Type Here to Get Search Results !

অসমীয়া জাতীয় সংস্কৃতিত "পীৰা"

 অনামিকা বুঢ়াগোহাঁই ফুকন  

          মানুহে বহিবলৈ সুচল পোৱা কাঠৰ সাধাৰণ আসনকে পীৰা বোলা হয়।মানুহৰ ক্ষেত্ৰত অংগৰ নাম তপিনা হলেও তপিনা থবলৈ সুচলযুক্ত যতনটিক পীৰা বোলাটো লোক বুৎপত্তিৰ ফালৰপৰা সিদ্ধ কথা।আকৌ ঘৰৰ ভেটিৰ চাৰিওফাল পানীপোতাৰ নিচেই কাষৰ অঞ্চলক "পিৰালি"বুলি কোৱা হয়।অৰ্থাৎ ভেটিৰ ওপৰত মূল ঘৰটোৰ উপৰিষ্ট হৈ থকা অৱস্থাটোক পীৰাৰ ওপৰত বহি থাকোঁতে মানুহৰ তপিনাই নঢকা অংশ যেন জ্ঞান কৰি সেই ঠাইখিনিৰ নামাকৰণ কৰা হল'পিৰালি'(পিৰা+আলি=পীৰাৰে আগুৰা হ্মেত্ৰ)।অসমীয়া জনজাতীয় সংস্কৃতিত পীৰাৰ ব্যৱহাৰ সৰ্বত্ৰতে আছিল আৰু এতিয়াও বহু হ্মেত্ৰত আছে।তেওঁ লোকে পীৰাত বহি বা আনক বহুৱাই আজিকালিৰ দৰে সন্মান লাঘৱ হোৱা যেন বোধ কৰা নাছিল।পীৰা কেইবাপ্ৰকাৰৰ আছে।বৰপীৰা, তামুলী-পীৰা, ডুখৰি পীৰা, চাকলি পীৰা আৰু চালপীৰা।চালপীৰা আকৌ কুন্দত কটা খুৰা লগোৱা আহল বহল শুব পৰা বিধৰ পীৰা।অসমীয়া লোক -বিশ্বাস মতে শিশু জন্ম হোৱাৰ পাছত নাৰি সৰিলে বাহিৰলৈ ওলিয়াই।এই কাৰ্য্যতো পীৰাৰ প্ৰয়োজন।পীৰা এখনত ন গামোচা পাৰি কেচুৱাটিক গা-পা ধুৱাই, ন সাজ পিন্ধাই মাকে কোচঁত লৈ গোপিনী সকলৰ আশীৰ্বাদ লৈ' সূৰ্য দৰ্শন'কৰাই পীৰাখনত শুৱাই থয়।তাৰ পাছত 'জলভয়' 'অগ্নিভয়'দূৰ কৰাই পীৰাত শুৱাই ৰখা কেচুঁৱাটোৰ ভৰিৰ তলেদি বগৰী জেং তিনিবাৰ সৰকাই জীৱন পথ নিস্কন্টক কৰাৰ লোকাচাৰ আছে।'নোৱাই-তোলনি বিয়া'পৰ্ব সমুহতো পীৰাৰ প্ৰয়োজন হয়।প্ৰথম ঋতুমতী হোৱা ছোৱালীক খাৰণীৰে মূৰ ধুৱাই, মাহ -হালধিৰে সাত কলহ পানী ঢালি গা ধুৱাবলৈ বেইৰ তলত তামুলী পীৰা পাৰি লোৱাৰ নিয়ম। বৰ বিয়াতো  জোৰোণৰ দিনাও চাৰি জোপা কলপুলিৰে সজা বেইত মাকে সাতবাৰ প্ৰদহ্মিণ কৰাই ভিতৰৰ চামৰ পীৰাত পূবমুৱাকৈ কইনাক বহুউৱাৰ নিয়ম।বহোঁতে পীৰাৰ কাষৰ আগলি কলপাত এখিলাত খেৰৰ জুমূঠি দুটা, শিলগুটি এটাত ভৰি দিহে পীৰাত বহাৰ নিয়ম;   তাই পাছতহে মাহ -হালধিৰে নোওৱা-ধুওৱা কৰা হয়।দৈয়ন দিওঁতেও শোৱা-কোঠাৰ দুৱাৰমুখতে পীৰা এখনত বহুৱাই কইনাক পানেৰে দৈ সানি ৰং-ৰগৰ কৰা হয়।

