Type Here to Get Search Results !

পুৰণিগুডামৰ কাঠৰ দুৰ্গা প্ৰতিমা আৰু সৃষ্টিৰ নিপুণ খনিকৰ লেৰেলা খনিকৰ

 সদানন্দ শইকীয়া

      সকলোৱেই শৰৎ শুভ্ৰ, শৰৎ  পবিত্ৰ ৷ শৰতেই অফুৰন্ত সৃষ্টিৰো বতৰ ৷ আনফালেদি, শৰৎ উৎসৱৰ বতৰ ৷ শৰৎ আহিলে নিয়ঁৰ আৰু দুৱৰিৰ মিলন হয় ৷ নৈৰ পাৰৰ কহুঁৱাই হালিজালি শৰৎ অহাৰ বাতৰি বিলায় ৷ চৌদিশে কুৱলিৰ আৱৰণ দি প্ৰকৃতিক ৰংবিৰঙৰ সাজেৰে সজাই ধৰালৈ নামি আহে শৰৎ ৷ শৰতৰ স্নিগ্ধ জোনাকৰ তলসৰা শেৱালিৰ সুৱাসে মনত ৰংবিৰঙৰ সপোন ৰচে ৷ এই ভৰ যৌৱনা শৰৎ কালতে ভক্তিৰ অমিয়া ৰস লৈ ধৰালৈ নামি আহে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গতিনাশিনী দেৱী দুৰ্গা ৷ দুৰ্গা নামৰ বুৎপত্তি এনেধৰণৰ ’দ’ আখৰৰে দৈত্য নাশ, উ কাৰে বিঘিণি নাশ, ’ৰেফ’ ৰোগনাশক ’গ’ আখৰে পাপনাশক ’আ’ কাৰে শত্ৰুনাশক ৷ দৈত,বিঘ্ন, ৰোগ, পাপ আৰু শত্ৰুৰ ভয়ৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা ৷

     দুৰ্গা পূজাৰ প্ৰচলন আজিৰ নহয়৷ কোন যুগত কেতিয়া হৈছিল ইয়াৰ কোনো সঠিক তথ্য নাই ৷ হয়তো সৃষ্টিৰ পাতনিৰ পৰাই দুৰ্গাপূজাৰ প্ৰচলন হৈ আহিছে ৷ দেৱী দুৰ্গাৰ প্ৰতিমা সুন্দৰকৈ বনাই আনি ষষ্ঠীত প্ৰতিষ্ঠা কৰি দশমীৰ দিনা বিসৰ্জন দিয়া হৈছিল ৷

