Type Here to Get Search Results !

হৃদয়েহে হৃদয়ৰ ভাষা বুজে

 জীনামণি বৰগোহাঁই দুৱৰা


তোমাৰ অবিহনে যে সখা
সৌন্দৰ্য্যৰ মাজতো নেদেখো সুন্দৰতা
আৰু তুমি থাকিলে এই
মৰুময় প্ৰান্তৰো হৈ পৰে
মোৰ স্বৰ্গৰ আৱাস।

মোৰ বুকুৰ মাজৰ সেউজ বনত
তোমাৰ প্ৰতিচ্ছবি অংকিত কৰি
ৰাখি থৈছিলো অতি গোপনে
তুমি আহিছিলা মোৰ জীৱনলৈ
নিঃশব্দে আকুলতাৰে---

সেয়েহে হৃদয়ত পুঞ্জীভূত প্ৰেমৰ ভাৱনা
উথলি উঠিল অতি গোপনে
হৃদয়ে হৃদয়ক লগ পালে
মিলনৰ শংখ বাজি উঠিলে