        অসমীয়া পৰিয়ালত দৈনন্দিন ভোজন পৰ্বতো ঘৰৰ মুৰব্বীয়ে বৰপীৰাত আৰু অন্যান্য সকলে চাপৰ পীৰাত বহিহে ভাত খোৱাৰ নিয়ম। অৱশ্যে শ্ৰাদ্ধ নোযোৱালৈকে মুখাগ্নি কৰা ব্যক্তিয়ে একবস্ত্ৰেৰে থাকোঁতে পীৰা বা তেনেজাতীয় আসনত বহা নিষেধ।ঘৰত সন্মান আৰু বয়স ভেদে বিভিন্ন জনৰ বাবে বহুতো পীৰা থাকে। ডাঙৰে বৰপীৰাত সৰুৱে  বহা গহিত কাৰ্য্য বুলি গণ্য কৰা হয় আৰু কেনেবাকৈ তেনেপীৰাত ভৰি লাগিলেও হাতেৰে পীৰাখনক সেৱা কৰাৰ নিয়ম।আনকি মৃত্যুৰ পাছতো মান্যজনে বহা পীৰাক আনে ব্যৱহাৰ নকৰি মৃতকৰ লগতে শ্চশানত নি ভাঙি পেলাই দিয়া হয় নতুবা জ্বলাই পেলোৱা হয়।ৰাখিব লাগিলেও তেনে পীৰাক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰি বছৰেকত এবাৰ সন্মান প্ৰদৰ্শন কৰা হয়।
        যিকোনো বিধৰ বহি কৰিব লগা কামৰ সময়ত, ৰাজহুৱা ভোজ বা পূজা-পাতল নতুবা মন্ত্ৰেৰে জৰা-ফুকা কৰাৰ সময়ত পীৰাত বহি সেই কাম সম্পাদন কৰা হয়।মানুহৰ বিশ্বাস যে পীৰাত বহিলে গালৈ বল আহে আৰু অপদেৱতাই একো হ্মতি কৰিব নোৱাৰে। 
       জনজাতীয় নাৰীসকলেও পীৰাখন দৈনন্দিন জীৱনৰ বিভিন্ন কামৰ আহিলা হিচাপে ব্যৱহাৰ কৰে।টাকুৰীৰে সূতা কাটোতে, যঁতৰত মহুৰা ফুৰাওঁতে,কঁকালত বান্ধি বেংশালত তাত বওঁতে ৰন্ধা-বঢ়া কৰোঁতে, কেচূঁৱাক কোলাত লৈ পিয়াহ খুৱাওঁতে,মাছ-শাক বাছোঁতে,পীৰাত বহি ললে সুবিধা হয়। অৱশ্যে পুৰুষৰ পীৰাত বঢ়া ঢং আৰু নাৰীৰ বহা  ঢংৰ মাজত সামান্য পাৰ্থক্য আছে।ভৈয়ামৰ কেতবোৰ আৰ্য্য ধ্যান-ধাৰণাৰে পৰিপুষ্ট জনজাতীয় তিৰোতাই স্বামীৰ বা গুৰুজনৰ উপস্থিতিত পীৰা বা তেনে ওখ আসনত বহিবলৈ সংকোচ বোধ কৰে। 
