Type Here to Get Search Results !

শেলুৱৈধৰা বেঙুনীয়া জীৱন (ধাৰাবাহিক উপন্যাস)

 সঞ্জীৱ কুমাৰ বাইলুং


 (বিশ)

    কেইবাবছৰ মূৰত কালি এটা মনোৰম অনুষ্ঠান উপভোগ কৰিলোঁ । পিংগলহঁতৰ গাঁওখন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বৈকুণ্ঠ পুৰীত পৰিণত হৈছিল । সহস্ৰাধিক ভকত বৈষ্ণৱে পুৱাৰ পৰা নিশা বাৰ বজালৈকে ভীৰ কৰিলে নামঘৰ প্ৰাঙ্গণ । মোৰ ভাতৃপ্ৰতীম বন্ধু ৰাজকোঁৱৰ গোবিন্দক লগ পাই পৰম সন্তোষ লভিলোঁ । লগতে জীয়াৰী ইপ্সিতাৰ ব্যৱহাৰে আপ্লুত কৰিলে । তাৱৈ শব্দটো উচ্চাৰণ কৰোঁতে মুখত মৌ বৰষা যেন পালোঁ । আধুনিক যুগৰ শিক্ষিত জীয়াৰী । চাল- চলন ,পিন্ধন -উৰণ ,মাৰ্জিত কথা বতৰাই অকল মোকে নহয় অঞ্চলটোৰ বহুতকে মোহিত কৰিলে । সঁচাকৈ তাইৰ দেহত লক্ষ্মী সৰস্বতী বিৰাজমান বুলি ক'বই লাগিব ।
         ধৰ্মালোচনী সভাখনত সঞ্চালক ৰূপে আছিল পিংগলহঁতৰ গাঁৱৰ বৰমেধী । ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত জ্যোতিষ্মান গগৈ প্ৰভু । মুখ্য আলোচকৰ আসনত বন্ধুবৰ ৰাজকোঁৱৰ গোবিন্দ উপবিষ্ট হৈ "নামঘোষা"ৰ এহেজাৰ এটা ঘোষাৰ তত্ত্ব আৰু তাৰ পৰমাৰ্থিক দিশবোৰ তন্ন তন্নকৈ ফঁহিয়াই দেখুৱাই যি বিৰল প্ৰতিভাৰ সন্ধান দি গ'ল সেয়া চিৰ স্মৰণীয় হৈ ৰ'ব । মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো 'ৰ পৰা আৰম্ভ কৰি এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাবে লৈকে যি সুললিত কন্ঠত গাই গাই ভাৱ বিশ্লেষণ কৰিলে কাণত অহৰহ তাৰ প্ৰতিধ্বনি বাজিয়েই আছে । বিদায় দিয়াৰ পৰত ক'ব নোৱাৰাকৈয়ে আনন্দৰ লোতক বৈ আহিছিল । যাবৰ পৰত তেখেতৰ ঘৰলৈ যাবলৈ বাৰে বাৰে কবলৈ নাপাহৰিলে । বন্ধুত্বৰ এনাজৰী ডাল শিথিল কৰাৰ পৰামৰ্শ দি গ'ল । লগতে দি থৈ গ'ল মোবাইল নম্বৰটো । যিয়ে সদায়ে তেখেতৰ লগত যোগসূত্ৰ স্থাপন কৰাত সহায়ক হ'ব ।
         সন্ধিয়া ঠিক সাতবজাৰ লগে লগে ৰাম বিজয় অংকীয়া নাট ভাগীৰ শুভ উদ্বোধন কৰিবলৈ মাননীয় ড৹ ফুকন ডাঙৰীয়া আগবাঢ়ি আহিল  । আদৰৰ পাটৰ চেলেং ,গামোচা ,শৰাই আদিৰে সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ন কৰা হ'ল । অনুষ্ঠানৰ আঁত ধৰিলে উদিয়মান যুৱক অম্লানে ।
