Type Here to Get Search Results !

পূবৰ আমাজান' দিহিং পাটকাই আৰু মাৰ্ঘেৰিটাৰ ইতিহাসত এভূমুকি

ধীৰেন শইকীয়া



     দক্ষিণ আমেৰিকাৰ ইতিহাস প্ৰসিদ্ধ আমাজান অৰণ্যৰ দৰে এখন অৰণ্যভূমি আমাৰ অসমত থকাটো সৌভাগ্যৰ কথা। পিছে,আমিহে ইয়াৰ 'নুগুনো নলও গম'।যোৱা জুলাই মাহতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালদেৱে এই  দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ  উন্নীতকৰণ কৰে বুলি পঢ়িবলৈ পাইছিলো। 'পূবৰ আমাজান' বুলি অভিহিত এই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড়,শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত অৱস্থিত।দুহেজাৰ চাৰি চনত এইখন বন্যপ্ৰানী অভয়াৰণ্য হিচাপে ঘোষিত হৈছিল।চৰকাৰী তথ্যমতে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ  মাটিকালি প্ৰায় এশ এঘাৰ বৰ্গকিঃমি। এইখন উদ্যান অৰুনাচলৰ চাংলাং জিলাৰ পৰা অসমৰ ডিব্ৰুগড়,শিৱসাগৰ তথা  তিনিচুকীয়ালৈ বিয়পি আছে। এইখন দিহিং পাটকাই অভয়াৰণ্যত  আছে বিভিন্ন উদ্ভিদৰ প্ৰজাতি যেনে হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শামকঠাঁল, ভেৰ, শলখ, ঔটেঙা, ডিমৰু ইত্যাদি৷ অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ এই বৰ্ষাৰণ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জন্তুবোৰ হৈছে হলৌ বান্দৰ,হাতী,বাঘ,বনৰীয়া কুকুৰ,শিহু, দেওহাঁহ,হাড়গিলা আদি। 'পূবৰ আমাজান'এই ৰাষ্ট্ৰীয় উদ্যানখন শৈক্ষিক আৰু বৈজ্ঞানিক গৱেষনাৰ বাবে উপযুক্ত বুলি সকলোৱে বিশ্বাস কৰে।সেয়ে অদূৰ ভৱিষ্যতে ইয়াক কেন্দ্ৰ কৰি পৰ্যটন আৰু গৱেষনা উভয় বিষয়তে উত্তৰণৰ কাম কৰাৰ আঁচনি লোৱাৰো পোষকতা কৰে চৰকাৰে।এই অভয়াৰণ্যখন ভ্ৰমনৰ সুচল সময় হ'ল শীত আৰু বৰ্ষাকাল।বহুতো প্ৰকৃতিপ্ৰেমী সংস্থাই এই ৰাষ্ট্ৰীয় উদ্যানখনক তেল আৰু কয়লা খননৰ পৰা মুক্ত কৰাৰ বাবেও আন্দোলন গঢ়ি তোলাটোৱে পৰিৱেশ ভাৰসাম্য বৰ্তাই ৰখাত ইয়াৰ গুৰুত্ব যে অসীম তাকেই প্ৰমানিত কৰিছে।এই অৰণ্যখনত বছৰি প্ৰায় চাৰি হেজাৰ মিঃমিঃ বৰষুণ হয় বাবেই ইয়াৰ বায়ুমণ্ডল অনবৰতে আৰ্দ্ৰ হৈ থাকে।