Type Here to Get Search Results !

বিনন্দীয়া শৰৎ

 ৰেখাজ্যোতি বৰুৱা




           "জীৱতু শৰদ: শতম্ " অৰ্থাৎ এশটা শৰৎ জীয়াই থাকা বা "এশটা শৰতৰ সৌন্দৰ্য্য উপভোগ কৰা"।বয়োজেষ্ঠজনে আশীৰ্বাদ দি এনেদৰে কয়।কাৰণ শৰৎ কালৰ যি মনোমোহা সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিবলৈ কাৰনো মন নাযায়!বছৰৰ ভিন্ ভিন্ সময়ত ছয়টা ঋতু আহে । এই ছয় ঋতুৰ ভিতৰত মোৰ  সবাতোকৈ প্ৰিয় ঋতু
হৈছে শৰৎ।শৰতেই লৈ আহে অসমৰ বুকুলৈ  আশাৰ বতৰা। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শৰতৰ বৰ্ণনাত কৈছে ,বাৰিষাৰ মেঘাচ্ছন্ন আকাশৰ ক'লীয়া ডাৱৰ শৰৎ অহাৰ লগে লগে আঁতৰি যায় আৰু আকাশ নিৰ্মল হৈ পৰে।বাৰিষা বোকা- পানীৰে পৰিপূৰ্ণ হৈ থকা জলাশয়বোৰত পৰম সংকটত থকা জীৱ জন্তু বোৰৰ ভয় শংকা দূৰ হয়।বাৰিষা বাট-পথত গোট খাই থকা বোকা -আবৰ্জনা শুকাই  বাট-পথ সুগম হৈ পৰে।বাৰিষা নানা ঠাইৰ পৰা বৈ অহা পানীয়ে মলিয়ন কৰা নৈ- বিল,জান-জুৰিৰ পানী নিৰ্মল কৰি তোলে এই শৰতে।
            ভাৰতৰ পূৱ প্ৰান্তৰ দেশ অসম, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ।বছৰৰ ভিন্ ভিন্ সময়ত অসমী আইৰ ৰূপ-লাবণ্য সলনি হয়।ঋতু অনুসৰি প্ৰকৃতিৰ দৈহিক পৰিবৰ্তন ঘটে।ছয় ঋতুৰ ভিতৰত বসন্ত আৰু শৰৎ ঋতুৰ সময় খিনিয়ে আটাইতকৈ ভাল। কাৰণ এই সময়ত বতৰো নাতিশীতোষ্ণ হয়। জাৰেই হওক বা জহেই হওক  এটাৰো প্ৰাৱল্য নাথাকে।বসন্ত ঋতুক কোৱা হয় ঋতুৰাজ বসন্ত আৰু শৰৎ ঋতুক কোৱা হয় ঋতু ৰাণী।আহিন আৰু কাতিমাহৰ সময়খিনি শৰতৰ সময়। এই সময়ত বাৰিষাৰ বোকাপানীৰ পৰা মানুহে পৰিত্ৰাণ পায়।ক'লীয়ামেঘ আঁতৰি আকাশ ফৰকাল হয়  । শুকুলা মেঘবোৰে নীলিম আকাশত আলাসতে দৌৰি ফুৰে। ফৰিংফুটা জোনাক ,তৰাৰ তৰাৱলী ,মৃদুমন্দ বতাহত মন ৰাইজাই কৰে।কিযে বিতোপন শৰতৰ এই নিশা!শৰতৰ পূৰ্ণিমা নিশা স্নিগ্ধ জোৎস্নাত শ্ৰী কৃষ্ণই মধূৰ বংশী ধ্বনিৰে আকৰ্ষিত কৰি  ব্ৰজধামৰ গোপীসকলৰ লগত  ৰাসক্ৰীয়া কৰাৰ কথা সকলোৰে জ্ঞাত।এই শৰতৰ নিশাতেই নাতি-নাতিনীহঁতে চোতালত বহি আইতাকৰ সাধু শুনি আত্মবিভোৰ হয়।
