Type Here to Get Search Results !

ঐতিহাসিক আবৰ্ত্তত নাজিৰা , (দ্বিতীয় খণ্ড)

 দীপ জ্যোতি  বৰগোহাঞি


        মি নাজিৰাৰ ঐতিহাসিক আবৰ্ত্ত আৰু পটভুমি অধ্যয়ন কৰিলে জানিব পাৰো যে ;ছশ বছৰীয়া আহোম ৰাজত্বত নাজিৰাৰ স্হান বহু ওপৰত আছিল ৷বিশেষ কৈ দিখৌ নদীৰ চুণপুৰা ঘাটত নাওঁ জিৰোৱা বাবেই হওঁক বা অনান্য কৰাণতেই হওঁক অসম বুৰঞ্জীৰ পৃষ্ঠাত নাম উল্লেখ আছে ৷বিশেষকৈ স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ দিনতেই নাজিৰা বেছিকৈ ইতিহাসপ্ৰসিদ্ধ হয় ৷কাৰণ তেখেতৰ পৃষপোষকতাতে  বৃহত্তৰ নাজিৰা অঞ্চলত বহুতো ঠাই খাত ;পাম ;মঠ মন্দিৰ ;দল দেৱালয় ;পুল ;পুখুৰী আদি নিৰ্মাণ হৈছিল ৷নাজিৰা নগৰৰ মধ্যস্হলত আহোম ৰাজত্ব  কালৰ আহোমৰ পুৰোহিত দেওধাই ফুকনৰ বাসস্হান আছিল ৷সেই ঠাইত আজিও দেওধাই পুখুৰীৰ  অবশিষ্ট চিন আছে ৷নাজিৰাত  নগৰৰ মধ্যস্হলত আজিও হাতীকাকতি ;আৰু বেজবৰুৱা পৰিয়াল দুটা ৰজাঘৰীয়া কাকতি সকলৰ পৰিয়াল আছে ৷বেজবৰুৱা পৰিয়ালে আহোম ৰাজত্বকালৰ তামৰ ফলি পাইছিল ৷নাজিৰাতে আছে সেই সময়ৰ বিখ্যাত ৰজাঘৰীয়া ধানৰ খেতি কৰা পথাৰ জয়-খাম =ডাং খাট ;লগতে আছে লখিমি পুখুৰী য’ত খেতিৰ শেষত লখিমি তুলিছিল আদৰি নিছিল ছ:অৰা ভঁৰাললৈ ৷কাষতে   আছে বেৱতী আৰু ক’পহুৱা দুখন গাওঁ ;হেকেৰা বৰ বৰুৱা পুখুৰী ;ৰাজমাওঁ পুখুৰী ;আহোম ৰাজ্য আৰু সীমান্তবৰ্তী নগাৰাজ্যৰ পহৰা চকী   চকী মুখ য’ত নজাৰাজ্যৰ পৰা আহোম ৰাজ্যলৈ নগা সকল আহোতে অনুমতি লব লাগিছিল ৷চকীৰ বিষয়া গৰাকী তুংচু ফুকন ৷চকীমুখৰ আশে পাশে আজিও মেধি বাৰী ;নগাবাৰী ;বৰুৱা ৱাৰী আৰু কলীয়া ভোমোৰা বাৰী নামৰ বাৰী আছে ।চকীমুখ অঞ্চলত থকা মৈডাম সমুহৰ ভিতৰত আটাইতকৈ ডাঙৰ মৈডাম টো হেকেৰা বৰ বৰুৱাৰ মৈডাম বুলি চকী মুখ অঞ্চলৰ বয়ো জেষ্ঠ ব্যক্তি সকলে কয় ৷গড় আলি গোহাই গাঁৱৰ মৈডাম কেইটা আহোম ৰাজত্ব কালৰ অভয়পুৰীয়া বৰ সকলৰ ৰাজকীয় বিষয় বাব খোৱা বৰ গোহাই দুগৰাকীৰ মৈডাম বুলি অনুমান কৰিব পাৰি ৷এই অঞ্চলতে আছে কেঁচু টেকেলি ;ফুলনি বাৰী ;সোন্দৰ পুখুৰী ;বাউলি মৈডাম যি বাউলি গদাধৰৰ বায়েক বন্দৰ বৰফুকনে বিয়া কৰাইছিল ৷বাউলি মৈডাম নাজিৰা নগৰৰ পৰা যোৱা নগা আলিৰ কাষতে আছে অক্ষত অৱস্হাতে ৷নাজিৰাৰে অংশ জয়মতী কু্ঁৱৰীৰ জন্মস্হান ঐতিহাসিক মাদুৰি নাজিৰা নগৰৰ পৰা ৫কিলোমিটাৰ দুৰৰ এখন প্ৰাচীন চহৰ ৷আহোম ৰাজত্ব কালত চুহুংমুং স্বৰ্গদেউৱে দিখৌ নদীৰ উত্তৰ পাৰে দিলিহিত বুঢ়া গোহাই আৰু দক্ষিণ পাৰে বৰগোহাঁই সকলৰ বাবে মাদুৰিত বাসস্হান পাতি চহৰ নামকৰণ কৰিছিল ৷এই মাদুৰিৰে লাইথেপেনা বৰ গোহাঁই যি স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৰাজমন্ত্ৰী বিষয়বাব  পাইছিল সেই লাইথেপেনা বৰ গোহাঁইৰ ঔৰসতে চন্দ্ৰদাৰুৰ গৰ্ভতে মাদুৰিত জয়মতী কুঁৱৰীয়ে জন্ম লাভ কৰিছিল ৷লাইথেপেনা বৰ গোহাঁইৰ ২৪ জন পুত্ৰ আৰু বাৰ গৰাকী বাই ভনী আছিল ৷মাদুৰিত আজিও লাইথেপেনা বৰ গোহাঁইৰ সু উচ্চ মৈডাম থকাৰ উপৰিও পত্নী সকলৰ আৰু ২৪ জন পুত্ৰৰ মৈডাম লানি পাতি আছে ৷মাদুৰিৰ বাঁহ গড়ৰ অতিক্ৰম কৰি চটাই আলি পাৰহৈ গৈছে সেই খিনিতে এখন পকী দুৱাৰ আছিল যাৰ  নাম আছিল  বৰাখোৱা দুৱাৰ ৷মাদুৰি চহৰতে আজিও অক্ষত অৱস্হাত আছে  ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঁইৰ বাসস্হান ৰজা পুখুৰী :ফুলনি পুখুৰী বা ফুলীয়া পুখুৰী ;শিঙি মাছ জীয়াই থোৱা শিঙি মাৰি পুখুৰী ;মাদুৰিৰ দক্ষিণত লাইথেপেনা বৰ গোহাঁইৰ তৃতীয় পুত্ৰ ৰামচন্দ্ৰ খনিকৰ বৰুৱাই খন্দোৱা খটখটী পুখুৰী যাৰ পুৱৰ পাৰটো অলপ খান্দিলেই ইটাৰ খটখটী পোৱা যায় ;খটখটী পুখুৰীৰ বিপৰীত দিশত আহোম ৰাজত্ব কালৰ ৰাজমন্ত্ৰী মালভোগ বৰ গোহাঁইৰ বাসস্হানত  ১০ বিঘা মাটি কালিৰ এটা পুখুৰী আছিল যাৰ নাম মালভোগ বৰ গোহাঁই পুখুৰী ৷কাষতে আছে প্ৰতাপ সিংহৰ মৰমৰ হাতী কেতেকীক বান্ধি থোৱা কেতেকী বাৰী ৷কাষেদি বৈ গৈছে নামডাং নৈ ;লগতে আছে এসময়ত মেজাঙ্কৰি পাতৰ পৰা ৰং তৈয়াৰ কৰি সুতা কাপোৰত ব্যৱহাৰ কৰিছিল বাবেই অঞ’লটোৰ নাম মেজেঙ্গা ;ৰেল লাইনৰ কাষত দটা ৰজা দিনিয়া পুখুৰী আমনি আৰু ঢেলি পুখুৰী =====আগলৈ আলম লৈ

মাদুৰি