      পীৰাৰ ব্যৱহাৰ সম্পৰ্কে কেতবোৰ নীতি-নিয়মো আছে ।প্ৰায়বোৰ জনজাতীয় লোকৰ মাজতে দেখা যায় যে-আলহী অহা মাত্ৰেই ঠাই এডোখৰ সৰা-পোচা কৰি পীৰা এখন পাৰি বহুৱাই তামোলৰ বটা আগবঢ়াই দিয়াৰ পাছতহে খা-খবৰ লোৱাৰ নিয়ম।আলহীজনেও উঠি আহোঁতে বহা পীৰাখন সামান্যভাৱে হলেও স্থানান্তৰ কৰি থৈ আহে আৰু গৃহিণীয়ে সেই পীৰাখন ঘৰৰ বেৰত একাষৰীয়াকৈ আউজাই থৈ দিয়ে।বিনা কাৰণত পীৰা পাৰি থোৱা নহয়, বিশেষকৈ ৰাতিৰ সময়ছোৱাত ।তেওঁলোকৰ বিশ্বাস- ৰাতি পীৰা পাৰি থলে ভূতে পাৰি থোৱা পীৰাত বহি হেনো মেল চপায়। এনে মেল গৃহস্থৰ বাবে অমংগলজনক।
        ৰাজতন্ত্ৰত প্ৰজাবৰ্গৰ বৰণীয় নৃপতিৰ সিংহাসন একোখনৰ মৰ্য্যাদা যেনে,জনজাতীয় সমাজতন্ত্ৰত গাঁও এখনৰ সৰ্বেসৰ্বা গাওঁবুঢ়াৰ পীৰা একোখনৰ মৰ্য্যদাও তেনে।আনকি ৰভা,তিৱা,কাৰবি আদি লোকৰ ৰাজহুৱা সভাত প্ৰতিজন বিষয়ববীয়াৰ বাবে একো একোখন স্থায়ী আসন (শিলৰ পীৰা) আচুতীয়াকৈ সংৰহ্মিত কৰি ৰখা হৈছিল।এইবোৰ আসন উত্তৰাধিকাৰী সূত্ৰে পুত্ৰ-পৌত্ৰাদিক্ৰমে ভোগ কৰিব পাৰিছিল।তিৱাসকলৰ গোভাৰজাৰ দিনৰ তেনে শিলৰ আসন জাগিৰোড-নগাঁও পথৰ দাঁতিতে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্ধাৰা শিলচাঙত সংৰক্ষণ কৰি থোৱা আছে।ৰাভাসকলৰ দদান ৰজাৰ দিনত প্ৰতিস্থিত'বায়থো জিব্ৰা' পূজাৰ পুৰুহিতসকলৰ স্থায়ী শিলৰ আসন বৰ্তমানৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফেডাৰ-ডোবাৰ ওচৰৰ ধনৰাই-চিদৰাই নিজৰাৰ সংগমস্থলত উপযুক্ত সংৰহ্মণৰ অভাৱত মাটিত পোত খাই যোৱা অৱস্থাত পৰি আছে।
         কাৰ্বি সকলৰ ৰজা লিংদক প'ৰ ৰাজসিংসাহন-ৰেচ 'ইংহয় এতিয়াও কাৰ্বি আংলং জিলাৰ হামৰেণৰ নাতি দূৰত নিজ ৰংখাং নামৰ ঠাইত দেখিবলৈ পোৱা যায়।জনজাতীয় লোকৰ উমৈহতীয়া মঞ্চ ডেকাচাংত বিভিন্ন বিষয়বাব বা তদাৰকীৰ কাৰণে আচুতীয়াকৈ কাঠৰ আসন পাৰি থোৱা আছে। এনেভাৱে সুৰক্ষিত আসনক অৱমানা কৰাটোৱে সেই আসনৰ অধিকাৰীজনক অৱমাননা কৰা সূচায়।কেনেবাকৈ দোষ কৰিলে উপযুক্ত বিচাৰসহ ন্যায়-অন্যায়ৰ জনমত আহ্বান কৰা হয়।