ৰিংকুমনি দত্ত
বিষাদ চহৰত খঁহে জানো কলপতীয়া উশাহ
মোৰ মগজুত ভিনচেণ্টৰ 'ষ্ট্যেৰী নাইটৰ পাঁক...
খিৰীকিৰ সিপাৰে অনিৰুদ্ধৰ তোলপাৰ
কিন্তু কেনেকৈ...!!
কাৰ বুকুত গঁজিল চিত্ৰলেখা..
বন্দীত্বৰ বিষপাণত উষা চোন এতিয়া নীলকণ্ঠা..
এটাই কুৰ্টি মোৰ
কজলা...ঠিক ছাঁ টোৰ দৰে
এৰোৱা চিলাইবোৰত চকলা-চকল ৰঙ,
পানীৰ ৰঙ...ডাৱৰৰ ৰঙ..
কতবাৰ যে পুৱালৈকে পিঁ ছো বৰষুণৰ মদিৰা
কতবাৰ পদূলিত দলিয়াই আহিছো নিমখীয়া চকুহাল, তথাপিও..
ভৰিৰ পটাত আত্মাৰ পংকিল ঘূৰ্ণন
অক্লান্ত...অদম্য
জীৱন জয়ীৰ নিৰন্তৰ তাগজ
কজলা কুৰ্টিটোৰ.......।।