            শৰৎ সৌন্দৰ্যৰ প্ৰতীক।শেৱালি, বকুল ফুলৰ  সুৰভীত চৌপাশ আমোলমোলায়।শৰৎ আৰু শেৱালিৰ মাজত যেন অনন্য সম্পৰ্ক। শেৱালিক বাদ দি শৰতৰ কথা ভাবিব নোৱাৰি আৰু শৰতক বাদ দি শেৱালিৰ কথা ভাবিব নোৱাৰি।শেৱালিয়ে বাট দেখুৱালেহে শৰৎ আহে।নিশাৰ ৰাণী শেৱালি।নিশা ফুলি সুবাস বিলাই,পুৱা হ'লে ই সুৰুযৰ  স্পৰ্শপালেই শেৱালিয়ে মুখ গুজি দুবৰিত পৰি ৰয়।দুবৰি বনত নিয়ৰৰ টোপালবোৰ ৰ'দৰ কিৰণত তিৰবিৰাই উঠে। ইফালে নৈৰ দাঁতিত কহুৱা ফুলে।কহুৱাই হালি-জালি নাচি শৰতক আদৰণি জনায়।কহুৱা,শেৱালিক লৈ কত কবি,গীতিকাৰে
কবিতা,গীত ৰচনা কৰিছে। হ'ব পাৰে শেৱালি ৰাতিৰ ফুল,কহুৱাৰো নাথাকিব পাৰে ব্যৱহাৰিক প্ৰয়োজন অথচ শেৱালি বা কহুৱাক বাদ দি যেন গীত,কবিতা এইবোৰ আধৰুৱা।শেৱালি বিষাদৰ প্ৰতীক হলেও আমাক দি যায় সৃষ্টিশীলতা, শেৱালিৰ সুবাসত যেন প্ৰাণ পাই উঠে এক সম্ভাৱনা। এনেদৰে শৰতে চাৰিওদিশত প্ৰকৃতিৰ ৰূপত জেউতি চৰায়।গৰখীয়া ল'ৰা বোৰে চৰ চাপৰিত গৰু চাৰি , গীত গাই আনন্দ উপভোগ কৰে।
              বাৰিষাৰ অক্লান্ত শ্ৰমৰ পিছত এই সময়ত খেতিয়ক সকলে এই শৰততে জিৰণি লয় আৰু লহপহকৈ বাঢ়ি অহা ধাননি ডৰাই তেওঁ লোকৰ মুখত হাঁহি বিৰিঙাই তোলে।দূৰ দিগন্তলৈ বিয়পি থকা সেউজী ধাননি লাহে লাহে সোণোৱালী হ'বলৈ ধৰে।
              শৰৎ হৈছে উৎসৱৰ ঋতু।শৰৎ কালত দূৰ্গাপূজা উদযাপিত হয়।শৰৎ কালত দূৰ্গাপূজা হয় বাবে ইয়াক শাৰদীয় দূৰ্গাপূজা বোলা হয়।সকলো শক্তিৰ আধাৰ
শক্তিৰূপা ,দূৰ্গতিনাশিনী মা দূৰ্গা ,ধৰাৰ বুকুলৈ নামি আহিসকলো ভ্ৰষ্টাচাৰ,অনাচাৰ,অপশক্তি,দুখ- দৈন্য,অসূয়া নাশ কৰি মানৱৰূপী অসুৰবোৰক বধ কৰি আমাৰ সমাজত শান্তি প্ৰতিষ্ঠা কৰে বুলি সকলোৰে বিশ্বাস। ইয়াৰ উপৰিও কালিপূজা,লক্ষীপূজা,দীপান্বিতা,কাতিবিহু আদি উৎসবো এই সময়তে পালন কৰা হয়।এই উৎসৱ পালনে আমাক একতাৰ এনাজৰীৰে বান্ধ খুৱায় ভাতৃত্বভাৱ গঢ়ি তোলাত সহায় কৰে।
                নীলিম আকাশেদি উৰি যায় শাৰী শাৰী নীড়মুখী শৰালি,চাকৈ চকোৱাৰ জাক।উৰি যোৱা চৰাইৰ কলৰৱ শুনি মন প্ৰাণ শিহৰিত হৈ উঠে। এনেদৰে শৰতৰ আগমনৰ লগে লগে ৰূপহী অসমীৰ অপৰূপা ৰূপে সকলোকে মোহিত কৰে। সেয়েহে কোৱা হয় যে শৰৎ কেৱল এটা ঋতুৱেই নহয়,ই প্ৰকৃতিৰ বুকুত সৌন্দৰ্যৰ আকৰ। ই এক সুখৰ প্ৰতীক ।আমি সকলোৱে বছৰি বছৰি এই শৰতৰ সৌন্দৰ্য্য যেন উপভোগ কৰিব পাৰো।
         সৰ্বশেষত কঁওযে, বিশ্ব মহামাৰী কৰ'ণাৰ ভাইৰাছৰ লগত যুঁজ দিও আহক আৰু নিজৰ লগতে আনকো বচাওক।আমি বাচি থাকিলেহে শৰতৰ এই বিনন্দীয়া ৰূপ  বছৰি বছৰি উপভোগ কৰাৰ সুবিধা পাম।আটাইলৈকে "শাৰদীয় দুৰ্গোৎসৱৰ" শুভেচ্ছা জনাঁলো ।

নুনমাটি