Type Here to Get Search Results !

সম্পাদকীয়

 অকণিৰ ধৰণী


      'মলয়' মাহেকীয়া ই-আলোচনীৰ বৰ্তমান প্ৰচাৰ হৈ থকা বিভিন্ন শিতানৰ লগতে এই মাহৰ পৰা শিশু সকলৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্যৰে 'অকণিৰ ধৰণী' নামৰ এটি নতুন শিতান আৰম্ভ কৰা হৈছে। 
     'আজিৰ শিশু, কাইলৈ দেশৰ নাগৰিক' এই কথাষাৰ সৰোগত কৰি 'সমলয়' ত শিশু সকলৰ বিভিন্ন লেখা, শিশু সাহিত্যক সকলৰ লেখা, শিশুৰ বিভিন্ন প্ৰতিভা লিখিত আৰু ভিডিঅ ৰূপত প্ৰকাশ কৰা হ'ব চলিত মাহৰ পৰা । আমি আশাবাদী এই নতুন শিতানটি সকলোৱে আদৰি ল'ব লগতে শিশু সকলৰ বিকাশৰ লক্ষ্যৰে সহযোগিতা আগবঢ়াব।
    আমি  গুৰুত্ব সহকাৰে অনাগত দিনত শিশু সকলৰ পাঠ ভিত্তিক লেখা আৰু শিশু সকলৰ শিক্ষা গ্ৰহণৰ সহায়ক হোৱাকৈ বিভিন্ন পদক্ষেপ লবলৈ প্ৰয়াস কৰিম। সেয়ে এই বিষয়ত আমি এলানি কৰ্মসূচী তৈয়াৰ কৰিছো। যাতে শিশু সকলৰ সৰ্বাঙ্গীণ বিকাশ, চৰ্চাৰ এখনি মঞ্চ দিয়া আৰু আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গী তৈয়াৰ কৰি আগবঢ়াই নিবলৈ প্ৰয়াস হ'ব 'অকণিৰ ধৰণী' শিতানৰ মূল উদ্দেশ্য।
     এতিয়াৰ পৰা প্ৰতি মাহত প্ৰকাশ হ'বলগীয়া 'সমলয়' আলোচনীৰ বাবে শিশু সকলে লেখা পঠাব পাৰিব। আগ্ৰহী জেষ্ঠ জনেও শিশু উপযোগী লেখা এই শিতানলৈ পঠাব পাৰিব। আমি সম্পাদনা সমিতিয়ে উপযুক্ততা বিবেচনা কৰি প্ৰকাশ কৰিম।
  পুনৰ শ্ৰদ্ধাৰে……
অৰুণ কোঁৱৰ
সম্পাদক-
'সমলয়' মাহেকীয়া ই-আলোচনী

২২/১০/২০২০