জয়ন্ত ৰাজবংশী
নামি অহা আকাশৰ দৰে
দেহৰ ৰঙ তোমাৰ
ধৰি ৰাখিবলৈ নহয় সহজ
বৈ পৰিবলৈও নাথাকে সুঁতি ।
তোমাৰ খোজৰ বাবে
মাটি পলসুৱা হোৱাৰ সাঁথৰ
নদী এখনি ৰৈ যোৱাৰ বতৰা
তুমি কোঁচৰ সাঁথৰ ভাঙি
নিজেই নিজৰ বাবে সজোৱা
আকাশ হোৱাৰ অভিযান ।
তোমাৰ ওঁঠত ৰʼদ
তোমাৰ দুগালত জোনাক
তোমাৰ দুচকুত তৰাৰ হাঁহি
তোমাৰ দেহৰ ভাঁজত
সূৰ্যৰ চিকুন ঘাট ।
তুমি ছোৱালী বাবে
তোমাৰ সেউজ পৃথিৱীৰ ভাষা সুকীয়া
যি ভাষাৰে তুমি
পথাৰ ভালপোৱাৰ কথা কোৱা
বুকুলৈ
চপাই লোৱা
সোণগুটীয়া হাঁহিৰ নিজন দুপৰীয়া ।।
বৰঙাজুলি চাহ বাগিছা,ওডালগুৰি