         উদ্বোধনী ভাষণৰ প্ৰাৰম্ভতে ভৰত মুনি নাট্য শাস্ত্ৰৰ পৰা এটি শ্লোক কোমল সুৰত এটা নিৰ্দিষ্ট ৰাগত পৰিৱেশন কৰাৰ লগে লগে গাৰ নোম শিয়ৰি উঠিল । মাধৱগুৰু জনাই শংকৰগুৰু জনাক ধোঁৱাহাট বেলগুৰিত প্ৰথম সাক্ষাত হওঁতে যেনেকৈ 'গাৰ লোম শিঞৰি পৈল' বুলি কৈছিল ঠিক তেনে ।
          ড৹ ফুকন ডাঙৰীয়াই সত্ৰীয়া সংস্কৃতিৰ পৰা নৱবৈষ্ণৱ ধৰ্মৰ আঁতি গুৰি মাৰি অংকীয়া নাট, ব্ৰজাৱলী ভাষা, নাটৰ ৰস, ভকতি ৰস, নাটৰ চৰিত্ৰ, নাট উপস্থাপন বিধি,সূত্ৰধাৰ, মঞ্চ ,বেশভূষা সকলো কথা সামৰি হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে মাত্ৰ চল্লিশ মিনিটৰ ভিতৰত এটা মূল্যবান ভাষণ প্ৰদান কৰি থৈ গ'ল । যাৰ দ্বাৰা বিশেষ কৈ নৱ প্ৰজন্মৰ যি সকল অভিনয় শিল্পী তেওঁলোক বহু পৰিমানে উপকৃত হ'ব বুলি মই ন দি ক'ব পাৰোঁ । 
         নগৰৰ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰৰ বায়ন দলটিৰ খোল তালৰ শব্দই সকলোকে সাত্বিকতা প্ৰদান কৰিলে । আই সকলৰ উৰুলি ধ্বনিৰে মুখৰিত কৰিলে আকাশ বতাহ । 
         ৰাম বিজয় নাটৰ সূত্ৰধাৰকে আদি কৰি ৰাম ,লক্ষ্মন, সীতা, জনক,বিশ্বামিত্ৰ, মাৰীচকে আদি কৰি সকলো চৰিত্ৰই দৰ্শকৰ মনত এনে এটা মিঠা আমেজ দি গ'ল যে দৰ্শক সকলক ভেলেকি বাণ হে যেন মাৰিছে । ক্ষন্তেকতে সকলো দৰ্শকে সত্য যুগে যজ্ঞ আয়োজন কৰিবলৈ হে যেন পূৰ্ণ প্ৰস্তুতি চলাইছে । 
      জনক ৰজাৰ ৰাজসভাত সীতাৰ স্বয়ম্বৰ । হৰধনু ভঙ্গৰ বাবে ৰজা মহাৰজাৰ যি প্ৰয়াস লগতে তেখেতেলোকৰ অভিনয়ে সমূহ দৰ্শকক আকৃষ্ট কৰি সাংঘাটিকভাৱে হাঁহিৰ খোৰাক দি গ'ল । মোৰ শ্ৰীমতী প্ৰিয়দৰ্শীনীৰ আচল হাঁহিটো আজিহে যেন দেখা পালোঁ । হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা ..........!
          পিংগলৰ কালিহে  কিবা ঘৰখন ঘৰ ঘৰ লাগিছে বোলে । ভায়েক বোৱাৰীয়েক আহি ঘৰখন মূৰপাতি লৈছে । আলহী অতিথিকো বোৱাৰীয়েক শেৱালিয়ে সুন্দৰকৈ আপ্যায়ন কৰিছে । কথা বাৰ্তাই সহজতে মানুহৰ মন মুহিব পৰা শেৱালিয়ে সংযম ৰক্ষা কৰি বাৰ্তালাপ কৰে । মূৰৰ ওৰণিটোৰ প্ৰতিও সজাগ ।
