Type Here to Get Search Results !

নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল

অজয় বৰুৱা 


       দুবৰিৰ বুকুত নিয়ৰৰ মুকুতা।"নিয়ৰ"।প্রকৃতিৰ সহজলভ্য উপাদানৰ অন্যতম নিয়ৰৰ টোপাল সৃষ্টিৰ এক ৰহস্যময় আৱৰণ।প্রকৃতিপ্রেমী কবি,গীতিকাৰৰ স ষ্টিশীলতাৰ মধ্যমণি সাতৰঙী নিয়ৰৰ কণিকা।

নিচুকাই আছো প্রতিটো ৰাতিৰ নিস্তব্ধৱতা,
অচিন শিহৰণত পাৰ কৰিছো,
বুকুত ৰুই দিয়া ৰামধেনুৰ আৱেগ,
নিয়মত নচলা কিবা এক আয়োজন
উশাহ নোলোৱাকৈ বুটলি ফুৰিছো,
সেমেকা জোন।
পদূলিৰ পৰা খোঁচৰি আনিছো
আঙুলিত পিন্ধাবলৈ নিয়ৰৰ আঙুঠি।
    ৠতুৱে সাজ সলায়।প্রকৃতিয়ে ৰূপ সলায়।বর্ষাত ফেনেফোটোকাৰে ওফন্দি থাকে নদ- নদীৰ বুকু।দুয়োকূল পলসুৱা কৰি থৈ যায় আৰু তাত জাতিস্কাৰহয় শুভ্র কোমল কহুৱা ফুল।নিশা নিশা শেৱালি ফুলে।চৌদিশ সুবাসেৰে ভৰি পৰে।ৰাতিপুৱাৰ কোমল ৰ'দ পৰি ঘাঁহ বনৰ আগত জিলমিলাই,তিৰবিৰাই জিলিকি থাকে মুকুতামণি।নিয়ৰৰ কণ কণ কণিকা।এই কণিকাবোৰে অহমিকাশূণ্য, নি:স্বার্থ,সম্পূর্ণ বন্ধযুক্ত আদিক প্রতিনিধিত্ব কৰে।আৱির্ভাৱ,বিলয় আৰু  পুনৰু,,,নৰ এক বাস্তৱ চিত্রক প্রদর্শন কৰে।নিতৌ ৰাতিপুৱা এই কণিকাবোৰে প্রকৃতিৰ নীতি-নিয়মৰ স'তে বিভেদহীন আপোচ কৰে যেন বাস্তৱক সহজভাৱে গ্রহণ কৰিবলৈ আত্মসহিষ্ণুতাৰে এক জলন্ত নিদর্শন।
*লোকবিশ্বাসত নিয়ৰ*
      নিয়ৰ বহু জনগোষ্ঠীৰ লোকগাথাত,ধর্মত,বিশ্বাসত এক উপাদান।পুৱাৰ ৰ'দৰ তাপত নিজকে লাহে লাহে বিলীন কৰি দিয়া নিয়ৰৰ টোপালে প্রতিৰোধৰ মনোভাৱহীন চৰিত্রক সূচায়।বৌদ্ধধর্মত নিয়ৰৰ চৰিত্রক জীৱনৰ স্বল্প স্থায়িত্বৰ প্রতীক হিচাপে ,হিন্দুধর্মত মৃতকৰ অস্তি সংগ্রহ কৰাৰ পাছত নিয়ৰৰ টোপালেৰে শীতল কৰা লোকাচাৰ আছে।প্রাচীন ভেষজ শাস্ত্র, বিকল্প চিকিৎসা,চকুত দিয়া,চুলিৰ ঔষধ,ঔষধ প্রস্তুত আদিত বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে।মেক্সিকোৰ সুপ্রাচীন "এজটেক" সভ্যতাৰ লোকসকলে পিনী লগা অসুখত নাসাৰন্ধত নিয়ৰৰ টোপাল দিলে পানী লগা উপশম হয় বুলি বিশ্বাস কৰিছিল।ইজিপ্তত পৰম্পৰাগত ঔষধ হিচাপে হোমীঅ'পেথিক চিকিৎসাত Dr Rdesrd Bach  এ ব্যৱহাৰ কৰিছিল।গ্রীক পৌৰানিক কাহিনীত এৰছাখ(  Ersa) নিয়ৰৰ দেৱী বুলি বিশ্বাস কৰিছিল।
*বিজ্ঞানৰ দৃষ্টিত নিয়ৰ*
   পানী হ'ল নিয়ৰৰ প্রকৃতি প্রদত্ত উৎস।পানীৰ বাষ্প বায়ুমণ্ডলৰ গেছীয় পদার্থৰ লগত মিহলি হৈ থাকে ।নিদিষ্ট আয়তনৰ বায়ুৱে সর্বোচ্চ যি পৰিমানৰ জলীয় বাষ্প গ্রহণ কৰিব পাৰে সেই পৰিমিনে থাকিলে সেই বায়ুক সংপৃক্ত বায়ু বোলে।বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা উষ্ণতাৰ ওপৰত নির্ভৰশীল।উষ্ণতা বৃদ্ধিৰ লগে লগে বায়ুৰ এই ধাৰণ ক্ষমতাও বাঢ়ি যায় ।সেয়ে কোনো সংপৃক্ত বায়ুৰ উষ্ণতা বৃদ্ধি কৰিলে বায়ু অসংপৃক্ত হৈ পৰে।বিপৰীত ক্রমে কোনো অসংপৃক্ত বায়ুৰ উষ্ণতা হ্রাস কৰিলে এক নিম্ন উষ্ণতাত তেনে বায়ু জলীয় বাষ্পৰ দ্বাৰা সংপৃক্ত হৈ পৰে।যি উষ্ণতালৈ হ্রাস কৰিলে অসংপৃক্ত বায়ু তাত থকা জলীয় বাষ্পৰ দ্বাৰাই সংপৃক্ত হৈ পৰে সেই উষ্ণতাক শিশিৰাংখ (dew point) বোলে।কোনো নিদিষ্ট আয়তনৰ বায়ুত যিমান পৰিমিনৰ জলীয় বাস্প তাৰ মানক পৰম আর্দ্রতা বোলে।এনে জলীয় বাস্পৰ পৰিমাণ আৰু সেই একে চাপ আৰু উষ্ণতাত একেখিনি বায়ু সংপৃক্ত হ'ব পৰা জলীয় বাস্পৰ পৰিমিনৰ অনুপাতক আপেক্ষিক আর্দ্রতা বোলে।উষ্ণতা হ্রাসৰ লগে লগে বায়ুৰ আপেক্ষিক আর্দ্রতা বৃদ্ধি হয়।সংপৃক্ত বায়ুৰ উষ্ণতা হ্রাস কৰিলে বায়ুৰ জলীয় ভাপ ধাৰণ ক্ষমতা কমি যোৱাৰ বাবে অতিৰিক্ত বায়ুভাগ এৰি দিয়ে।এই অতিৰিক্ত বাষ্প‌ই তাপ বর্জন কৰি ঘণীভূত হৈ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়।পানীক বাস্পলৈ ৰূপান্তৰ কৰিবলৈ যি তাপৰ আৱশ্যক হয় ঘনীভৱনৰ সময়ত সেই তাপ কণিকাবোৰে বর্জন কৰে।এয়াই হ'ল নিয়ৰ