অন্য ৰাষ্ট্ৰীয় উদ্যানতকৈ এয়াই ইয়াৰ পাৰ্থক্য।বিবিধ চৰাই,স্তন্যপ্ৰায়ী প্ৰানী,অৰ্কিড, সৰীসৃপ,ঔষধি গুনসম্পন্ন উদ্ভিদ, আপুৰুগীয়া গছ লতাৰে এইখন সংৰক্ষনযোগ্য ৰাষ্ট্ৰীয় উদ্যান। জনামতে281 বিধ আপুৰুগীয়া চৰাই, 276 বিধ পখিলা,150 বিধ প্ৰানী,70বিধ প্ৰজাতিৰ মাছৰ ৰম্যভূমি এই পূবৰ আমাজানৰ চুবুৰীয়া গাঁওসমূহত নৃগোষ্ঠীয় অধ্যয়নৰো পৰিৱেশ আছে। জনামতে এই দিহিং পাটকাই পাৰ হৈয়েই আহোম স্বৰ্গদেউ চুকাফাই উত্তৰ ব্ৰহ্মদেশৰ চিউলি নদীৰ পাৰত অৱস্থিত মাউলুং ৰাজ্যৰ পৰা এইখন অসমলৈ আহিছিল বুলি জনা যায়,বহুতে কয় এই সময় 1228 খৃঃৰ আঘোনৰ 16 তাৰিখে অসমৰ টিপামত ভৰি থৈছিল। সেই দিশৰ ফালৰ পৰা এই  অভয়াৰণ্যৰ মাজে মাজে থকা গিৰিপথেদিয়েই এসময়ত দক্ষিণ পূব এছিয়াৰ যাতায়তৰ অন্যতম পথ আছিল। পিছে বৰ্তমান দিহিং পাটকাইৰ অৱস্থা হেনো শোকাবহ, বিগত বছৰবোৰত কয়লাৰ মুক্ত খননে ইয়াৰ কলিজা হেনো উলিয়াই আনিছে। সেয়ে,দিহিং পাটকাই অভয়াৰণ্য ৰক্ষা কৰাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব বুলি সামাজিক মাধ্যমত এক আন্দোলনো গঢ়ি উঠিছে,পিছে এনে অপৰিকল্পিত আন্দোলনে কাক আঘাট হানিব?আনকি সেইসময়ত ডাঙৰ ডাঙৰকৈ চিঞৰিছিল আন্দোলনকাৰী সকলেঃ আহক আমি প্ৰত্যেকেই একত্রিত হৈ কয়লা মাফিয়া তথা অৰণ্য ধ্বংসকাৰীসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিওঁ।পিছে, তাৰ পিছত কি হ'ল সকলো দেখিলেই ৰাইজে। এতিয়াও জৈৱ বৈচিত্ৰতাৰে সমৃদ্ধিশালী  বৰ্ষাৰণ্যখনত প্ৰতিদিনেই বনদস্যুৰ ধ্বংসযজ্ঞ অব্যাহত। 1828 খৃঃত এই 'পূবৰ আমাজান' দিহিং পাটকাইৰ জৈৱ বৈচিত্ৰতাৰ বিষয়ে বৃটিছসকলে সম্ভাৱনীয়তা দেখিছিল অথচ আজি 194 বছৰ পিছতো এইবোৰ সংৰক্ষনৰ কথা আমি শিকাই নাই,ধ্বংসহে কৰিছো। 2002 চনৰ পৰা প্ৰতি বছৰে জানুৱাৰী মাহৰ মাজভাগত কেইবাদিন জুৰি 'দিহি পাটকাই মহোৎসৱ' (দা দিহিং পাটকাই ফেষ্টিভেল)ৰ আয়োজন কৰা হৈ আহিছে, লেখাপানীত অনুষ্ঠিত এই উৎসৱ চৰকাৰীভাৱে পালিত হয়,য'ত বিভিন্ন ৰাষ্ট্ৰৰ পৰ্যটকসকলো আহি জনগোষ্ঠীয় সংস্কৃতি তথা পৰম্পৰাৰ লগত চিনাকী হোৱাৰ সুযোগ পায়।