*লেৰেলা খনিকৰ বা লেশধৰ শৰ্মা*
***********************
        সৃষ্টিৰ খনিকৰ লেশধৰ শৰ্মা অসমীয়াৰ পথপ্ৰদৰ্শক ৷ তেওঁৰ এই মহান আদৰ্শৰ ওচৰত অসমৰ আবালবৃদ্ধবনিতাই সদায় মুৰ দোৱাই আহিছে ৷ তাহানিৰ পুৰণিগুডামৰ কাঠৰ দুৰ্গাপূজা আজিও জাকজমকতাৰে স্হানীয় লোকসকলে পালন কৰি আহিছে ৷ লেৰেলা খনিকৰৰ অমৰ সৃষ্টিৰ ওচৰত প্ৰতিজন অসমীয়াই চিৰঋণী৷সৃষ্টিত নিপুণ, কৰ্মত পাকৈত অসমীয়াৰ আদৰ্শ পুৰুষ লেৰেলা খনিকৰ বা লেশধৰ শৰ্মাই অতীতৰ পৰা পুৰণিগুডামৰ দেৱী দুৰ্গাৰ প্ৰতিমা বনাই আহিছিল ৷ এইজনা মৃন্ময় মূৰ্তিৰ খনিকৰে বিজয়া দশমীত দেৱীক বিদায় দি শোকত মৰ্মাহত হৈছিল ৷ ১৯০০ চনৰ বিজয়া দশমীৰ দিনা তেওঁ মন দৃঢ় কৰিলে আজিৰপৰা পুৰণিগুদামত কাঠেৰে নিৰ্মিত মূৰ্তিতহে পূজা কৰা হ’ব ৷ কথামতেই এইজনা মহান শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বেলগছৰে নিৰ্মিত কাঠৰ দেৱী মূৰ্তি ৷ তেখেতৰ পুত্ৰ পৰিয়ালৰ সহযোগত দা-কটাৰী, হাতুৰী বটালিৰে শৰতৰ শাৰদীয় বতৰত নিখুঁত ভাবে নিৰ্মাণ কৰি উলিয়ালে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ কাঠৰ মূৰ্তি ৷ লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিক, মহিষাসুৰ আৰু দেৱীৰ বাহন সিংহ, ফেঁচা, ৰাজহাঁহ, নিগনি, ময়ুঁৰ আদিও নিৰ্মাণ কৰি উলিয়াইছিল ৷ ইয়াৰ উপৰিও তেওঁ পূজাত ব্যৱহৃত পিতলৰ ঘন্টা, পিতলৰ মূৰ্তি আৰু লগুণত বন্ধা আঙঠি নিৰ্মাণ কৰিছিল ৷ এইজনা বিশ্বকৰ্মা সদৃশ শিল্পীৰ মূৰ্তি নিৰ্মাণৰ কৰ্মৰাজি সম্পূৰ্ণ বিজ্ঞানসন্মত আছিল ৷ কাঠৰ যোৰাবিলাক ইমান নিখুঁত ভাবে মাৰিছিল যে সহজতে ধৰিব পৰা নাযায় ৷ বেলৰ এঠা, উঁইহাফলুৰ মাটি আৰু ছাগলীৰ লাডেৰে এই যোৰাবিলাক মাৰিছিল ৷ মূৰ্তি বিলাক সুন্দৰভাৱে মিহিকৈ মাটিৰ প্ৰলেপ দি তাৰ ওপৰত প্ৰয়োজনীয় ৰং কৰি আটকধুনীয়া সাজসজ্জাৰে সজ্জিত কৰি যথাস্থানত স্হাপিত কৰিছিল ৷
      শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ প্ৰতিমা স্হাপন কৰাৰ এক মহান আদৰ্শ অৰ্ন্তনিহিত হৈ আছে ৷ মহিষাসুৰ এজন অসুৰ ৷ সেই অসুৰ জনক দেৱীৰ ভৰিৰ তলত ৰখা হৈছে ৷ আমাৰ মনৰ ভিতৰত থকা অসুৰ জনক ভৰিৰ তলত ৰাখিব কৈছে ৷ দেৱীৰ সোঁফালে আছে গণেশ ৷ গণেশ সিদ্ধিদাতা, প্ৰথম পূজনীয় ৷ এইজন মহান পণ্ডিতে ব্যাসদেৱৰ মুখৰে এবাৰ শুনিয়ে পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মগ্ৰন্থ শ্ৰীমদ্ভাগৱত লিখিছিল ৷ আমাৰ মুৰতো গণেশৰ দৰে হ’ব লাগে ৷ লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতিক ৷ আমাৰ সোঁহাতখন লক্ষ্মীৰ দৰে হ’ব লাগে ৷ সততা আৰু নিষ্ঠাৰে নিজ কৰ্ম কৰি যাব লাগে ৷ সৰস্বতী দেৱীৰ বাওঁফালে থাকে ৷ সৰস্বতী হৈছে জ্ঞানৰ প্ৰতিক ৷ মানুহ এজন সৎ নিষ্ঠাবান হ’বলৈ জ্ঞান পুষ্ট হ’ব লাগিব ৷ কাৰ্তিক হৈছে সবাতোকৈ দেখনিয়াৰ মানে সৌন্দৰ্যৰ প্ৰতিক ৷ আমাৰ মনৰ মলিনতা দূৰ কৰি কাৰ্তিকৰ দৰে পবিত্ৰ হ’ব লাগে ৷ ঠিক সেইদৰে সিংহ, ৰাজহাঁহ, ময়ুঁৰ, নিগনি, ফেঁচা আদিৰো মহান আদৰ্শ অৰ্ন্তনিহিত হৈ আছে ৷ কৌৰৱৰ দৰে এজাক পৰিয়াল এটা সময়ত নিঃশেষ হৈ গৈছিল ৷ সিংহৰ দৰে সততাৰে যুঁজি পঞ্চপাণ্ডৱে ডিঙিত জয়ৰ মালা আঁৰি লৈছিল ৷ যৌন কামনাই সমাজত উশৃঙ্খলতাৰ সৃষ্টি কৰে ৷ পিছে,আমাৰ যৌন কামনা ময়ুঁৰৰ দৰে হ’ব লাগে ৷ ময়ুঁৰৰ যৌন সম্ভোগ কেৱল দুচকুৰ মিলনতে হয়, কোনো শাৰীৰিক সম্পৰ্ক নোহোৱাকৈ গৰ্ভৱতী হয়৷ মুঠতে দুৰ্গাপূজাৰ সকলো কৰ্মই আমাক মহান আদৰ্শ দি আহিছে ৷