       প্ৰায় চাৰিটা মান দশকৰ আগতে এখন বিহু ফাংচনত অসমৰ সঙ্গীত জগতৰ সুকণ্ঠী গায়িকা ৰীণা বেজবৰাৰ   গীতৰ অনুষ্ঠান উপভোগ কৰোঁতে গীত পৰিৱেশনৰ মাজতে ওৰণি খন বাৰে বাৰে টানি থকা দৃশ্যলৈ মনত পৰি গ'ল । কিবা এটা ভাল লাগি গ'ল । শ্ৰদ্ধাবান লভতে জ্ঞানম কথাষাৰৰ সত্যাসত্য যেন প্ৰতিফলন ঘটিল । যেতিয়া অভিয়ে মোক চিনাকি কৰি দিছিল  তেতিয়া  তাই মোৰ  চৰণ চুই সেৱা কৰিছিল ।  মইও হিঁয়া উজাৰি এজোলোকা আশীৰ্বাদ দি "মঙ্গল হওঁক, কুশল হওঁক "বুলি কৈছিলোঁ ।
        পিংগলৰ বৰমাকে ৰান্ধি থোৱা ঢেঁকীয়া ভাজি, কচু শাক পাতত দিয়া, ঔটেঙা খুতৰা শাকৰ জোল বৰ তৃপ্তিৰে খাইছিলোঁ । আলু পিটিকা সনা ইপ্সিতাৰ বোলে বৰ প্ৰিয় যি শেৱালিয়ে বনাই খুৱাইছিল । সকলোকে খুৱাই বুৱাই সন্ধিয়া চাৰে চাৰিমান বজাত ইপ্সিতাহঁতৰ পৰিয়ালটোক    বিদায় দিলে । যাবৰ সময়ত তাই পিংগলক কাণে কাণে কোৱা শুনিলোঁ ভাওনা চাই যাবলৈ নকলা যে ? পিংগলৰ মনটো কেনেবা কেনেবা যেন লাগিল । মই আৰু শ্ৰীমতী পিংগলৰ ঘৰৰ নিশাৰ অতিথি হলোঁ কাৰণ পিংগলৰ অভিনয় চাব লাগিব ।
                                (একৈশ )
     আজি আঠ মাৰ্চ । আন্তৰ্জাতিক নাৰী দিৱস । নাট্যমন্দিৰত কনকলতা প্ৰগতিশীল মহিলা সমিতিৰ লগতে কেইবাটাও মহিলা সংগঠন একত্ৰিত হৈ দিৱস উদযাপনৰ দিহা কৰিছে । দিৱসৰ কাৰ্যসূচীত বিয়া নামৰ প্ৰতিযোগিতা আয়োজন কৰিছে । মোক বিচাৰকৰ বাবে নিমন্ত্ৰণ জনাইছে । এই বুঢ়া বয়সত বহুত সময় ধৰি বহি থাকিবলৈ আমনি পাওঁ যদিও না কৰিব নোৱাৰিলো । কাৰণ দিৱসৰ সফলতা আমি আন্তৰিকতাৰে কামনা কৰোঁ ।
       তাতে আজি  দেবেন্দ্ৰৰ পুতেকৰ বিয়া । কালি মানবেন্দ্ৰ অভিৰ লগত অহা বুলিহে শুনিলোঁ । দেখা সাক্ষাত্ নহ'ল । ধৰ্মালোচনী সভালৈও নগ'ল । সম্ভৱ বিয়াৰ ধামখুমীয়াত নিজকে উটুৱাই দিছে । ভতিজাকৰ বিয়া আনন্দতে উপচি পৰে হিঁয়া । 
           মানবেন্দ্ৰই এটা নতুন জীৱন পালে একমাত্ৰ অভিৰ বাবে । অভিয়েই শহুৰেকক কথাটো কাণ চোৱাইছিল আৰু পাৰে যদি তাক উন্নত চিকিৎসাৰ বাবে লৈ আহিবলৈ কৈছিল । শহুৰেকে দুগুণ উৎসাহেৰে কথাটোত গুৰুত্ব প্ৰদান কৰি এদিন গাড়ী ভাড়া কৰি লগতে সম্পূৰ্ণ খৰচ বহন কৰিবলৈ কুণ্ঠাবোধ নকৰাকৈ তাক লৈ গৈ ভৰ্তি কৰোৱাই দিছিল তেজপুৰ মানসিক চিকিৎসালয়ত    আৰু কেইদিনমানৰ পিছতেই মানসিক শক্তি ঘুৰাই পাইছিল মানবেন্দ্ৰই ।  যিটো কাম দেবেন্দ্ৰৰ সামৰ্থ্য থকা স্বত্বেও এবাৰৰ বাবে হলেও চেষ্টা কৰি চাব পাৰিলেহেঁতেন কিন্তু নকৰিলে । কিয় ?
