Type Here to Get Search Results !

সম্পাদকলৈ চিঠি :: আজি ষষ্ঠী

জুলহাছ আলী আহমেদ


 আজি ষষ্ঠী

য়া দেৱী সর্বভূতেষু বুদ্ধিৰূপেণ সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ...
বৃহস্পতিবাৰে ষষ্ঠীৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা পাব দেৱী দুৰ্গাই। দুৰ্গোৎসৱ বুলি কলেই উখল-মাখল পৰিৱেশ। পিছে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যত নাই কোনো আড়ম্বৰপূৰ্ণ প্ৰস্তুতি। অদৃশ্য কৰোনা ভাইৰাছে যেন এইবাৰৰ পূজা উৎসৱৰ আনন্দত বিধিপথালি দিছে। তাৰ পাছতো অনুষ্টুপীয়া কৈ হলেওঁ দুৰ্গাদেৱীৰ ভক্তসকলে নিয়মমাফিক পূজা কৰিব। দুর্গা পৌৰীণিক দেৱতা। তেওঁ আদ্যাশক্তি, মহামায়া, শিৱানী, ভৱানী, দশভুজা, সিংহবাহনা ইত্যাদি নামে অভিহিত হন। দুর্গ বা দুর্গম নামক দৈত্যক বধ কৰাৰ হেতুকে তেওঁৰ নাম হয়গৈ দুর্গা। জীৱৰ দুর্গতি নাশ কৰে বাবেও তেওঁক দুর্গা বুলি কোৱা হয়। মহিষাসুৰ নামৰ এক দানৱ ৰজাই দেৱতাসকলৰ স্বর্গৰাজ্য দখল কৰাত ৰাজ্যহাৰা দেৱতাসকলে বিষ্ণুৰ শৰণাপন্ন হয়। বিষ্ণুৰ নির্দেশতে সকলো দেৱতাৰ তেজঃপুঞ্জৰ পৰা যেই দেৱীৰ জন্ম হৈছিল তেওঁৱেই দুর্গা। দেৱতাসকলৰ সন্মিলিত শক্তিৰে শক্তিময়ী তথা বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এই দেৱীয়ে যুদ্ধত মহিষাসুৰক বধ কৰে। সেইবাবেই দেৱীৰ অন্য এক নাম হয় মহিষমর্দিনী। কালীবিলাসতন্ত্র, কালিকাপুৰাণ, দেৱীভাগৱত, মহাভাগৱত, বৃহন্নন্দিকেশ্বৰপুৰাণ, দুর্গাভক্তিতৰঙ্গিণী, দুর্গোৎসৱবিবেক, দুর্গোৎসৱতত্ত্ব  প্রভৃতি গ্রন্থে দেবী দুর্গা সম্পর্কে বিস্তাৰিত বর্ণনা আছে।
দুর্গাপূজাৰ প্রচলন সম্পর্কত পুৰাণত উল্লেখ আছে যে, পুৰাকালত ৰাজ্যহাৰা ৰজা সুৰথ আৰু স্বজনপ্রতাৰিত সমাধি বৈশ্য এদিন মেধছ মুনিক আশ্রমত যায়। তাত মুনিৰ পৰামৰ্শ মতে সিহঁতে দেবী দুর্গাৰ পূজা কৰে। পূজাত তুষ্টা দেৱীৰ আশীষত তেওঁলোকৰ মনস্কামনা পূৰণ হয়। এই পূজা বসন্তকালত হৈছিল বুলি তাৰ আৰু এক নাম ‘বাসন্তী’ পূজা।

কৃত্তিবাসী  ৰামায়ণৰ পৰা জনা যায় যে, ৰীমচন্দ্র ৰাৱণ বধৰ কাৰণে অকালত শৰৎকালত দেৱীৰ পূজা কৰিছিল। তেতিয়াৰ পৰাই এয়াৰ নাম হয় অকালবোধন বা শাৰদীয়া দুর্গাপূজা। বাসন্তী পূজা হয় চত মাহৰ শুক্লপক্ষত, আৰু শাৰদীয়া পূজা অনুষ্ঠিত হয় সাধাৰণত আহিন আৰু কেতিয়াবা কাতিৰ শুক্লপক্ষত। সাম্প্ৰতিক শাৰদীয়া পূজাই অধিক প্রচলিত। এই সময়ত শুক্লা ষষ্ঠীতিথিত দেৱীৰ বোধন হয় আৰু সপ্তমী, অষ্টমী তথা নমবী (মহানবমী)-ত পূজাক লৈ দশমীৰ দিন প্রতিমা বিসর্জন দিয়া হয়। এইদিনটোত দোহৰাৰ মেলাও হয়। হিন্দু ধৰ্মাৱলম্বীৰ লোক বিশেষকৈ হিন্দু বঙালী সম্প্ৰদায়ৰ লোকসকলে নতুন কাপোৰ পিন্ধি দোহৰাৰ মেলাত যায়।

