কল্পতৰু চৌধুৰী
ফুলবোৰ জকমকাই ফুলিছে
জীৱনে হাঁহিছে ।
মুখফুটাই নক'লেও
নিশাৰ বুকুত হৃদয়ে কান্দিছে ।
কি,ক'ৰো-কি, নক'ৰো
সময় যে-অতি নিষ্ঠুৰ ।
এতিয়া দুঃসময়
ধৰিএীৰ মহামাৰী জ্বৰ ।
নীৰৱ অশ্ৰুধাৰ
বিষাদৰ কুঁৱলি নুবুজা ডাৱৰ ।
ভয়, শংকাত যেন
বিশ্বাস-অবিশ্বাসৰ সময় ।
এই দিন, এই ৰাতি
পলকতে যায় সৰকি ।
ঘড়ী কাঁটাৰ দৰে
সময় গৈছে উৰি ।
সোণৰ সোলেং
অমানিশাত নিস্তব্ধতা স্থৱিৰ ।
জীৱনে ধিয়াই নিৰঞ্জন নিৰাকাৰ প্ৰভু মহিমা অপাৰ ।
মায়াময় সংসাৰত
নাই আজি পাৰাপাৰ ।