Type Here to Get Search Results !

শৰতৰ অনুভব

 অৰুণা চেতিয়া খাটনিয়াৰ  



হিনে বন্ধোৱা বাট চ'ৰাই দি এতিয়া
শৰতে আহি খুপি খুপি খোঁজ দিছেহি
শৰতৰ খোঁজৰ পৰশত
উষা ৰাণীৰ বুকুত
মৰমৰ কণাবোৰ ছটিয়াবলে'
শেৱালী জোপা উন্মনা হৈ পৰিছে
নিয়ৰেও আবেগ ঢালিছে
তাকে দেখি জোনাকে নেহাঁহি পাৰেনে?
নিয়ৰৰ আবেগত উদ্ভাসিত হৈ উঠিছে
লহ্পহ্কৈ বাঢ়ি অহা গেঁৰধৰা
কৃষিজীৱীৰ সেউজীয়া ধাননী ডৰা
কোনোবাই প্ৰস্তুতি চলাইছে
দুৰ্গাক বন্দনা কৰি দুৰ্গতি নাশিবলে'
মনবোৰ শান্ত সমাহিত কৰি
নতুন উদ্যমেৰে স্নেহ শ্ৰদ্ধাৰে
শিশুৰ পৰা জ্যেষ্ঠ জনলৈকে
প্ৰেমৰ বোল সানিছে
শিল্পীৰ তুলিকাত মূৰ্তি বোৰ
কেঁচা সোণ হৈ জিলিকি উঠিছে
কেৱল স্মাৰ্ট প্ৰযুক্তিৰ গইনালৈ
শৰতৰ বতৰত বাট এৰি অবাটে নাযাবি
সোণাইহঁত ,নিয়ৰত জিলিকি উঠা
মুকুতাৰ পৰশ জানো নল'বি ?