দুর্গাপূজা তিন প্রকাৰ: সাত্ত্বিক (জপ, যজ্ঞ ও নিৰামিষ ভোগৰ দ্বাৰা পূজা), তামসিক (কিৰাতদেক কাৰণে বিহিত; ইয়াত জপ, যজ্ঞ তথা মন্ত্র নাই; মদ, মাংস প্রভৃতিৰ দ্বাৰা পূজা কৰা হয়) আৰু ৰীজসিক (পশুবলি তথা আমিষ ভোগৰ দ্বাৰা পূজা কৰা হয়)। অতীতত দুর্গাপূজাৰ সময় ছাগলী, মহ, হৰিণা, গাহৰী আদি বলি দিয়া হৈছিল; কোনো কোনো গ্রন্থত নৰবলিৰ বিধানো আছে। অৱশ্যে বর্তমান বলিৰ প্রচলন নাই বুলি কলেই চলে।

দেৱী সাধাৰণত দশভুজা, পিছে শাস্ত্রানুসাৰে তাৰ বাহুৰ সংখ্যা হ'ব পাৰে চাৰি, আঠ, দহ, ষোল্ল, ওঠৰ অথবা বিশ।

প্রতিমাৰ ৰং হ'ব পাৰে অতসীপুষ্পবর্ণ কিংবা তপ্তকাঞ্চনবর্ণ আৰু কেতিয়াবা তেজবর্ণ। প্রতিমা নহলেওঁ দর্পণত, অনাবৃত ভূমিত, পুস্তকত, চিত্রত, ত্রিশূলত, চৰেত, খড়গত বা জলত পূজা কৰিব পাৰি। দুর্গাপূজাত হিন্দু ধৰ্মৰ সকলো বৰ্ণৰ লোকেই অংশগ্ৰহণ কৰিব পাৰে।

উল্লেখ্য যে, বঙ্গদেশত প্রথমে দুর্গাপূজাৰ প্রচলন আৰাম্ভ হয় মুছলমান সম্রাট আকবৰৰ (১৫৫৬-১৬০৫) ৰাজত্ব কালত ৰাজশ্বাহী জিলাৰ তাহিৰপুৰৰ ৰজা কংসনাৰায়ণ, মতান্তৰত নদীয়াৰ ৰজা কৃষ্ণচন্দ্র ৰায় (১৭১০-১৭৮৩)। হিন্দু ধৰ্মী বিভিন্ন গ্রন্থত দুর্গাপূজাৰ বিস্তৃত বর্ণনা থকাত সহজে অনুমান কৰিব পাৰি যে, বাংলাত দুর্গাপূজা দশম অথবা একাদশ শতিকাতেই প্রচলিত আছিল। হয়তো কংসনাৰায়ণ কিংবা কৃষ্ণচন্দ্রৰ সময়ৰ পৰা তাক অতি জাকজমকতাৰ সহিতে হবলৈ ধৰিছিল। উনৈশ শতিকাত কলকাতাৰ মহাসমাৰোহত দুর্গাপূজা অনুষ্ঠিত হৈছিল। অষ্টাদশ শতিকাৰ শেষলৈ ইউৰোপীয়ান সকলেওঁ দুর্গোৎসৱত অংশগ্রহণ কৰিছিল। যিকি নহওঁক; এইবাৰ মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে ম্লান পোৱা দুৰ্গোৎসৱ আনন্দ অবিহনেই হিন্দু ধৰ্মাৱলম্বী লোকসকলে দেৱী দুৰ্গাৰ পূজা কৰিবলৈ ঠিৰাং কৰাত আমি সদৌটিলৈকে আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ কৰোনাকালত দেৱী দুৰ্গাই দেশ তথা সমাজৰ পৰা সকলো ধৰণৰ অসূয়া, অপ্ৰীতি, অমঙ্গল, জাতিগত ভেদাভেদ, হিংসা, ঘৃণা, বিভেদ, বিদ্বেষ আৰু সাম্প্ৰদায়িকতাবাদক নাইকিয়া কৰি সকলো জাতি, ধৰ্মালম্বী লোকৰ মাজত একতা, বিশ্বাস, শান্তি, সমন্বয় প্ৰতিষ্ঠা কৰিব।—
জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)
দূৰভাষ : ৯৭০৬৬-৬৬১৯২