                              (বাইশ)
একেবাৰে ইচ্ছা নথকা স্বত্বেও শ্ৰীমতীক লৈ বিয়ালৈ যাবলৈ ওলালোঁ । উদ্দেশ্য কিন্তু বিয়া খোৱা নহয় মানবেন্দ্ৰক চোৱাৰহে । ঠিক পাঁচ মান বজাত বিয়া ঘৰত  গৈ উপস্থিত  হ'লোঁ । বিৰাট হাইফাই পেণ্ডেল । কলিকতাৰ পৰা ডিজাইনাৰ মতাই আনি কাৰুকাৰ্য্য খচিত ৰভা ঘৰ সজোৱাইছে । জিকজাক আলোকসজ্জাই ৰভাঘৰ বিতোপন কৰি তুলিছে । দৰাক সজাই পৰাই ময়ুৰ  অংকিত আসনত বহুৱাই থৈছে । ভিডিঅ ৰেকৰ্ডাৰে মানুহ বোৰৰ ফটো , কাৰুকাৰ্য্য  কেমেৰাত বন্দী কৰিছে । চাউণ্ড বক্সত বিয়া নামৰ পৰিৱৰ্তে হিন্দী গীত বুকু কঁপি যোৱা ভলিউমত বজাই থৈছে । কাৰো মাত কোনোৱে নুশুনে । দৰাটোক এষাৰ মাত দি শুভকামনা জনালোঁ । দেউতাকে খানা খাবলৈ ভিতৰলৈ মাতি নিলে । বিশটাতকৈও অধিক আইটেম । বোফে চিষ্টেম । যাৰ যিমান ইচ্ছা সিমান খাব পাৰে । বিধে বিধে আঞ্জা মাছ মাংস পণিৰ --যাৰ যি মৰ্জি ।
          মই একো নাখালো মাত্ৰ  ৰসগোল্লা আৰু একাপ কফি খালোঁ । শ্ৰীমতীক ভিতৰলৈ মাতি নিলে । চিৰা দৈ জলপান খালে বোলে ।
         বৰযাত্ৰী যাব লগীয়া Xylo গাড়ী খন ভিন্ন ৰঙী ফুলেৰে সুশোভিত কৰি সুগন্ধিত কৰি থৈছে । কইনাক জোৰুণ পিন্ধাবলৈ মানবেন্দ্ৰও গ'ল । গতিকেলৈ  তাক লগ ধৰিবলৈ  অলপ  সময়ৰ বাবে অপেক্ষা কৰিব লাগিব বুলি ক'লে । সেয়েহে পাছত লগ পাম বুলি কৈ  বিদায় ললোঁ । 
         বেচেৰা পিংগলে আগদিনা অনুষ্ঠান পতা ভাগৰে যোৱা নাই । তথাপিও নিজৰ বুলি ভাবি একো কুন্ঠাবোধ নকৰাকৈয়ে বিয়া খনত লাগি ভাগি দিছে । কফি খাই থাকোঁতে পিংগলে আহি , কালি হৈ যোৱা অনুষ্ঠান ভাগীৰ কথা সুধিলেহি .......

      - চাৰ কালি কেনেকুৱা লাগিল ?
     - ভাষাৰে বুজাব নোৱাৰো পিংগল । অতি মনোৰম অনুষ্ঠান এভাগি পাতিলা ।
     - চাৰ আজি ইমান পুৱাতেই গুচি আহিল যে ?
    - ক'ত ইমান পুৱা ।  তোমালোকৰ ঘৰৰ পৰা ওলাওঁতে ছয় বাজিলে । শেৱালিয়ে চাহ জলপান খুৱাই  পঠিয়াইছে । তোমাৰ যথেষ্ট কষ্ট হৈছিল বাবে শুবলৈ দিলোঁ । আমনি নকৰিলোঁ .......
           শেৱালিয়ে কৰা আপ্যায়নত সন্তুষ্ট হলোঁ ।.... পিংগলৰ মুখত এটা বুজাব নোৱাৰা আনন্দৰ ভাব প্ৰস্ফুটিত হ'ল ।
         সন্ধিয়া সাত বজাত বৰযাত্ৰী যাব । জাউৰিয়ে জাউৰিয়ে আয়তী সকলে বিয়া নাম গাই   বৰযাত্ৰীক শুভকামনা জনাই যাবলৈ শেষ উৰুলি দিছেহে    ....... ফোনত  ....কোনোবাই খৱৰ দিলে. .....    ছোৱালী বোলে নাই...... তাই ভালপোৱা ল'ৰা  এটালৈ  পলাই গ'ল ............ স্বতঃস্ফুৰ্ত ভাবে মানুহৰ মুখৰ পৰা ওলাই আহিল এটা শব্দ .....ডাংকাটি..নাপাই দেই....  ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ মঞ্চ সফল নাটক " মাজ নিশাৰ চিঞৰ"ত ব্যৱহাৰ কৰা শব্দ টোহে মোৰ ক'বলৈ মন গৈছিল ...নকলোঁ .... কাৰণ বহুত কথা আছে ........
ক্ৰমশ :