গীতাঞ্জলি দেৱী
মাধৱীলতাৰ চকুলো সৰা নিশা এজাক চেঁচা সমীৰক সুধিছিলোঁ ,
কি ছন্দ পালে নাচি-নাচি ল'ৰি ফুৰে শুকুলা ডাৱৰ ?
বনহংসৰ মধুৰ মূৰ্চ্ছনাত কোন আহে বাৰু লঁৰিয়ঁলি-বাটেৰে সুহুৰি বজাই ?
সেই সুহুৰি শুনি পানী-যুৱঁলিলৈ হেলনীয়াকৈ কঁপি আছে এখনি শুকুলা চাদৰ ,
আৰু তাৰ থুনুকা-কঁপনিৰ ভাঁজে-ভাঁজে সৰি পৰে এটি নিৰোল্ পুৱা ।
তিৰ-বিৰ দুচকুত ধৰা দিয়ে এই উঠা, এই নমা কোমল কঁহুৱাৰ মৃদু উশাহ ।
সুধি চালোঁ দূৱৰিক কাৰ চকুলো বুকুত সামৰি শেৱালি নিমাতে ৰয় ?
আ: বেদনাৰ বুকুতো থাকে যে জেতুকীয়া সপোন !
জানো মই
জানো মই
সাৰে থাকি ওৰে নিশা উমান পাওঁ সুবাসিত শয্যাত তুমি মোৰ কিমান আপোন !
এ দেহি ! কেনি লুকাই , কেনি লুকাই আকাশী পথেৰে সুৰ সিঁচি গুচি যোৱা জাক-জাক শৰালি?
অৱাক দুনয়নত দেখাকি-নেদেখা হোৱা কাকলিৰ দীঘলীয়া শাৰী ।
তিতি যোৱা মেখেলাৰ পাতলি উজাই গৈ আছোঁ নৈ-পৰীয়া বাটেৰে ,
আৰণ্যক পথে-পথে জিলিকিছে ওৰে ৰাতি সৰি পৰা হাজাৰ তিৰ-বিৰ তৰা ।
মোৰ আকলুৱা , অৰ্নিবাণ-হেঁপাহ
গোপনে ৰাখিছোঁ সামৰি ,
চুলেই যেন চিগি যাব নিয়ৰে মুকুতা গঁথা এধানি সূতলাহি ।