Type Here to Get Search Results !

উপন্যাসঃ- সপোন সন্ধানী খোজ লেখক- জগত বৰ গোহাঁই

 উপন্যাসঃ- সপোন সন্ধানী খোজ লেখক- জগত বৰ গোহাঁই


আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই চেতিয়া    
      শ্ৰদ্ধাৰ জগত বৰ গোহাঁই চাৰৰ উপন্যাস "সপোন সন্ধানী খোজ" পঢ়িলো । উপন্যাস খনত সত্তৰ আশী দশকৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ পটভূমিত বাস্তৱ চিত্ৰখন অংকণ কৰিবলৈ প্ৰয়াস কৰিছে । ইয়াৰ কাহিনী আৰু চৰিত্ৰ সম্পূৰ্ণ কাল্পনিক । উপন্যাস খনৰ প্ৰকাশক ব্ৰজেন ফুকন। প্ৰচ্ছদ সৰ্জ্জা ৰিদিপ বৰুৱাৰ। মূদ্ৰণ-মেচাৰ্ছ এছ. বি. ডিজিটেল অফচেট প্ৰিন্টাৰ্চ, বৰ্ডিং ৰোড, শিৱসাগৰ  ।
    " সপোন সন্ধানী খোজ" ৰ বিষয়ে কোৱাৰ আগতে লেখক জগত বৰ গোহাঁই চাৰৰ বিষয়ে দুআষাৰ ক'ব  লাগিব । শ্ৰদ্ধাৰ জগত বৰ গোহাঁই  হ'ল , বকতা নেমুগুৰি অঞ্চলৰ বাসিন্দা । সাহিত্য চৰ্চাত আত্মনিয়োগ কৰা বৰ গোহাঁই দেৱৰ প্ৰকাশিত গ্ৰন্থসমূহ  হ'ল - (১) এনাজৰী (গীতি নাটিকা ১৯৭৭),(২)দিম মই কলিজাৰ ৰক্তজবা (গীত ১৯৮০),(৩)ষড়যন্ত্ৰ (নাটক)। এইদৰেই তেখেতে ষোল্লখন বিভিন্ন প্ৰৱন্ধ আৰু কবিতা, নাটক, শিশু উপযোগী একাংকিকা নাটক ৰচনা কৰি সাহিত্য জগতলৈ বৰঙণি আগবঢ়াইছে । তাৰোপৰি "নীহাৰিকা" নামৰ  ভিন্নধৰ্মী আলোচনী (দুমহীয়া) ২০০৪ চনৰপৰা আজি তাৰিখলৈকে চলি আছে । 
     সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত মানৱজীৱন পূৰ্ণভাৱে চিত্ৰিত কৰা সৰ্বোৎকৃষ্ট মাধ্যম হ'ল  উপন্যাস। উপন্যাসৰ
মাজেৰে মানৱ জীৱনৰ পূৰ্ণাংগ, সুস্থ আৰু বৈচিত্ৰপূৰ্ণ  ৰূপৰেখা অংকন  কৰিব পাৰি । (সাহিত্য বিচাৰ) । 
    উপন্যাস খনৰ আৰম্ভণি হৈছে, বিজুলি ঢেৰেকণিয়ে বৰষুণ হৈ যোৱাৰ পিছত প্ৰকৃতিৰ শান্ত সৌম পৰিবেশ,  যিটো পৰিবেশ উপন্যাসৰ নায়িকাৰ  জীৱনৰ লগত তুলনা কৰা হৈছে। মানুহৰ  জীৱনলৈ অহা  বিভিন্ন ঘাত-প্ৰতিঘাতবোৰে এটা সময়ত এৰা দিয়ে । সময় পাৰ হোৱাৰ লগে লগে যেন জীৱনৰ  অভিজ্ঞতাই মানুহৰ মন মগজু শান্ত কৰি তোলে । সেই প্ৰতিচ্ছবি খনকেই মালতী চৰিত্ৰৰ জৰিয়তে লেখকে বৰ্ণনা কৰিছে । জীৱন যৌৱনৰ বহু ঘাত প্ৰতিঘাত পাৰ কৰি জীৱনৰ ভাটি বেলাত আত্মসংস্থাপনৰ যোগেদি মালতীয়ে জীৱনটো থানথিত  লগাই লোৱাৰ সময়তে এৰি অহা জীৱনৰ সোঁৱৰণি এ কেনেকৈ ধৰা দিছে তাকেই প্ৰকাশ কৰিছে। 
         প্ৰথম অধ্যায়ৰ পৰা শেষলৈকে প্ৰতিটো অধ্যায়ৰ চৰিত্ৰ সমূহৰ লগতে পৰিবেশৰ বৰ্ণনা ইমান সুন্দৰকৈ 
ফুটাই তুলিছে, যেন এখন জীৱন্ত নাটক । 