#1884 খৃঃৰ পৰাই মাৰ্ঘেৰিটা হৈ পৰিছিল ক'লা হীৰা,পনীয়া সোন, কাঠৰকুণ্ডা আৰু চাহৰ বাবে বিখ্যাত#

     ইটালীৰ ৰাণী মাৰ্গাৰেটৰ নাম অনুসৰি তেতিয়াই সাত সাগৰ তেৰ নদীৰ ইপাৰৰ অসমৰ তিনিচুকীয়া জিলাৰ সৰু ঠাই এখনৰ নাম ৰাখিছিল মাৰ্গাৰিটা,পিছলৈ খাৰ খোৱা অসমীয়াৰ মুখত পৰি আজি হ'লগৈ মাৰ্ঘেৰিটা। উল্লেখ্য যে,ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে ৰেল পথৰ কাম  তদাৰক কৰা মানুহজন আছিল এগৰাকী ইটালিয়ান মানুহ,নাম ছেভেলিয়াৰ ৰবাৰ্ট পাগনিনি(Chevalier R Paginini )। তেওঁৰ উদ্যোগতে ছবছৰৰ ভিতৰতে ডিব্ৰুগড়ৰ পৰা লিডুলৈ ৰেলপথ হৈছিল,দিহিং নদীখনত বনোৱা হৈছিল ইতিহাসপ্ৰসিদ্ধ কাঠৰ দলংখনো।'আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী'ৰ মুখ্য কাৰ্যালয়ো পাতিছিল মাৰ্ঘেৰিটাতে।উনবিংশ শতিকাৰ শেষৰফালে মাৰ্ঘেৰিটা আৰু ইয়াৰ আশে পাশে কয়লা আৰু খাৰুৱা তেলৰ সন্ধান পাই এই অঞ্চলত প্ৰথম কয়লা খনন আৰম্ভ কৰে বৃটিছে,গুগুলত থকামতে, 1888 খৃঃত AR & T Co.য়ে  (Assam Railways and Trading Company)পোনপ্ৰথমে মাৰ্ঘেৰিটাত কয়লা খনন কৰিছিল। আন এক তথ্যমতে,এছ ই পীল নামৰ ইংৰাজ চাহাবে এজনে মাৰ্ঘেৰিটা অঞ্চলত কয়লা আৰু খাৰুৱা তেলৰ  উপলব্ধতাৰ বিষয়ে উল্লেখ কৰিছিল।1828 চনত অসমৰ চাফ্ৰাই অঞ্চলত কয়লা জমা হৈ থকাৰ কথা কলেও মাৰ্ঘেৰিটাতহে কয়লা জমা হৈ থকাৰ কথা দেখা গৈছিল তেতিয়া,এনেকৈয়ে ইটালীৰ ৰাণী মাৰ্গাৰেটৰ নাম অনুসৰি পতা চহৰখনত লাহে লাহে কয়লা খনন গঢ়ি উঠিছিল,ডিগবৈত 1901খৃঃত আৰম্ভ হৈছিল শোধনাগাৰটো।কিন্তু আজিৰ উত্তৰ প্ৰজন্মই জনা দৰকাৰ যে 1825 চনত দিহিং নদীৰ পানীত খাৰুৱা তেলৰ চেকুৰা ওপঙি থকা দেখাৰ 68 বছৰ পিছত 1893 চনতহে এইখন মাৰ্ঘেৰিটাতে তেল শোধনাগাৰটো আৰম্ভনি কৰে বৃটিছে।পিছে ইয়াৰ  চাৰি বছৰ আগতেই ডিগবৈত (1889 চনৰ 19 অক্টোবৰত) খাৰুৱা তেলৰ সন্ধান পোৱাৰ পিছত মাৰ্ঘেৰিটাৰ পৰা ডিগবৈলৈ আনে তেল শোধনাগাৰটো। অৰ্থাৎ এই তেল শোধনাগাৰটো আঠবছৰ চলে মাৰ্ঘেৰিটাতেই,তাৰ পিছত 1901খৃঃতহে ডিগবৈলৈ অনা হয় ইয়াক।আন এক তথ্যমতে,1884 চনৰ ফ্ৰেব্ৰুৱাৰী মাহত মাৰ্ঘেৰিটাত কয়লাখনি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। অৰ্থাৎ 1884 ৰ পৰা 1893লৈ এই ন বছৰ মাৰ্ঘেৰিটা চহৰখন কয়লা আৰু খাৰুৱাতেল উভয়ৰে কেন্দ্ৰ বিন্দু আছিল। গুগুলৰ আন এক তথ্যমতে 1920 চনত Assam Saw Mill & Timber Company স্থাপিত হৈছিল, বৃটিছ ফাৰ্ম 'M/S Bird & Co'য়ে এইটো প্ৰতিষ্ঠা কৰিছিল। গুগুলত পোৱা আন এক তথ্যমতেঃAssam Railways & Trading Company (AR&T Company) and Asia’s oldest Plywood Factory ‘The AR&T Plywood Industries’ এই দুয়োটা প্ৰতিষ্ঠানেই গঢ় লৈ উঠিছিল ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাক কেন্দ্ৰ কৰি। সহজ ভাষাত কবলৈ 1881 খৃঃত The Assam Railways and Trading Company Ltd (AR&TC) স্থাপন কৰি হয় যাৰ উদ্দেশ্য আছিল  উজনি অসমৰ প্ৰাকৃতিক সম্পদসমূহ  উদ্ধাৰ, 1881খৃঃৰ 30 জুলাইত গঢ় লৈ উঠা The AR&T company য়ে অসমৰ সম্ভাব্য খনিজ সম্পদৰ বিষয়ে আগতীয়াকৈ পৰিসংখ্যা সংগ্ৰহ কৰিছিল। মুঠতে 1884 খৃঃৰ পৰাই মাৰ্ঘেৰিটা হৈ পৰিছিল ক'লা হীৰা আৰু 1893 চনত পনীয়া তেল,1881খৃঃত কাঠৰকুণ্ডা আৰু 1892 ৰ বাবে মাকুম হৈ পৰিছিল চাহৰ বাবে বিখ্যাত,তেতিয়াৰে পৰা মাৰ্ঘেৰিটা আৰু উপকন্ঠ অঞ্চলত চলি আছে খনিজ সম্পদৰ লুন্ঠনৰাজ