Type Here to Get Search Results !

প্ৰশংসা-সমালোচনা

 অপূৰ্ব নাথ



       পোন প্ৰথমে কও অতিৰিক্ত সকলোৰে বেয়া।নিয়মিত আৰু প্ৰাপ্য খিনিয়ে মানুহক আগুৱাই যোৱাত সহায় কৰে। দুটি সঘনাই ব্যবহৃত হোৱা শব্দ হ'ল- প্ৰশংসা আৰু সমালোচনা। দুটি শব্দৰো গুৰুত্বতা আৰু প্ৰয়োজনীয়তা সৰ্বাধিক। এটি অনুষ্ঠান, এজন ব্যক্তি, এটি ৰাজনৈতিক দল, সকলোবোৰ সুন্দৰ আৰু সুষ্ঠিৰ ভাবে আগবাঢ়ি যাবলৈ এই শব্দ দুটা ৰ আৱশ্যক আছে। শৈক্ষিক জীৱনৰ ক্ষেত্ৰতো এই শব্দ দুটাৰ প্ৰয়োজনীয়তা বহুত।
       ভাল কাম বোৰক আমি সদায় প্ৰশংসা কৰিব লাগে। ভাল কামক ভাল বুলি কবলৈ আমাক সৎ সাহস আৰু দৃঢ়তা লাগিব । এষাৰি প্ৰশংসনীয় বাক্য ই কোনো এগৰাকী ব্যক্তিক আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে সহায় কৰে ,সেয়া লাগিলে এজন ছাত্ৰ ই হওক বা এগৰাকী ব্যৱসায়ীয়েই হওক  । ব্যক্তি এগৰাকীক ভাল কামৰ বাবে প্ৰশংসা কৰিলে ব্যক্তিগৰাকীয়ে মনত সাহস,উৎসাহ, প্ৰেৰণা আদি সকলো পায় ।
       এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত,এটি অনুষ্ঠান ৰ ক্ষেত্ৰত প্ৰশংসা শব্দটোৰ যিমান গুৰুত্বতা আছে, ঠিক সেই একেই পৰিমানৰ গুৰুত্বতা ,প্ৰয়োজনীয়তা আছে সমলোচনা শব্দটোৰ । সমালোচনাই এজন ব্যক্তিক আত্মবিশ্লেষনৰ অৱকাশ দিয়ে । গঠনমূলক সমালোচনাই হে  এজন ব্যক্তিক এটি নতুন ৰূপ দিব পাৰে। সমালোচনা যদি গঠনমূলক হয়,সমালোচনা যদি সৃষ্টিমূলক হয় তেন্তে ব্যক্তিজনে তেওঁৰ ক্ষেত্ৰত হোৱা ভূলবোৰ শুধৰণি কৰি পুনৰাই আগবাঢ়ি যাবলৈ সাহস পায় । কিন্তু যদিহে কোনো যুক্তিহীন ভাবে সমালোচনা কৰা হয় তেন্তে সেই ব্যক্তিজন বা অনুষ্ঠানটি ধংসৰ গৰাহত পৰিব ।

          সেইকাৰণে কোৱা হয় এখন দেশত শক্তিশালী বিৰোধী দল থাকিলেহে শাসকীয় দল অধিক শক্তিশালী আৰু ন্যায়পৰায়নতা হয় । ঠিক একেই দৰে ব্যক্তি এগৰাকীৰ যিমানেই শত্ৰু থাকিব সিমানেই কৰি যোৱা কাম শক্তিশালী আৰু ৰঙীন হ'ব । কাৰণ ব্যক্তিয়ে শত্ৰু ৰ ভয়ত কামবোৰ সুন্দৰ আৰু নিয়াৰিকৈ পালন কৰি যাব।

গতিকে ,প্ৰশংসা আৰু সমালোচনা দুয়োটা শব্দৰে প্ৰয়োজনীয়তা আছে ।


      

ছাত্র, কটন বিশ্ববিদ্যালয়
যোগাযোগ: ৬০০৩৪৬৫৭১৪