     চ'ত মাহৰ মহাসতী জয়মতীৰ স্মৃতি দিৱস উদ্ যাপন কৰা দিনাই মালতীয়ে  ৰূপমক লগ পাইছিল । প্ৰথম 
পৰ্বত চিনাকি তাৰ পাছত প্ৰেম। দিন বাগৰি যোৱাৰ লগে লগে জীৱনলৈ অহা নানা ঘাত প্ৰতিঘাত ইত্যাদি কথাবোৰ 
ইমান সুন্দৰকৈ পৰিস্ফুট হৈ উঠিছে এটা অধ্যায় পঢ়াৰ পাছত সিটো অধ্যায় পঢ়িবলৈ মনটো উদগীৱ হৈ পৰো । 
    কাহিনীভাগ আগবঢ়াই নিছে অতি সৰ্তকতাৰে । পৰিবেশ বৰ্ণনাৰ ক্ষেত্ৰত ঐতিহাসিক শিৱসাগৰ জিলাৰ 
পুৰণি কীৰ্তিচিহ্ন সমূহৰ  বিশদ বিৱৰণ দি গৈছে,  পুখাংনুপুংখভাৱে । আহোম স্বৰ্গদেউসকলৰ ৰাজধানী 
গড়গাঁও, কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ আদি পুৰণি কীৰ্তিচিহ্নবোৰৰ বৰ্ণনাৰ উপৰিও সেইবিলাকৰ নিৰ্মাণ 
কৌশলৰ কথা বৰ্ণনা কৰিছে । অসমত বয়ন  শিল্পৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ সৰ্ম্পকেও উপন্যাসখনত বৰ্ণনা 
কৰা হৈছে "বয়ন হস্তশিল্প" ত বিদ্যালয়ৰ যোগেদি । উপন্যাসৰ নায়িকাই জীৱনৰ চাকনৈয়াত উটি ভাঁহি  ফুৰাৰ  পিছত "বয়ন শিল্প" ত নিজকে নিয়োজিত কৰি জীৱনৰ বাকীচোৱা কাল অতিবাহিত কৰিবলৈ চেষ্টা  কৰা কাৰ্যই কেৱল প্ৰেম প্ৰত্যাশী হৈয়েই যে জীৱন অতিবাহিত কৰিব নোৱাৰি সেই কথাষাৰ প্ৰতীয়মান হৈছে।  যিমানে বাহিৰত হাঁহি মাতি দিন পাৰ নকৰক কিয়, মালতীয়ে অৰ্থাৎ উপন্যাসৰ নায়িকাই সদায়েই বাট চাই  আছিল তেওঁৰ প্ৰেমিক ৰূপমলৈ । ৰূপমেও মালতীক লগ  পাবলৈ  বিচাৰিছিল যদিও সময়ে সেইয়া হ'বলৈ  নিদিলে।  ভাগ্যৰ বিড়ম্বনাৰ হেতু দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তেওঁলোকৰ মিলনৰ আশা চুৰমাৰ  হ'ল। অৱশেষত ৰূপমে মালতীৰ  খবৰ সংগ্ৰহ  কৰি তেওঁৰ জীৱনত
ঘটি যোৱা গোটেই ঘটনাবোৰ বৰ্ণনা কৰি  এখন চিঠি  দি ডাকযোগে পঠালে । এই চিঠিখন পঢ়ি মালতীৰ মনত
সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰেই উপন্যাসখনৰ পৰিসমাপ্তি  ঘটিছে  । 
       সচাঁকৈয়ে, উপন্যাসখন পঢ়ি  থাকোঁতে পিছৰখিনি কি হ'ব জানিবলৈ উদগীৱ হৈ পৰিছিলোঁ । কাহিনী, কথোপকথন, পৰিবেশ সৃষ্টি আৰু আৰু লেখকৰ জীৱন  দৰ্শন এইকেইটা দিশ উপন্যাসখনত পৰিস্ফুট হৈ উঠিছে । অভিজ্ঞতাপুষ্ট লিখকে বাস্তৱধৰ্মী কল্পনাৰে উপন্যাসখনৰ  প্ৰতিটো উপাদান সামৰিবলৈ সক্ষম হৈছে যেন বোধ হয়। 
       উপন্যাস হিচাপে নহয় এখন ভাল গ্ৰন্থ পঢ়ুৱৈ হিচাপে মোৰ সীমিত অনুভৱৰ কথা প্ৰকাশ কৰিলোঁ। অজানিতে ৰৈ যোৱা ভুলৰ ক্ষমা বিচাৰি জগত বৰ গোহাঁই চাৰৰ সুস্বাস্থ্য আৰু  দীৰ্ঘায়ু কামনা কৰি ইমানতে সামৰণি মাৰিলোঁ । 
==========================