দোষী সাব্যস্ত হলে শাস্তি স্বৰূপে তেওঁ বহা আসন(পীৰা)স্থানান্তৰ কৰি ৰখা হয়।সেয়ে পীৰাৰ মৰ্য্যদা অটুট ৰাখিবলৈ আটায়ে যৎপৰোনাস্তি চেষ্টা কৰে।এই পদ্ধতিটো গণতান্ত্ৰিক দেশৰ ৰাজ্যসভা বা বিধান সভাৰ একোখনকৈ আসনৰ নিচিনা।সেয়ে জনজাতীয় পৰিভাষাত এনে গাদীক 'পীৰা' বুলিও কোৱা হয়।জনজাতীয় সকলৰ মেজিক ধৰ্মীয় লোকানুষ্ঠানত পীৰাৰ ভূমিকা মন কৰিবলগীয়া।মিছিং সকলৰ দৰাৰ ঘৰত প্ৰবেশ কৰা মাত্ৰকে কইনাক দুটা তামোল-পাণ গচকাই,নতুন পীৰাৰ ওপৰত পাতি থোৱা জখলাৰে চাঙলৈ তুলি আদৰাৰ নিয়ম।এনে কৰিলেহে দৰাঘৰৰ কুলদেৱতাই কইনাক নিজৰ মাজত সুমুৱাই লয়।অন্যথা কইনাটি পিতৃ কুলতে থাকি যায় আৰু দৰাৰ কুলদেৱতাই তেনে কইনাক বাহিৰালোক বুলি জ্ঞান কৰে।ইয়াকে বংশ বা জাতলৈ তোলাও বোলা হয়। পাতিৰাভা সকলৰ মাজত বিবাহৰ দিনাখন দৰা- কইনাক পীৰা এডোখৰ বোকোচাত লবলৈ দিয়া হয় ।বিশ্বাস--এনে কৰিলেহে কইনা সন্তানৱতী হয়।বড়োসকলৰ লোকবিশ্বাস আছে যে বৰদৈচিলা বছৰেকত বিহুৰ আগে আগে মাকৰ ঘৰলৈ হুৰমূৰকৈ আহে;ফলত ডাঙৰ ধুমুহা-বৰষুণ হয়।ধুমুহা বৰষুণে যাতে ঘৰ-দুৱাৰ উৰুৱাই লৈ নাযায় তাৰ বাবে বড়োসকলে চোতালত পীৰা পাৰি গায়- (অসমীয়া ৰূপান্তৰ) পীৰা দিছো,ধপাত দিছোঁ, তামোল-পাণ দিছোঁ, তাঁতৰ ছিৰি দিছো, পীৰাত বহি ধপাত অকণ হুপি যাবিহঁক।তিৱাসকলৰ বৰত উৎসৱত(কুমাৰী পূজা) 'সুংগৰি' বোলা চাম কাঠৰ ফুলাম পীৰাক ব্ৰতেশ্বৰীয়ে(বৰতানী)
আৰম্বৰৰ মাজেদি মূৰত তুলি আনি ৰভাতলিত আগলি কলপাতত প্ৰতিষ্ঠা কৰে আৰু পূজা কৰে।ব্ৰত ভঙাৰ লগে লগে ব্ৰতেশ্বৰী কেউজনীয়ে মিঠাতেলেৰে ঘঁহি ৰখা সুংগৰি পীৰাখন টনা-আঁজোৰা কৰে।যি গৰাকী জিকে তেঁৱেই সৌভাগ্যৱতী বুলি বিশ্বাস কৰা হয়।ইয়াকে পীৰা -যুঁজ বোলা হয়।মুঠতে পীৰাৰ প্ৰচলন জনজাতীয় সমাজত ইমানেই বেছি যে 'বহিবলৈ পীৰা নিদিয়া'কথাষাৰ এগৰাকী মহাশত্ৰুকহে বুজায়। সেইদৰে সমাজচ্যুত কৰা কামটোক 'পীৰা বৰ্জন'কৰা বুলিহে কোৱা হয়।