Type Here to Get Search Results !

বৈধব্য ::অণু গল্প

  দিতী বৰদলৈ

    অফিচলৈ কিছু পলম হোৱা সীমাই বিক্ৰমখনত লৰালৰিকৈ উঠি লোৱাৰ কিছুপৰ পাছতে কোনোবাই ভালনে বুলি মতা শুনি ঘূৰি চালে। ইমান পৰে মন নকৰা তাইৰ কাষতে বহি অহা বগা সাজ পৰিহিতা মানুহ গৰাকী দেখোন শেৱালী বাইদেউ। সদায়ে ৰঙীন মেখেলা চাদৰ অথবা শাৰীত দেখি অহা ধুনীয়া মানুহজনীক অধিক উজ্বল কৰি তোলা কপালৰ ডাঙৰ ৰঙা ফোঁটটোৰ লগতে সেন্দুৰকণ নেদেখি তাই হতবাক্ হ'ল । বাটত যাওঁতে প্ৰায়ে লগ পোৱা তাইৰ কাৰ্যালয়ৰ ওচৰৰে বিদ্যালয়খনত শিক্ষকতা কৰা হাঁহিমুখীয়া শেৱালী বাইদেউৰ ম্লান মুখখনে সীমাক তেওঁৰ জীৱনত এজাক ধুমুহা পাৰ হৈ যোৱাৰ সম্ভেদ দিলে।