্জীৰ আঁছোৰ বা স্পৰ্শ আছে তেনে নহয় ৷ইয়াৰ সমগ্ৰ  দাঁতি কাষৰীয়া অঞ্চল সমুহো ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ ঐতিহ্য এতিয়াও বহন কৰি আহিছে এই নাজিৰা চহৰৰ লগতে লাগি থকা এখন ঐতিহাসিক খেতি কৰা খাট বা পথাৰ হ’ল জয়-খাম-ডাং খাত ৷স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ ৰাজত্ব কালত ৰজাঘৰীয়া ধানখেতি   কৰিবৰ বাবে বিজ্ঞানসন্মত ভাবে  এই খাতৰ ব্যৱস্হা কৰিছিল ৷জনশ্ৰুতি আৰু কিম্বদন্তিয়ে কয় যে জয়-খাম -ডাংৰ খাতত লাহি ;শালি ;বৰা জহা ;মালভোগ ;আদি ধানৰ খেতি কৰিছিল আৰু ধান মজুত ৰাখিবৰ বাবে ছ অঁৰা ভঁৰাল নিৰ্মাণ কৰিছিল ৷জয়=খাম =ডাং খাতৰ চাউলৰ ভাতৰ সোৱাদৰ কথা এষাৰ পুৰণি যোজনাত এইদৰে পোৱা যায় ======"এঙেৰাৰ গৰু ;পেঙেৰাৰ চৰু :বলামাৰ মাছ আৰু জয়  -খাম -ডাংৰ ভাত ;জয় খাম -ডাংৰ উৎপাদিত ধানৰ চাউলৰ ভাতৰ  সোৱাদৰ বাবেই স্বৰ্গদেউ  সকলৰ ৰাজকীয় ভোজনৰ উপযোগী বুলি ব্যৱহাৰ কৰা হৈছিল ৷জয়-খাম -ডাং = খাত নিৰ্মাণ কৰোতে ৰাজ্যৰ সকলো স্তৰৰ লোকে শ্ৰমদান কৰাৰ কথা পোৱা যায় ৷ জয় -খাম =ডাং খাতৰ চৌবিশটা ভঁৰালৰ জয় -বিজয় -অক্ষয় ;অব্যয় নামৰ চাৰিটা প্ৰকাণ্ড  ভঁৰাল কাহানিও খালি নহৈছিল ৷ৰজা ঘৰৰ ৰাজলক্ষ্মী সদায় বিৰাজ মান আছিল ৷জয় -খাম -ডাং খাতৰ সোঁ মাজতে স্বৰ্গদেউ জয়ধ্ৱজ সিংহই খাত বা পথাৰৰ শস্য আনুষ্ঠানিক ভাৱে আদৰি আনি লখিমী পুখুৰীৰ পানী ৰে  লখিমী আদৰিবলৈ লখিমী পুখুৰী নামেৰে এটা আহল বহলকৈ পুখুৰী খন্দোৱাইছিল ৷পাছলৈ শস্য আদৰি আনি লখিমী আদৰা আদি শুভ কাৰ্য সম্পাদন কৰিবলৈ সেই পুখুৰীৰ পানী ৱব্যহাৰ কৰা বাবেই পুখুৰীটোৰ নাম লখিমী পুখুৰী হৈছিল ৷(২) ঐতিহাসিক মাদুৰি চহৰ ====ছশবছৰীয়া আহোম সকলৰ ৰাজত্ব কালত স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ ৰাজত্ব কালত দিখৌ নৈৰ উত্তৰ পাৰৰ দিলিহিত বুঢ়াগোহাঁই ডাঙৰীয়া সকলক আৰু দিখৌৰ দক্ষিণ পাৰে মাদুৰিত বৰ গোহাঁই ডাঙৰীয়া সকলক বাসস্হানৰ বাবে চহৰ পাতি দিছিল ৷মাদুৰিত প্ৰথম বাসস্হান লোৱা কিলিং -খাম বৰগোহাঁই ডাঙৰীয়াৰ পৰা ১৭ জন ডাঙৰীয়াৰ পিছত বৰ গোহাঁই সকলৰ প্ৰথম ৰাজ মন্ত্ৰী বিষয়বাব খোৱা মহাসতী জয়মতীৰ দেউতাক লাইথেপেনা বৰ গোহাঁইয়ে বাসস্হান লয় ৷মাদুৰিত ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঁইৰ সু--উচ্চ এপুৰা মাটি আগুৰি এটা মৈডাম এতিয়াও আছে ৷তাৰোপৰি আশে পাশে পত্নী সকলৰ মৈডাম আৰু ২৪ জন পুত্ৰ ৰ লানিপাতি সৰুবৰ মৈডাম আছে ৷লগতে মহাসতী জয়মতী কুঁৱৰীৰ জন্মস্হানত ৰজাপুখুৰী নামেৰে এটা ডাঙৰ পুখুৰী আৰু আহোম ৰাজত্ব কালৰ একেবাৰে শেষ ৰাজমন্ত্ৰী মালভোগ বৰ গোহাঁইৰ বাসস্হান আৰশ বাৰীৰ লগতে পুখুৰী আজিও অক্ষত অৱস্হাত আছে ৷ইয়াৰ  উপৰিও মাদুৰিত শিঙি মাছ জীয়াই ৰাখিবৰ বাবে শিঙিমাৰি পুখুৰী ;ফুল ফল ধুবৰ বাবে ফুলীয়া পুখুৰী পাচলৈ (ফ’লীয়া পুখুৰী)ঘৰ ফলীয়া পুখুৰী ;ঘৰ বাৰীৰ ওখ ওখ ঢাপ ৰ অবশিষ্ট আজিও দেখিবলৈ পোৱা যায় ৷মাদুৰি অঞ্চলত ৪২ টাতকৈ অধীক সৰু বৰ মৈডাম আছে ৷ৰেৱতী আৰু? ক’পহুৱা গাওঁ ====দুয়োখন গাঁৱেই বুৰঞ্জীপ্ৰসিদ্ধ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰেৱতী আৰু কপাহী নামৰ দুজনী অতি বিশ্বাসী লিগিৰী আছিল ৷তেওঁলোকে ৰজাঘৰত অতি নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰি দিয়াৰ বাবেই তেওঁলোকৰ মৃত্যুৰ পাছত স্বীকৃতিৰ চিন স্বৰুপে ডিমৌ নদীৰ দুয়োকাষে মানুহৰ ঘৰ বহুৱাই ৰেৱতী আৰু ক’পহুৱা গাওঁ নামেৰে দুখন গাওঁ স্হাপন কৰি দিয়াৰ  উপৰিও ঐতিহাসিক ধোদৰ আলিৰ পৰা এক কিলমিটাৰ নিলগত স্মৃতি ৰক্ষাতে আহল বহলকৈ লক্ষ্মী সিংহই এটা পুখুৰী খন্দোৱাই দিছিল পৰৱৰ্তী সময়ত সেই পুখুৰী থকা অঞ্চলটোৰ নাম লিগিৰী পুখুৰী হয় ৷(আলম লৈ ======আগলৈ )