ওডিচী মেছ
শৰতৰ নিশাবোৰ শুই পৰে,
তলসৰা শেৱালীৰ শুভ্ৰ দলিচাত।
শৰতৰ সন্ধিয়াৰ বতাহজাক কোমল
মখমলৰ বিচনাৰ দৰে,
মাজনিশা শুনা পাঁও ফেচাৰ কলৰোল আৰু কাণ তাল মাৰি যোৱা জিলিৰ মাত।
মোৰ বৰ মন যায়,বিচনাৰ পৰা উঠি শৰতৰ বতাহজাকত জোনাকত জিলিকি থকা সেই শুভ্ৰ শেৱালীবোৰ আলফুলে বুটলিবলৈ।
মই সদায় অতি আশাৰে বাট চাই ৰঁও
শৰতৰ মধুৰ দিনবোৰলৈ
মন যায়,কোমল বতাহজাকত,
শেৱালীৰ শুভ্ৰ দলিচাত শুই পৰিবলৈ
শৰতৰ সুগন্ধি গাত সানিবলৈ
শেৱালীত জোনাকী পৰিলে হীৰা যেন লগা চাবলৈ
শৰতৰ সেই মৃদু বতাহজাকে মই শোৱা খিৰিকীৰ পৰ্দাৰে সোমাই মোক জগাই দিয়েহি।
খিৰিকীৰ কাষত বহি শৰতৰ দিনবোৰ কটাবলৈ
বৰ ভাল লাগে
উস্ কি যে মধুৰ অনুভৱ
যাক মোৰ চুই চোৱাৰ বহু হেপাঁহ !
নোৱাৰো, শৰতৰ অনুভৱ, শেৱালী বুটলিবলৈ
কাৰণ মই যে বন্দী ওখ দেৱালৰ ভিতৰত
পিঞ্জৰাত আৱদ্ধ চৰাই জনীৰ দৰেই।
শৰতৰ আগমণে মোক যিদৰে আনন্দিত কৰে
সেইদৰে গুচি যোৱাৰ বেদনাকো স্পৰ্শ কৰায়
ঠিক মই শৈশৱত এৰি অহা ৰঙবোৰৰ দৰেই
শৰত, বৰ ধুনীয়া শুভ্ৰ সুগন্ধি কোমল
এক সৌন্দৰ্যশীল নাম
যাৰ নিশাবোৰ নিৰিবিলি একোটা ক্ষণ।