Type Here to Get Search Results !

অৰুনাচলত শিক্ষাৰ পোহৰ পেলোৱা ইন্দিৰা মিৰিৰ কথাৰে

 দীপশিখা চলিহা



           ন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ,বিদূষী মহিলা। তেওঁ আছিল অসমৰ প্ৰথম চীফ কনজাৰভেটৰ মহীচন্দ্ৰ মিৰিৰ পত্নী।ইন্দিৰা মিৰিৰ জন্ম হৈছিল ১৯১০ চনত শিৱসাগৰ জিলাৰ অৰ্জুনগুড়ি গাঁৱত।তেওঁৰ পিতৃ আছিল স্বৰ্গীয় সোণাধৰ সেনাপতি।পিছলৈ  শ্বিলঙত ঘৰ কৰা সোণাধৰ সেনাপতিলৈ বৃটিছে ৰায়বাহাদূৰ পদো আগবঢ়াইছিল।ইন্দিৰা মিৰিৰ শৈশৱ কালৰ নাম আছিল মেৰেং।

        ইন্দিৰা মিৰিৰ পিতৃয়ে নিজৰ ছোৱালীক ল'ৰাৰ সমানে শিক্ষা দিব বিচাৰিছিল।সেয়ে পিতৃয়ে ইন্দিৰা মিৰিক কলিকতাৰ মেথুন হাইস্কুলত নামভৰ্তি কৰাই দিয়ে।তাৰ পিছত ক্ৰমে ১৯৩২ চনত তেওঁ স্কৰ্টিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১৯৪৫ চনত ইন্দিৰা মিৰিয়ে এ'ডিনবাৰ্গ বিশ্ববিদ্যালয়ত বি. এড পঢ়িবলৈ যুক্তৰাষ্টলৈ যাত্ৰা কৰে।তাৰ পিছত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত শিক্ষকসকলৰ প্ৰশিক্ষণ বিষয়ক পাঠ্যক্ৰম এটা গ্ৰহন কৰে।

ইয়াৰ পিছতে আৰম্ভ হয় ইন্দিৰা মিৰিৰ কৰ্ম জীৱন।তেওঁ ১৯৪৭ চনত ভাৰতলৈ ঘূৰি আহে।তাৰ পিছতে ভাৰত চৰকাৰে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি (চমুকৈ নেফা)য়ে জনজাতীয় তথা ভিতৰুৱা অঞ্চলৰ লোকসকলৰ শিক্ষাৰ উন্নতিৰ বাবে মিৰিক শিক্ষা বিষয়া হিচাপে নিযুক্তি দিয়ে।১৯৪৭ চনৰ অক্টোবৰ মাহত শদিয়ালৈ গৈ তাত শিক্ষা কেন্দ্ৰ স্থাপন কৰি দুৰ্গম বহু অঞ্চলত বিদ্যালয় স্থাপনত নেতৃত্ব লৈ কৰ্মজীৱন আৰম্ভ কৰে।সেইসময়ত তেওঁ বিধবা হৈও সাহসেৰে পাহাৰীয়া দুৰ্গম ঠাইবোৰলৈ গৈ কাম কৰা বাবে সকলোৰে প্ৰিয়পাত্ৰও হৈ পৰে। বহু সময়ত পাহাৰীয়া যাতায়তৰ সুবিধা নথকা ভিতৰুৱা বহু ঠাইলৈ তেওঁৰ দৰে বিধবা এগৰাকীয়ে হাতীৰ পিঠিত উঠি গৈও গাঁওবাসীৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে বাহ,বেত কাটি বিদ্যালয় স্থাপন কৰি শিক্ষাৰ পোহৰ বিয়পাবলৈ তেওঁ কৰা প্ৰচেষ্টা ইতিহাসতে বিৰল ঘটনা। দহ বছৰীয়া এই কাৰ্যকালত তেওঁ কেইবাশখন বিদ্যালয় প্ৰতিষ্ঠা কৰে বুলি জনা যায়। পিছলৈ,হঠাৎ নেফাৰ এই বিদ্যালয় সমূহত অযথা অসমীয়াৰ পৰিবৰ্তে (নেফাৰ মানুহে অসমীয়া ভাষা কবলৈ আৰু পঢ়িবলৈ আগ্ৰহ কৰা স্বত্তেও)হিন্দি ভাষা জাপি দি শিক্ষাৰ মাধ্যম হিন্দি কৰাত নেফাৰ নেফাৰ প্ৰশাসনক তেওঁ এই কথা কোৱাত একো ব্যৱস্থা নোলোৱাত চাকৰি এৰিছিল বুলি জনা যায়।তাৰ পিছত যোৰহাটৰ বিটি কলেজত অধ্যক্ষ হিচাপে যোগদান কৰে।১৯৬৮ চনত তাৰপৰা অৱসৰ গ্ৰহন কৰি গুৱাহাটীলৈ ঘূৰি আহে।এনেকুৱা বহুতো সোনালী কৰ্মৰে শিক্ষাৰ দিশ উজ্বলাই তুলিছিল এইগৰাকী অসম কন্যাই।

        ইন্দিৰা মিৰিয়ে বৈবাহিক জীৱন পাৰ কৰে মহীচন্দ্ৰ মিৰিৰ লগত।১৯৩২ চনত তেওঁ মিচিং সম্প্ৰদায়ৰে মহীচন্দ্ৰ মিৰিৰ লগত তেওঁৰ বিবাহ হয়। কাজিৰঙাত কৰ্মৰত অৱস্থাতৰ পিছত গোলাঘাটলৈ বদলি হয় স্বামীৰ ।উক্ত সময়তে ভয়ংকৰ ক'লাজ্বৰত মৃত্যু হয় তেখেতৰ । তেওঁলোকৰ সন্তান উৎপল মিৰি আৰু মৃণাল মিৰিৰ।কম বয়সতে বিধৱা হয় যদিও উদ্যম হেৰুৱা নাছিল ইন্দিৰা মিৰিয়ে।নীহকুলত জন্ম হৈ সমাজৰ উচ্চস্তৰত অৱতীৰ্ণ হোৱা সোণাধৰ সেনাপতিয়ে কৈছিল জীয়ৰী ইন্দিৰাক "মই জাতত মজিছোঁ,তহত জাতত নমজিবি'।ইন্দিৰা মিৰিয়ে উপলব্ধি কৰিছিল,শিক্ষা এনে এক পবিত্ৰ অলংকাৰ,যি অনুভৱ কৰিবলৈ নিদিয়ে জাত-বৰ্ণৰ উচ্চ-নীচ।এইগৰাকী শিক্ষাবিদ ইন্দিৰা মিৰিলৈ পদ্মশ্ৰী বঁটা আৰু শংকৰদেৱ বঁটা প্ৰদান কৰা হয়। খ্যাতনামা বিদূষী মহিলা ইন্দিৰা মিৰিয়ে ২০০৪ চনৰ ৫ চেপ্তেম্বৰৰ ৯৪ বছৰ বয়সত মৃত্যুবৰন কৰে